অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ধনুভাঙাৰ আদৰ্শ যুৱ কৃষক

ধনুভাঙাৰ আদৰ্শ যুৱ কৃষক

ৰাজ্যখনৰ এচাম কৰ্মবিমুখ যুৱকে এটা চাকৰিৰ বাবে চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰি সময় আৰু ধনৰ অপচয় কৰাৰ সময়তে কবি, আলু, বিলাহীৰ খেতি কৰি আৰ্থিকভাৱে স্বচ্ছল হোৱাৰ সপোন দেখা এজন যুৱ খেতিয়ক হ’ল ধনুভাঙা গাঁও পঞ্চায়তৰ অন্তৰ্গত বামুণপাৰা গাঁৱৰ বাসিন্দা সুভাষ দাস। এইজন যুৱ খেতিয়কে প্ৰত্যেক বছৰে সময় উপযোগী খেতি কৰি লাভৱানো হৈছে।

 

কৰ্মোৎসাহী যুৱকজনে নিজৰ প্ৰচেষ্টাৰে কৃষিকৰ্মৰ জৰিয়তে অঞ্চলটোত সেউজ বিপ্লৱ গঢ়ি তুলিবলৈ সক্ষম হৈছে। এই বছৰো দাসে চাৰি বিঘা মাটিত আলু, বেঙেনা আৰু কবি খেতি কৰিছে। দিনে-নিশাই খেতি ডৰাত ব্যস্ত থকা দাসে লহপহকৈ বাঢ়ি অহা পাচলিবোৰ দেখি আশান্বিত হৈ পৰিছে। নিষ্ঠা, একাগ্ৰতা আৰু হৃদয়ৰ তাগিদাৰে খেতি কৰি দাসে প্ৰমাণ কৰি দিছে যে অকল চৰকাৰী চাকৰিয়ে আমাৰ জীৱিকাৰ পথ নহয়।

খেতি-বাতি কৰিও এক আদৰ্শ জীৱন নিৰ্বাহ কৰিব পাৰি। দাসে ঋতুকালীন বিভিন্ন খেতি কৰিয়েই সুন্দৰভাৱে পৰিয়াল পোহপাল দিবলৈ সক্ষম হৈছে। বৰ্তমানৰ কৰ্মহীন যুৱ সমাজৰ বাবে সুভাষ দাস নিশ্চয়কৈ এক আদৰ্শ।

লিখকঃ কনক ৰায়, দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 4/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate