অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ধৰণী সেউজ কৰাৰ প্ৰয়াসত লখিমপুৰৰ এদল যুৱক

ধৰণী সেউজ কৰাৰ প্ৰয়াসত লখিমপুৰৰ এদল যুৱক

যি সময়ত যুৱপ্ৰজন্মৰ একাংশই কৰ্মবিমুখিতা প্ৰদৰ্শন কৰি সহজলভ্য ধনৰ পাছত দৌৰিছে, অথবা চৰকাৰী চাকৰিৰ পাছে পাছে মৰীচিকা খেদিছে, আন একাংশই আকৌ বাইক-ম’বাইল সংস্কৃতিক আদৰি সস্তীয়া মনোৰঞ্জনৰ পাছত ঘূৰিব লাগিছে, তেনে সময়তে লখিমপুৰ নগৰৰ সমীপত আজাদ এলেকাৰ এজাক উদ্যমী যুৱকে আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে। ধৰণী সেউজ কৰি স্বাৱলম্বিতাৰ পথ গ্ৰহণৰ অযুত সপোন দুচকুত লৈ হাতে-কামে লাগিছে এইজাক যুৱক। আদৰ্শ স্থাপনৰ চেষ্টা কৰিছে। আজাদ কাকতি টুপৰ এইকেইজন উদ্যমী যুৱকে ৰবীন দত্তক সভাপতি আৰু দিব্যজ্যোতি সন্দিকৈক সম্পাদক ৰূপে লৈ গঠন কৰিছে নীলকন্ঠ কৃষি পাম। তেওঁলোকে ১৫ বিঘা মাটি লীজত লৈ স্থাপন কৰিছে এই কৃষি পামখন। কৃষি বিভাগ অথবা চৰকাৰী কোনো অনুদান নোলোৱাকৈ এই উদ্যমী যুৱকসকলে গাঁঠিৰ ধন ভাঙি গঠন কৰা এই পাম স্থাপন কৰিছে বহুমুখী পৰিকল্পনাৰে। বাৰিষা-খৰালী বতৰীয়া কৃষিৰ উপৰি ৰবি শস্য, উদ্যান শস্য একোৱেই বাদ পৰা নাই তেওঁলোকৰ আঁচনিত। অতি উন্নত জাতৰে বিভিন্ন শস্যৰ খেতি কৰাৰো পৰিকল্পনা কৰিছে নীলকন্ঠ কৃষি পামত। উপেন্দ্ৰ নামৰ এশটকীয়া কিলোগ্ৰামৰ ধানৰ সঁচ আমদানি কৰি খেতি কৰিব খোজা হৈছে। প্ৰায় প্ৰতিবিধ উন্নত শস্যৰ কৃষিকাৰ্য কৰি লাভৱান হোৱাৰ আঁচনি হৈছে এইসকল যুৱকে। কৃষিকাৰ্যৰে ধৰণীক সেউজীয়া কৰি স্বাৱলম্বী হোৱাৰ লগতে আনৰ বাবেও আদৰ্শ হ’ব খোজা এই কৃষি পামৰ লগত জড়িত যুৱকসকলৰ কৰ্ম স্পৃহাৰ ৰাইজে শলাগ লৈছে।

উৎস: নিয়মীয়া বাৰ্তা

শেহতীয়া উন্নীতকৰণ: : 1/17/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate