অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নগাঁও জিলাত ষ্ট্ৰবেৰী খেতি

নগাঁও জিলাত ষ্ট্ৰবেৰী খেতি

 

অসমৰ গ্ৰামাঞ্চলৰ হাবি-জংঘলত এবিধ সু-স্বাদু ফল পোৱা যায়। এই বনৰীয়া ফলবিধক পকমৌ বুলি জনা যায়। দেখাত প্ৰায় এই ফলবিধৰ দৰে এবিধ ফল ফ্ৰান্স, নেদাৰলেণ্ড আদিত উপলব্ধ। পকমৌৰ তুলনাত আকাৰত কিছু ডাঙৰ এই ফলবিধৰ নাম হৈছে ষ্ট্ৰবেৰী। সম্প্ৰতি অসমৰ কৃষকেও এই ফলবিধৰ খেতি কৰিবলৈ আৰম্ভ কৰিছে। নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত কৃষকে ইতিমধ্যে ষ্ট্ৰবেৰী খেতি কৰিছে। নগাঁও জিলাৰ বিভিন্ন কৃষি বিষয়া দেৱেশ্বৰ পাংগিঙে ‘দৈনিক অসম’ক জনোৱা মতে, নগাওঁ জিলাত বিগত বৰ্ষৰপৰা ষ্ট্ৰবেৰী খেতি কৃষকে পৰীক্ষামূলকভাৱে আৰম্ভ কৰিছে। প্ৰথম অৱস্থাত তেওঁলোকে এই ফলবিধৰ খেতি কৰাত উৎপাদিত ফল বিক্ৰী কৰাৰ বাবে বজাৰ পোৱাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছিল। কিন্তু বৰ্তমান সেই সমস্যা দূৰ হৈছে আৰু কৃষকে প্ৰতি কিলোগ্ৰাম ষ্ট্ৰবেৰী ৪০০-৫০০ টকা দৰত বিক্ৰী কৰিবলৈ সক্ষম হৈছে। কৃষি বিষয়াজনে জনোৱা মতে, ষ্ট্ৰবেৰী ফলবিধ মুকলিত চাৰিদিনৰ অধিক ৰাখিলে বেয়া হৈ যায়। সেয়েহে গছৰপৰা ছিঙাৰ পিছত ইয়াৰ মুকলিত বেছি দিন ৰাখিব নালাগে। লগে লগে বিক্ৰী কৰিব লাগে। নগাঁও জিলাৰ কুৰুৱাবাহী গাঁৱত পৰীক্ষামূলকভাৱে এই ফলৰ খেতি কৰা হাতীচোং-কুঁজীডাঁহৰ পংকজ বৰা নামৰ যুৱকজনে কয়- অসমৰ জলবায়ু ষ্ট্ৰবেৰী খেতিৰ বাবে উপযোগী। কিন্তু বিভাগীয়ভাৱে অক্টোবৰ-নৱেম্বৰ মাহত এই ফলৰ পুলি যোগান ধৰিলে কৃষক অধিক উপকৃত হ’ব। উল্লেখ্য, অক্টোবৰ মাহত ষ্ট্ৰবেৰীৰ পুলি ৰোপণ কৰা হয়। মাৰ্চ মাহৰপৰা মে’ মাহৰ ভিতৰত ফল ছিঙিব পৰা হয়। পংকজ বৰাই তাত ৰোপণ কৰা হয়। প্ৰতিটো মাটিৰ ঢিপ বনাই তাত ৰোপণ কৰা হয়। প্ৰতিটো মাটিৰ ঢিপ দীঘলীয়াকৈ শাৰী শাৰীকৈ বনোৱা হয়। প্ৰতিটো মাটিৰ ঢিপৰ মাজত প্ৰায় এক ফুট ব্যৱধান ৰখা হয়। মাটিৰ ঢিপৰ মাজত দীঘলীয়াকৈ নলা থাকে। এই মাটিৰ ঢিপসমূহ মাটিৰ লগত গোবৰ আদি জৈৱিক সাৰ মিহলাই প্ৰস্তুত কৰা হয়। মাটিৰ ঢিপৰ ওপৰত প্লাষ্টিক মালচিং পাৰি দিয়া হয়। প্লাষ্টিকৰ ওপৰত প্ৰায় ডেৰ-দুই ফুট ব্যৱধানত একোটাকৈ ফুটা কৰা হয়। এই ফুটাতে ষ্ট্ৰবেৰীৰ পুলি ৰোপণ কৰা হয়। যুৱ খেতিয়ক পংকজ বৰাই জনোৱা মতে, ষ্ট্ৰবেৰী খেতিৰ মাটিৰ ঢিপসমূহ বহলে এক মিটাৰপৰা ডেৰ মিটাৰ পৰ্যন্ত হ’ব পাৰে। দীঘলটো ইচ্ছা অনুযায়ী কৰিব পাৰি। ষ্ট্ৰবেৰী খেতিৰ বাবে পানীৰ অতিকৈ প্ৰয়োজন। পুলিখিনি ৰোপণৰ পিছত মাটিখিনি সেমেকা হৈ থাকিব লাগে। হাতীচোং-কুঁজীডাঁহৰ পংকজ বৰাৰ লগতে গৌতম শইকীয়া নামৰ আন এজন যুৱকেও ষ্ট্ৰবেৰী খেতি কৰাত সহযোগিতা আগবঢ়াইছে। গৌতম শইকীয়াৰ বাসগৃহৰ সমীপতে থকা মাটিত এই খেতি কৰা হৈছে। ইপিনে, নগাঁও জিলাৰ কৃষি বিষয়া দেৱেশ্বৰ পাংগিঙে জনোৱা মতে, ইতিমধ্যে প্ৰায় ১০০ জন খেতিয়কৰ মাজত ২৫ হাজাৰ ষ্ট্ৰবেৰীৰ পুলি কৃষি বিভাগৰ তৰফৰপৰা যোগান ধৰা হৈছে। তদুপৰি প্লাষ্টিক মালচিং পেপাৰো প্ৰয়োজন অনুসৰি কৃষকক যোগান ধৰা হৈছে। যুৱ খেতিয়ক পংকজ বৰাই তেওঁক সহায় কৰা বাবে জিলা কৃষি বিষয়া দেৱেশ্বৰ পাংগিঙৰ লগতে কৃষি উন্নয়ন বিষয়া অজিত বৰা, ৰেকিবুল ফাৰুকী, কৃষি বিষয়া অশোক বৰঠাকুৰ, ৰাজেন ফাংছ’, বিভাগীয় কৰ্মচাৰী অশোক বৰাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে।

উল্লেখ্য, ষ্ট্ৰবেৰীৰ বৈজ্ঞানিক নাম হৈছে ফ্ৰেগাৰিয়া এনানাচা। বিশ্বজুৰি ষ্ট্ৰবেৰী ফলসমূহ ৰঙা ৰঙৰ। এই ফলৰ ৰসেৰে জেলী, জাম, চকলেট, আইচ ক্ৰীম আদি প্ৰস্তুত কৰা হয়। ওঠৰ শতিকাতে ফ্ৰান্সৰ ব্ৰিটেনীত প্ৰথম ষ্ট্ৰবেৰী খেতিৰ উদ্যান গঢ়ি তোলা হৈছিল। ষ্ট্ৰবেৰী ফলৰ গছে এবছৰৰপৰা দুবছৰ পৰ্যন্ত ফল দিয়ে। পিছত এই ফলৰ পুলি পুনৰ নতুনকৈ ৰোপণ কৰিব লাগে। প্লাষ্টিকৰ মালচিং পেপাৰৰ সলনি ওমাটিৰ ঢিপসমূহ ঢাকিবলৈ নৰাও ব্যৱহাৰ কৰিব পাৰি। ষ্ট্ৰবেৰীৰ শিপা আৰু পাতৰ বিভিন্ন ৰোগ হ’ব পাৰে। ষ্ট্ৰবেৰী গছৰ পুলিক বিভিন্ন পতংগই আক্ৰমণ কৰিব পাৰে। তথ্য মতে, সমগ্ৰ বিশ্বতে ২০০৬ বৰ্ষত ৩,৯৭৩,২৪৩ টন, ২০০৭ বৰ্ষত ৪,০০১,৭২১ টন, ২০০৮ বৰ্ষত ৪,১৩৬,৮০২ টন, ২০০৯ বৰ্ষত ৪,৫৯৬,৬১৪ টন, ২০১০ বৰ্ষত ৪,৩৬৬,৮৮৯ টন আৰু ২০১১ বৰ্ষত ৪,৫৯৪,৫৩৯ টন ষ্ট্ৰবেৰী ফল উৎপাদন কৰা হৈছে। ইউ এছ এ, তুৰস্ক, স্পেইন, স্পেইন, ইজিপ্ট, মেক্সিকো, ৰুছিয়া, জাপান, জাৰ্মানী, ইটালী, পোলেণ্ড, উত্তৰ কোৰিয়া আদি বিভিন্ন দেশত উৎপন্ন হোৱা ষ্ট্ৰবেৰী ফলৰ খেতি অসমৰ খেতিয়কসকলেও কৰিবলৈ আৰম্ভ কৰাটো নিশ্চিয় শুভ লক্ষণ। অৱশ্যে এইক্ষেত্ৰত চৰকাৰ আৰু কৃষি বিভাগে বিজ্ঞানসন্মত পদ্ধতিৰে এই খেতি কৰাৰ ক্ষেত্ৰত সহায় কৰা উচিত।

লেখক:চন্দনজ্যোতি বৰা(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 1/17/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate