অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ধান চপোৱা, মৰণা মৰাত ব্যস্ত চৰৰ কৃষক

ধান চপোৱা, মৰণা মৰাত ব্যস্ত চৰৰ কৃষক

ধুবুৰী জিলাৰ ৮০ শতাংশ লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল| খেতিয়ক সকলে হাড়ভগা পৰিশ্ৰমেৰে কৃষি কামত নিয়োজিত হৈ জিলাখনৰ বিভিন্ন কৃষি-শস্য উৎপাদনত যথেষ্ট অৰিহণা যোগাইছে| বৰ্তমানে ৰাইজে পৰিৱৰ্তন বিচৰিছে| আনক্ষেত্ৰত পৰিৱৰ্তন নহ’লেও বান-খহনীয়াপীড়িত চৰাঞ্চলৰ জনসাধাৰণে কৃষি অৰ্থনীতিৰ পৰিৱৰ্তনৰ লক্ষ্যৰে ইৰি ধানৰ খেতি-বাতিত অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে| জিলাখনৰ প্ৰায়বোৰ চৰাঞ্চলত কৃষক সকলে আন আন বছৰৰ তুলনাত এইবেলি ইৰি ধান উৎপাদনত আত্মনিয়োগ কৰি অধিক সফলতা লাভ কৰা দেখা গৈছে| জিলাখনৰ বিলাসীপাৰা পূব আৰু বিলাসীপাৰা পশ্চিম সমষ্টি, গৌৰীপুৰ, গোলকগঞ্জ, ধুবুৰী সমষ্টিৰ পূৰ্বাঞ্চলত কৃষক সকলে প্ৰতিকূল বতৰকো নেওচি নিজাববীয়া প্ৰচেষ্টাৰে শ শ বিঘা ইৰি ধানৰ খেতি কৰিছে| বান-খহনীয়াই জুৰুলা কৰা এইবোৰ অঞ্চলৰ কৃষক ৰাইজে চৰকাৰী সাহায্য অবিহনে গাঁঠিৰ ধন ব্যয় কৰি বৰ্দ্ধিত মূল্যত ডিজেল, সাৰ, কীটনাশক ঔষধ ক্ৰয় কৰি হ’লেও এই ধানৰ খেতি কৰি যথেষ্ট  লাভৱান্বিত হ’বলৈ সক্ষম হৈছে| চৰকাৰৰ কৃষি বিভাগে গুৰুত্ব নিদিয়া চৰাঞ্চলৰ কৃষক সকলে কৃষি অৰ্থনীতিত যথেষ্ট অৱদান আগবঢ়াই আহিছে| বৰ্তমান চৰাঞ্চলৰ কৃষক সকলে ইৰি ধান চপোৱা-শুকোৱাত ব্যস্ত হৈ পৰিছে| বিশেষকৈ জিলাখনৰ জৰুৱা বন্দিহানা, বৰাইবাৰী, নায়েৰ আলগা, বয়জেৰ আলগা, কাইনবাৰি, অঞ্চলৰ কৃষক ৰাইজে ইৰি ধান উৎপাদনেৰে সাফল্যৰ হাঁহি মাৰিবলৈ সক্ষম হৈছে| কিন্তু দ্বিগুণ উৎসাহ আৰু জীয়াই থকাৰ তাড়নাত ইয়াৰ কৃষক সকলে কঠোৰ শ্ৰমেৰে উৎপাদন কৰা কৃষি সামগ্ৰীৰ উচিত মূল্য পোৱাৰ পৰা বঞ্চিত হোৱাৰো অভিযোগ উঠিছে| দুৰ্গম যাতায়ত ব্যৱস্থাৰ সুযোগ লৈ অনা-অসমীয়া বণিক শ্ৰেণীয়ে যুগ যুগ ধৰি কৃষকৰ উৎপাদিত সামগ্ৰী কম মূল্যত ক্ৰয় কৰি কৃষকক প্ৰাপ্যৰ পৰা বঞ্চিত কৰি আহিছে| চৰাঞ্চলৰ কৃষক ৰাইজে যাতায়ত ব্যৱস্থাৰ লগতে নিয়ন্ত্ৰিত বজাৰ ব্যৱস্থাৰ বাবে দীৰ্ঘদিন ধৰি জনাই অহা দাবীও অৰণ্যৰোদনতহে পৰিণত হৈছে|

আশীকুৰ ৰহমান, ধুবুৰী।

শেহতীয়া উন্নীতকৰণ: : 3/9/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate