অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ধুবুৰী জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত সাপটগ্ৰামত ষ্ট্ৰ’বেৰীৰ খেতি :

ধুবুৰী জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত সাপটগ্ৰামত ষ্ট্ৰ’বেৰীৰ খেতি :

 

ষ্ট্ৰ’বেৰী! টেলিভিচন বা ছবিত প্ৰায়ে দেখা অথচ বহুতৰে বাবে দুষ্প্ৰাপ্য এবিধ ফল। সাধাৰণতে শীতপ্ৰধান জলবায়ুতহে এইবিধ ফলত খেতি হয় বাবে অসমৰ বিশেষকৈ নামনি অসমৰ অধিকাংশ লোকেই ইয়াৰ সোৱাদ লোৱাৰ সুযোগ পোৱা নাই। সুখৰ কথা যে ধুবুৰী জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত সাপটগ্ৰামৰ ওচৰৰ ৰাৱণটাৰী গাঁৱৰ এজন উদ্যমী কৃষকে এইবিধ ফলৰে খেতি কৰিবলৈ লৈছে।

যোৱা নৱেম্বৰ মানত প্ৰণৱ কলিতা নামৰ উচ্চ শিক্ষিত যুৱ কৃষকজনে নিজৰ ঘৰৰ চৌহদতে প্ৰায় আঢ়ৈশডাল ষ্ট্ৰ’বেৰীৰ থাল ৰুই ইতিমধ্যে প্ৰায় চাৰি কেজি ফল লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ জনোৱা মতে বৰ্তমান সাপটগ্ৰামতে এই ফলবিধ ৬০০ টকা কেজি দৰত বিক্ৰী হৈ আছে। এই খেতি যথেষ্ট কম খৰচতে কম ঠাইতে কৰিব পাৰি বাবেই তেওঁ ইয়াৰ প্ৰৰ্তি আকৰ্ষিত হোৱা বুলি জানিবলৈ দিয়ে। ধুবুৰী জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী বিজ্ঞানী ড° চন্দন কুমাৰ ডেকাই জনোৱা মতে অহা মাৰ্চ মাহলৈ ইয়াৰ ফল ওলাই থাকিব।

অৱশ্যে এয়া বহু পৰিমাণে বতৰৰ ওপৰতো নিৰ্ভৰ কৰে। তেওঁ জনোৱা মতে কৃষকসকলক আৰ্থিক দিশত লাভৱান্বিত কৰাৰ বাবে পৰম্পৰাগত কৃষি কাৰ্যৰ বাহিৰেও উচ্চ দৰৰ শস্যৰ উৎপাদনৰ প্ৰতি আগ্ৰহী কৰি তুলিব বিচৰা হৈছে। সেই উদ্দেশ্যে প্ৰথমবাৰলৈ জিলাখনত পৰীক্ষামূলকভাৱে এই খেতি কৰা হৈছে। ইয়াৰ বাবে আৱশ্যকীয় পুলি কৃষি বিজ্ঞান কেন্দ্ৰই যোগাৰ কৰি দিছে। একেই উদ্দেশ্যত ফুটুকীবাৰী, ধৰ্মপুৰ আদিত কাঠফুলাৰ খেতি কৰিও সফলতা লাভ কৰা বুলি তেওঁ জানিবলৈ দিয়ে। ধৰ্মপুৰৰ উদ্যোগী ডেকা খেতিয়ক ভাস্কৰ কুমাৰ ৰয়ে জানিবলৈ দিয়া মতে তেওঁৰ ঘৰতে বিজ্ঞান কেন্দ্ৰৰ সহযোগত যোৱা নৱেম্বৰৰ পৰা ৫০ বেগ কাঠফুলাৰ খেতি কৰি যথেষ্ট উৎপাদন লাভ কৰিবলৈ সক্ষম হৈছে।

এই অপৰাম্পৰাগত কৃষি কাৰ্য পৰিদৰ্শন কৰিবলৈ যোৱা জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনোৱা মতে জিলা প্ৰশাসনে এনে কৃষকসকলক উৎসাহিত আৰু সহায় কৰিবলৈ আগ্ৰহী। কৃষকসকলে বিচাৰিলে তেওঁলোকক কৃষাণ ক্ৰেডিট কাৰ্ষৰ জৰিয়তে ঋন দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। তদুপৰি কৃষি বিভাগৰ তৰফৰ পৰা এইক্ষেত্ৰত সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ বাবে জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীয়েও ইতিমধ্যে নিৰ্দেশ দিছে।

উৎস: ৰাইজৰ বাতৰি

শেহতীয়া উন্নীতকৰণ: : 7/18/2022



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate