অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ধান খেতিয়েই যাৰ অৱলম্বন, বৰ আজাৰাৰ আদৰ্শ কৃষক সুভাষ শৰ্মা

ধান খেতিয়েই যাৰ অৱলম্বন, বৰ আজাৰাৰ আদৰ্শ কৃষক সুভাষ শৰ্মা

এজন উদ্যমী যুৱ কৃষক হ’ল সুভাষ শৰ্মা। তেওঁৰ ঘৰ নলবৰী জিলাৰ অন্তৰ্গত বৰ আজাৰা (দক্ষিণ নলবাৰী)গাওঁত। সুভাষ শৰ্মাৰ নজনীয়া পৰিয়ালটোৰ কোনো এজন সদস্যৰো চৰকাৰী চাকৰি এটি নাই। বছৰটো খেতিৰ ধান বজাৰত বিক্ৰী কৰিয়েই পৰিয়ালটোৱে জীৱন নিৰ্বাহ কৰি আছে। পৰিয়ালটোৰ মূৰব্বী সুভাষৰ পিতৃ যজ্ঞপতি শৰ্মা বৰ্তমান বাৰ্দ্ধক্যজনিত কাৰণত অসুস্থ হৈ আছে। এনে পৰিস্থিতিত সুভাষ শৰ্মাই বয়সতকৈ পূৰ্বেই খেতিডৰাত নামি পৰিবলগীয়া হয়। খেতি নকৰিলে যে পৰিয়াল নচলে। সেয়ে পঢ়া-শুনাও আধাতে সামৰিৱ লগা হয়। সুভাষে কোৱা মতে, তেওঁ ২০০৯ চনৰ পৰাই ধান খেতি কৰিবলৈ লয়। তেওঁ কৰা ধান খেতিবোৰ হ’ল- আইজুং, ৰঞ্জিত, বাহাদুৰ, বাইশমুঠি, বোকা, বৰ্ণি, জহা, ফুলপাখৰী, মইনাগিৰি, টেংৰি আদি। সম্প্ৰতি সুভাষ শৰ্মাৰ বিজ্ঞান ভিত্তিত উচ্চ জাতৰ ধান খেতি কৰাৰ ইচ্ছা, কিন্তু ধনৰ অভাৱৰ বাবে পৰা নাই। তেওঁ প্ৰতি বছৰে গোঁহালিৰ গৰু হালক মূল সম্বল হিচাপে লৈয়ে খেতি কৰি আহিছে। খেতিৰ বাবে প্ৰতি বছৰে গাঁঠিৰ ধন ভাঙি থলুৱা বীজ সংগ্ৰহ কৰে। ইফালে ধনৰ অভাৱৰ বাবে প্ৰায় বিশ বিঘা মাটিৰ আধাহে তেওঁ ধান খেতি কৰি আহিছে। এইদৰে বছৰেকত পোৱা ৭০-৮০ মোন ধানৰ আধা অংশ বজাৰত বিক্ৰী কৰে আৰু সেই টকৰে ঘৰখনৰ যাৱতীয় প্ৰয়োজন পূৰায়। মাজে-সময়ে তেওঁ পুৰহিতৰ কাম কৰে। সুভাষ শৰ্মাই অধুনিক কৃষি ব্যৱস্থাৰ আলমত ধানৰ উৎপাদন বৃদ্ধিৰ বাবে চিন্তা-চৰ্চা কৰে যদিও কৃষি বিভাগৰ পৰা কোনো সাহাৰ্য নোপোৱাত তেওঁ থমকি ৰ’বলগীয়া হৈছে। তদুপৰি সু-স্ংহত শস্য সুৰক্ষা ব্যৱস্থাপনা’ৰ পৰাও আজিলৈ পোৱা নাই কোনো সু-পৰামৰ্শ। তথাপি সুভাষ শৰ্মা বিচলিত হোৱা নাই। তেওঁ নিজৰ অভিজ্ঞতাৰ ভিত্তিত ফাগুন-চ’ত মাহত আহু খেতি কৰিবৰ বাবে সাজু হয়। শস্যৰ অনিষ্টকাৰী কীট আৰু ৰোগ নিয়ন্ত্ৰণৰ বাবে হাল-কোৰেৰে ধাননী পথাৰ চহাই ‘নৰা’ আৰু এলাগী উদ্ভিদসমূহ ভালদৰে উভালি পেলায়। তাৰ পিছত গোৱৰ ছাই আদিৰে খেতিডৰা উপযুক্ত কৰি তোলে। এইদৰে খাৰিফ শস্যৰ বতৰ্ত বিভিন্ন মাহ, বন্ধাকবি, বেঙেনা, ওলকবি, আলু আৰু ৰঙা লাউৰ খেতি কৰি অধিক লাভাম্বিত হৈছিল। তেওঁ গৰু-ছাগলী, হাঁহ-পাৰ, মাছ পালন কৰিও কিছু আৰ্থিক দিশত সকাহ পাইছে। এনেদৰে পৰিশ্ৰমী কৃষক সুভাষ শৰ্মাই স্থানীয় কৃষক ৰাইজৰ মন আকৰ্ষণ কৰিছে। তেওঁ চাকৰিমুখী শিক্ষিত যুৱকসকলক অসমৰ প্ৰচুৰ সম্ভাৱনাময় কৃষিক্ষেত্ৰত জড়িত হ’বলৈ আহ্বান জনায়, লগতে অসম চৰকাৰৰ কৃষি বিভাগক তেওঁৰ দৰে দুখীয়া খেতিয়ক সকলক একোখন পাৱাৰ টিলাৰ, উন্নত বীজ আদিৰে সহায়-সহযোগ আগবঢ়াই উৎসাহিত কৰিবলৈ অনুৰোধ কৰে।

উৎস: দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate