অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ধান আৰু কুঁহিয়াৰ খেতিত সফল দুগ্ধদেৱ গোস্বামী আৰু ঘনশ্যাম বৰা

খৌৰামোচৰ সত্ৰৰ সত্ৰাধিকাৰ দুগ্ধদেৱ গোস্বামী

নগাঁও জিলাৰ হাতীচোং মৌজাৰ চকলাখাটত থকা এখন ঐতিহাসিক সত্ৰ হৈছে খৌৰামোচৰ| এই সত্ৰৰ সত্ৰাধিকাৰ হৈছে দুগ্ধদেৱ গোস্বামী| সত্ৰ পৰিচালনাৰ উপৰি সত্ৰাধিকাৰ গৰাকীয়ে কৃষি কৰ্মতো নিজকে নিয়োজিত কৰিছে|

দুগ্ধদেৱ গোস্বামীৰ কৰ্ম বিৱৰণি

প্ৰায় ৪০ বিঘা মাটিত তেওঁ বিভিন্ন প্ৰজাতিৰ ধান কৰাৰ লগতে ৫ বিঘা মাটিত তেওঁ মৰাপাটৰ খেতিও কৰিছে| ধান খেতিৰ ভিতৰত তেওঁ জহা, কুনকুনি জহা, চোনা মচুৰি, আইজুং, ৰঞ্জিত, কোমল, বৰা আদি বহুকেইটা প্ৰজাতিৰ ধানৰ খেতি কৰিছে| গোস্বামীয়ে জনোৱা মতে, তেওঁ খেতিপথাৰত পচন সাৰেই প্ৰয়োগ কৰে যদিও কম পৰিমাণে ইউৰীয়া, পটাছ আদি সাৰো প্ৰয়োগ কৰে| জলবায়ুৰ পৰিৱৰ্তনৰ বাবে ধানৰ উৎপাদন কমি গৈছে বুলি আক্ষেপ কৰি তেওঁ কয়-চৰকাৰে উপযুক্ত জলসিঞ্চন ব্যৱস্থাৰে কৃষক সকলক কৃষিক্ষেত্ৰৰ উৎপাদন মুখিতা বৃদ্ধিৰ বাবে সহায় কৰিব লাগে| গোস্বামীয়ে প্ৰায় ৬-৭ বিঘা মাটিত দেওমৰাৰো খেতি কৰিছে| মৰাপাটৰ খেতিৰ প্ৰতি বৰ্তমানৰ কৃষক সকলৰ আকৰ্ষণ কমি যোৱা বুলিও মন্তব্য কৰে তেওঁ| খৰালী মাটিত বাম আলু খেতিও কৰে সত্ৰাধিকাৰ দুগ্ধদেৱ গোস্বামীয়ে| ৰোৱণী, দাৱণী, হাল বোৱা ব্যক্তি, সাৰ, বীজ ক্ৰয় আদি বিভিন্ন খৰচ বাদ দি ধান খেতিত বিশেষ লাভ নাথাকে বুলি মন্তব্য কৰে গোস্বামীয়ে| অসম সত্ৰ মহাসভাৰো বিশেষ দায়িত্বত থকা গোস্বামীয়ে জনোৱা মতে, পূৰ্বৰে পৰা সত্ৰৰ পৰম্পৰাৰ লগত কৃষিৰ এক বিশেষ সম্পৰ্ক আছে| অতীজতে সত্ৰৰ ভকত সকলে নিজে কৃষি কৰ্মত জড়িত হৈ স্বাৱলম্বী হোৱাৰ লগতে সত্ৰৰ আৰ্থিক দিশটো টনকিয়াল কৰিছিল| আহোম স্বৰ্গদেউ সকলেও সেই সময়ত সত্ৰৰ নামত বহু মাটি দান দিছিল| কিন্তু বৰ্তমানৰ নৱপ্ৰজন্ম কৃষিকৰ্মৰ প্ৰতি আগ্ৰহী নহয়|

চকলাঘাটৰ পাৰ্শ্বৱৰ্তী গজপুৰীয়া গাঁৱৰ ঘনশ্যাম বৰা

ইপিনে চকলাঘাটৰ পাৰ্শ্বৱৰ্তী গজপুৰীয়া গাঁৱৰ ঘনশ্যাম বৰা নামৰ এজন যুৱকে প্ৰায় ৬-৭ বিঘা মাটিত কুঁহিয়াৰৰ খেতি কৰিছে| তেওঁ কৰা কুঁহিয়াৰ খেতিৰ ভিতৰত হৈছে মগী কুঁহিয়াৰ, দৰীয়া কুঁহিয়াৰ, পিয়জি কুঁহিয়াৰ, তেলী কুঁহিয়াৰ আদি| উল্লেখ্য, ঘনশ্যাম বৰাৰ প্ৰকৃত ঘৰ নগাঁও জিলাৰে ফুলগুৰি ধেমাজিত| দৰিদ্ৰ যুৱক জনক গজপুৰীয়া গাঁৱৰ কুঞ্জমোহন বৰাই নিজৰ পৰিয়ালৰে এজন হিচাপে ৰাখিছে| বৰ্তমান ঘনশ্যাম বৰাই কুঞ্জমোহন বৰাৰ ভূমিতে কৃষিকৰ্ম কৰিছে| তেওঁ জনোৱা মতে, কুঁহিয়াৰ দুই ধৰণে ৰুব পাৰি-আগ কুঁহিয়াৰ আৰু মুঢ়া কুঁহিয়াৰ| আগ কুঁহিয়াৰত বিঘাত ৩৫-৪০ টিং মিঠৈ উৎপাদন হোৱাৰ বিপৰীতে মুঢ়া কুঁহিয়াৰৰ বিঘাত ১৫-২০ টিং মিঠে উৎপাদন হয়| মুঢ়া কুঁহিয়াৰত খৰচ কম হয়| আগ কুঁহিয়াৰ ৰোপণৰ বাবে ডেৰফুটমানকৈ আগ কাটি ৰাখি থোৱা হয়| পিছত গোবৰ, মাটি থকা গাঁতত আগ পচোৱা হয়| ১৫ দিনমানৰ পিছত গজালি ওলালে মাটিত এফুটৰ আঁতৰত লুৰ খান্দি গজালি ওলোৱা আগ ৰোপণ কৰা হয়| ৰোপণ কৰোতে আগটো প্ৰায় ৪০ ডিগ্ৰীমান হেলনীয়াকৈ ৰোপণ কৰা হয়| ৮-৯ মাহৰ পিছত কুঁহিয়াৰ কাটি পেৰিব পৰা হয়| তেওঁ জনোৱা মতে, মিঠাতেলৰ টিঙৰ ৭ টি ৰস পগালে এক টি মিঠৈ হয়| কেৱল কুঁহিয়াৰৰ খেতিত আবদ্ধ নাথাকি ঘনশ্যাম বৰাই চামগুৰিৰ নাৰ্চাৰীৰ পৰা আনি নেমু পুলিও ৰোপণ কৰিছে| ইতিমধ্যে এক পোণ নেমুত তেওঁ ২৪০ টকাকৈ বিক্ৰী কৰি লাভান্বিতও হৈছে| ঘনশ্যাম বৰাই জনোৱা মতে, কুঁহিয়াৰ খেতি কৰোতে বনপাত নিৰাই দিয়াটো প্ৰয়োজন| এনেদৰে ঘনশ্যাম বৰাই কুঞ্জমোহন বৰাৰ মাটিতে খেতি কৰি এজন সফল কৃষকৰ চানেকি দাঙি ধৰিবলৈ সক্ষম হৈছে|

লেখক:- চন্দনজ্যোতি বৰা

উৎস:- দৈনিক অসম



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate