অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দুহেজাৰ বিঘা বালিচৰত তৰমুজ খেতিৰে শতাধিক পৰিয়ালৰ সেউজ বিপ্লৱ :

দুহেজাৰ বিঘা বালিচৰত তৰমুজ খেতিৰে শতাধিক পৰিয়ালৰ সেউজ বিপ্লৱ :

 

ভাৰত ভুটান সীমান্তৰ পাদ অঞ্চলৰ পৰা বৈ যোৱা সুঁতিটোৱে ক্ৰমাৎ চিৰাং জিলা আৰু বঙাইগাওঁ জিলাৰ মাজেৰে বৈ গৈ বৰপেটা জিলাত বেঁকী নৈত বিলীন হোৱা নদীখনেই হৈছে আই নদী এই আই নদীখনে বিশাল ৰুপ লৈ বিশেষকৈ বঙাইগাওঁ জিলাৰ বৃহৎ অংশৰ মাজেৰে বৈ গৈছে। আই নদী প্ৰতি বছৰে বাৰিষাৰ সময়ত সমগ্ৰ নৈপৰীয়া অঞ্চলত হৈ পৰে আতংক আৰু দুৰ্দশাৰ কাৰক। বাৰিষাত কালৰুপ ধৰি হাজাৰ হাজাৰ বিঘা শস্যভুমি, ঘৰ-দুৱাৰ সা –সম্পত্তি ধ্বংসৰ গৰাহলৈ ঠেলি দিয়াৰ লগতে মানুহৰ জীৱন-হানি, পশুধনৰ মৃত্যু হোৱা পৰিলক্ষিত হয়। আনহাতে, খৰালিত হৈ পৰে একেবাৰে শান্ত যাৰ বুকুয়েদি মানুহে খোজকাঢ়ি পাৰ হৈ যাব পাৰে। এইদৰে বছৰ বছৰ ধৰি বৈ যোৱা আই নদীখনে যেনেদৰে নৈপৰীয়া লোকৰ বাবে এক অভিশাপ, সেইদৰে আকৌ খৰালিত হৈ পৰে আশীৰ্বাদ। যাৰ ফলস্বৰুপে হাজাৰ হাজাৰ লোকৰ বাবে হৈ পৰে জীৱন আৰু জীৱিকাৰ মুল ৰেখা। উদাহৰণস্বৰুপে চিৰাং আৰু বঙাইগাওঁ জিলাৰ মাজেৰে বৈ যোৱা আই নদীখনৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা দলংখনৰ দক্ষিণ দিশৰ দৃশ্যই মানুহক আকৰ্ষিত কৰে। দলংখনৰ দক্ষিণ দিশে আই নদীৰ শুকান বালিচৰত সেই অঞ্চলৰ বাসিন্দাই পাইছে জীৱিকাৰ মসৃণ সোৱাদ। প্ৰায় দুহেজাৰ বিঘা বালিচৰত শতাধিক পৰিয়ালে বালিচৰত তৰমুজ খেতিৰে এক সেউজ বিপ্লৱৰ সুচনা কৰাৰ লগতে আন বহু কৃষকৰ বাবে হৈ পৰিছে আদৰ্শৰ উৎস।

তৰমুজ খেতিয়কসকলে জনোৱা মতে, এইখেতি পুহ-মাঘত প্ৰস্তুতি লৈ চ’ত-বহাগত শেষ হয়। প্ৰতিবিঘা বালিত ৫০/৬০ ডাল তৰমুজ গছ ৰুব পাৰি। প্ৰতিডাল গছত ৬০/৭০ কি: গ্ৰাম তৰমুজ উৎপাদন হয়। এইদৰে শতাধিক পৰিয়ালে দুহেজাৰ বিঘা বালিচৰত তৰমুজ খেতিৰে এক কৃষি বিপ্লৱৰ সৃষ্টি কৰি এক কৃষি উদ্যোগলৈ পৰিৱৰ্তন কৰিছে। খৰালিত এই তৰমুজ খেতিৰ উৎপাদনৰ জৰিয়তে অৰ্থনৈতিকভাৱে উদগনি পাইছে। এই তৰমুজ সমগ্ৰ নামনি অসম, মধ্য অসমলৈ ৰপ্তানি কৰি বৃহৎ বজাৰ গঢ় লৈ উঠিছে আই নদীৰ দলঙৰ দুয়োপাৰে। এইদৰেই এই সময়ত আই নদী হৈ পৰিছে এই নৈপৰীয়া বাসিন্দাৰ বাবে এক আশীৰ্বাদ স্বৰুপ তথা জীৱন ৰেখা। তদুপৰি, আই নদীৰ লগত বহু পৰিয়ালে শিল, বালি মহলৰ লগত জড়িত হোৱাৰ লগতে বহুতেই মৎস্য চিকাৰ কামত নিয়োজিত হৈ জীৱিকা লাভ কৰিছে। সেয়েহে, আইনদী বাৰিষাত যিদৰে হৈ পৰে অ ভিশাপ, সেইদৰেই খৰালিত হৈ পৰে আশীৰ্বাদ স্বৰুপ।

উৎস: দৈনিক জনমভুমি

শেহতীয়া উন্নীতকৰণ: : 2/2/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate