অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দৰঙীয়া মীনপালকৰ অনুকৰণীয় নাম

দৰঙীয়া মীনপালকৰ অনুকৰণীয় নাম

 

দৰ্ং জিলাৰ ২ ন্ং বাহাঝাৰ গাঁৱৰ শিক্ষিত যুৱক শ্বেখ আব্দুলাই মীন পালনেৰে অনুকৰণীয় চানেকি দাঙি ধৰিবলৈ সক্ষম হৈছে।দলগাওঁ অঞ্চলৰ অতি ভিতৰুৱা তথা আহুকলীয়া অঞ্চলৰ স্নাতকোত্তৰ যুৱকজনৰ কাম-কাজৰ সফলতাৰ বাতৰিয়ে ৰাজ্যৰ নীল বিপ্লৱৰ নিৰৱচ্ছিন্ন যাত্ৰাপথক আৰু আধিক সমৃদ্ধ কৰি শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে কঢ়িয়াই আনিছে আশাৰ ৰেঙণি।ডেৰকুৰি বসন্ত গৰকা চফল ডেকাজনে মীন পালনৰ জৰিয়তে নিজে স্বাৱলম্বী হোৱাৰ উপৰি এই দিশত এক ইতিবাচক বাতাৱৰণ সৃষ্টি কৰাত সফল হৈছে।প্ৰমাণ কৰি দিছে যে নিষ্ঠা,সততা,দুৰন্ত ইচ্ছাশক্তি,কৰ্মোদ্যম আৰু প্ৰবল অভিলাস থাকিলে প্ৰাপ্তিৰ পথত একোৱেই হেঙাৰ হ’ব নোৱাৰে।কিয়নো,সংমিশ্ৰিত মীন পালন অৰ্থাৎ মোৱা মাছৰ উপৰি কেৱল চহৰকেন্দ্ৰিক ব্যৱসায় বুলি সততে চিহ্নিত আলংকৰিক মৎস্য পালন আৰু প্ৰজননৰ ক্ষেত্ৰতো তেওঁ সফলতা অৰ্জন কৰিছে ৰহাঝাৰৰ দৰে ভিতৰুৱা গাঁৱত।‘এমপেডা’ৰ আৰ্থিক সহযোগিতা আৰু মীন বিভাগৰ কাৰিকৰী সহযোগিতাত ভাতৃ আমিৰ হামজাৰ লগ লাগি ঘৰতে স্থাপন কৰিছে আলংকৰিক মৎস্য পালন আৰু প্ৰজনন পাম।সকলো প্ৰতিবন্ধকতাক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি বিদেশী মুলৰ আলংকৰিক মাছসমুহৰ লগতে থলুৱা বিভিন্ন প্ৰজাতিৰ আলংকৰিক মাছৰ প্ৰজনন,পালন আৰু বিপণন কৰি আছে ভাতৃদ্বয়ে।কেইবাবিধো আন্ত:ৰাষ্ট্ৰীয় বজাৰত উচ্চ চাহিদাসম্পন্ন থলুৱা আলংকৰিক মাছৰ প্ৰজনন সৰলীকৃত আৰু মানকৃত কৰিবলৈ নিৰন্তৰ পৰীক্ষা-নিৰীক্ষাৰে প্ৰয়াস অব্যাহত ৰাখিছে তেওঁলোকে।তাৰ ভিতৰত বিদেশৰ বজাৰত উচ্চ চাহিদাসম্পন্ন গৰকা চেং বা channa barca অন্যতম।সফলতাও আহিছে আশাতীতভাৱে।পালন আৰু প্ৰজননৰ উপৰি একুৱাৰিয়াম নিৰ্মাণ কৰি বিক্ৰীও কৰে ভাতৃদ্বয়ে।তেওঁলোকৰ একুৱাৰিয়াম টংলা,ঢেকিয়াজুলি,ৰৌতা,ওৰাং আদি বজাৰলৈ যায়।ভাতৃদ্বয়ে জনোৱা মৰ্মে,আগেয়ে একুৱাৰিয়ামৰ চাহিদা বা জনপ্ৰিয়তা গ্ৰামাঞ্চলত একেবাৰে নাছিল।শেহতীয়াকৈ একুৱাৰিয়ামৰ চাহিদা ভিতৰুৱা গ্ৰামাঞ্চলতো বৃদ্ধি পাইছে।আলংকৰিক মৎস্য বিশেষজ্ঞ ড° সঞ্জয় শৰ্মায়ো (৯৪৩৫৩০৯৫৬৮)অলপতে এই প্ৰতিবেদকৰ আগত অনুৰুপ মতামত প্ৰকাশ কৰিছে আৰু অনাগত দিনৰ বাবে শুভ লক্ষণ বুলি অভিহিত কৰিছে।তদুপৰি আলংকৰিক মৎস্য পালনৰ লগত জড়িত কামখিনি অতি আনন্দদায়ক আৰু কম ঠাইতে এইখিনি সম্ভৱপৰ।শিক্ষিত যুৱক-যুৱতীসকলে নুন্যতম মুলধনী বিনিয়োগৰ জৰিয়তে কম ঠাইতে এইখিনি কৰি স্বনিয়োজন প্ৰশস্ত কৰিব পাৰে।এইক্ষেত্ৰত যাৱতীয় কাৰিকৰী দিহা-পৰামৰ্শ বা সহযোগিতা বিচাৰিলে বিশেষজ্ঞগৰাকীৰ লগত (৯৪৩৫৩০৯৫৬৮)যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।শ্বেখ আব্দুলাৰ মীন খণ্ডলৈ আগমন আৰু উত্তৰণৰ কাহিনীও অতি মনোমোহা।২০০৯ চনত কলেজীয়া ছাত্ৰাৱস্থাতে সুযোগ পাই মনৰ উছাহতে মীন বিভাগৰ প্ৰশিক্ষণ এটা লৈছিল আব্দুলাই।প্ৰশিক্ষণটোৱে যুৱকজনক মীন পালনৰ প্ৰতি আগ্ৰহান্বিত কৰি তোলে।প্ৰশিক্ষণত আহৰিত জ্ঞানখিনি প্ৰয়োগ কৰি কাম আৰম্ভ কৰে ঘৰৰে অনাদৃত তথা অৱহেলিত এবিঘা জলকালিৰ পুখুৰীটোত।শৃংখলাবদ্ধ ব্যৱস্থাপনা,বিধিনুযায়ী পোনা মেলা প্ৰক্ৰিয়া,পোনাৰ গুণগত মান নিশ্চিতকৰণ আদিত বিশেষ গুৰুত্ব দিয়ে আব্দুলাই।প্ৰথম বছৰতে অপ্ৰত্যাশিত সফলতা আহে।ইয়েই সুচনা কৰে যুৱকজনৰ ইতিবাচক ঘুৰ্ণন।তাৰ পিছত তেওঁ স্নাতক শিক্ষা সাং কৰি একাণপতীয়াকৈ লাগি পৰে মীন পালনত।লাভাংশৰ এটা অংশ বিনিয়োগ কৰি প্ৰতি বছৰে সম্প্ৰসাৰণ কৰি গ’ল পাম।

অঞ্চলটোত গুণগত মানৰ পোনাৰ উপলভ্যতা নিশ্চিত কৰিবলৈ ২০১২ চনত মীন বিভাগৰ ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অন্তৰ্গত এটা পোনা উৎপাদন কেন্দ্ৰৰ অনুমোদন দিয়া হয় আব্দুলোক।ই আব্দুলাক অৰ্থনৈতিক স্বচ্ছলতা প্ৰদান কৰাৰ উপৰি অঞ্চলটোত গুণগত মানৰ পোনা উপলভ্যতাত বাৰুকৈয়ে সহায় কৰে।অঞ্চলটোত থাওকতে উপলভ্য হ’ল গুণগত মানৰ মীন পোনা।দৰ্ং জিলাৰ মীন উন্নয়ন বিষয়া তপন দাসে (৮১৩৪৯১৯৬৬৮)জানিবলৈ দিয়া মৰ্মে মীন বিজ্ঞানৰ সকলো বিধি-বিধান পালন কৰিহে আব্দুলাই পোনা উৎপাদন কৰে বাবে তেওঁৰ পোনাৰ গুণগত মান বহুত ওপৰত।এবাৰ তেওঁৰ পৰা পোনা ক্ৰয় কৰাজন পৰৱৰ্তী সময়ত তেওঁৰ ওচৰলৈ অহাটো খাটাং।উল্লেখ্য যে অসম মীন নীতি-২০১০ ৰ বিধি মতেহে আব্দুলাই পোনা উৎপাদন কৰে।বৰ্ণসংকৰ প্ৰজনন,সগোত্ৰীয় প্ৰজনন,অপৈণত মাছৰ প্ৰজনন আদি নেতিবাচক কামবোৰ তেওঁ কেতিয়াও নকৰে।গুৰুত্বপুৰ্ণ কথাটো হ’ল মাত্ৰ এবিঘা জলকালিৰে মীন পালন আৰম্ভ কৰা আব্দুলা আজি প্ৰায় তিনি হেক্টৰ জলকালিৰ কেইবাটাও পুখুৰীৰ গৰাকী।আলংকৰিক মৎস্য বিপণন আৰু একুৱাৰিয়াম ব্যৱসায়ৰ উপৰি বছৰত প্ৰায় ২৫-৩০ কুইণ্টল বিক্ৰীযোগ্য মাছ উলিয়াই দিয়ে বজাৰলৈ।বছৰেকত ২০ কোটি ভ্ৰুণ পোনা আৰু ১০ লাখ বছৰেকীয়া পোনা উৎপাদন কৰে আব্দুলাই।গুৱাহাটী,মঙলদৈ,খাৰুপেটীয়া,ওদালগুৰি আদি বিভিন্ন বজাৰলৈ যায় আব্দুলাৰ মাছ।আব্দুলাৰ কৰ্মৰ পৌণিক ক্ৰিয়াৰ সুবাসে অঞ্চলটোৰ বিভিন্ন ব্যক্তিক মীন পালনলৈ আকৰ্ষিত কৰি নন পাম সৃষ্টিত অৰিহণা যোগাইছে।ফলত ২০১০ চনত অঞ্চলটোত নাম মাত্ৰ কেইটামান পুখুৰী থকাৰ বিপৰীতে আজি পুখুৰীৰ সংখ্যা ৫০০ তাৰো অধিক।আব্দুলাৰ প্ৰতিটো কামতে সহযোগী হিচাপে জড়িত হৈ থাকে শিক্ষিতা পত্নী নাছৰিণ চুলতান।আব্দুলাই জনোৱা মৰ্মে তেওঁক সততে দিহা-পৰামৰ্শৰে উপকৃত কৰি আহিছে দৰ্ং জিলাৰ মীন বিষয়া তপন দাস (৮১৩৪৯১৯৬৬৮)আৰু মীন প্ৰদৰ্শকদ্বয় মইনুল হক আৰু বীৰেন বৰুৱাই।

শ্বেখ আব্দুলা আজিৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে এক জীয়া আদৰ্শ।আপুনিও আব্দুলৰ লগত বাৰ্তালাপ কৰি (৯৮৬৪২২৫২৬৮)অধিক তথ্য লাভ কৰিব পাৰে।

লেখক:ড° ধ্ৰুৱজ্যোতি শৰ্মা (দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 1/10/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate