অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নগাওঁ জিলাৰ শ্ৰেষ্ঠ কৃষক মুজিবুৰ ৰহমান যুৱ কৃষকৰ আদৰ্শ

নগাওঁ জিলাৰ শ্ৰেষ্ঠ কৃষক মুজিবুৰ ৰহমান যুৱ কৃষকৰ আদৰ্শ

নগাওঁ জিলাৰ চমুৱা গাওঁ কৃষি চক্ৰৰ অন্তৰ্গত শল’গুৰি গাওঁৰ প্ৰগতিশীল কৃষক মুজিবুৰ ৰহমান। ২০১১-১২ বৰ্ষত নগাওঁ জিলাৰ শ্ৰেষ্ঠ কৃষকৰ সন্মান লাভ কৰা এইজন প্ৰগতিশীল কৃষকে আজি কৃষি ক্ষেত্ৰত নিজৰ একাগ্ৰতা, কষ্টসহিষ্ণুতা আৰু বিজ্ঞান মনস্কতাৰ বাবেই নিজকে সফল কৃষক হিচাপে সাব্যস্ত কৰিবলৈ সক্ষম হৈছে।

হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ মুজিবুৰে ১৯৯০ চনৰ পৰা নিজকে জড়িত কৰে কৃষি কৰ্মত। প্ৰথমতে মাত্ৰ ৫ বিঘা মাটিত থলুৱা ধানৰ খেতিৰে কৃষি কাৰ্যত আত্মনিয়োগ কৰা মুজিবুৰ সম্প্ৰতি ২৭ বিঘা কৃষি ভূমিৰ অধিকাৰী।

মুজিবুৰৰ এই উত্তৰণ মুখী যাত্ৰাৰ মূলতে হ’ল তেওঁৰ কষ্টসহিষ্ণুতা, বিজ্ঞান মনস্কতা আৰু কৃষি বিভাগৰ বিভিন্ন আচঁনিৰ সৈতে নিজকে জড়িত কৰাৰ প্ৰৱণতা। কৃষি বিভাগৰ কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থাৰ জৰিয়তে লাভ কৰা প্ৰশিক্ষণ আৰু প্ৰদৰ্শন মূলক খেতিৰ অধীনত এম.টি.ইউ.- ৭০২৯ জাতৰ অধিক উৎপাদনক্ষম জাতৰ ধানৰ খেতি কৰি মুজিবুৰে প্ৰথম সফলতাৰ মুখ দেখিবলৈ সক্ষম হয়। এই জাতটোৰ পৰা তেওঁ উৎপাদন কৰিবলৈ সক্ষম হয় প্ৰতি বিঘাত ২৯ মোনকৈ ধান। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান- চাউলৰ অধীনত মুজিবুৰে লাভ কৰে প্ৰদৰ্শনী মূলক ধান খেতিৰ সুবিধা। এৰাইজ- ৬৪৪৪, পি.এ.চি.- ৮৩২, এৰাইজ- ৬১২৯, এন.কে.চাহিদ্ৰী, পায়োনিয়াৰ, ইউ.এচ.এগ্ৰি, ইণ্ডো-এমেৰিকা আদি বিভিন্ন বৰ্ণসংকৰ জাতৰ ধানৰ খেতি কৰি তেওঁ আহৰণ কৰিছে বিশেষ অভিজ্ঞতা। মুজিবুৰেলাভ কৰিছে ‘শ্ৰী’ পদ্ধতিৰ বিশেষ প্ৰশিক্ষণ। কৃষি বিভাগৰ সৌজন্যত পশ্চিমবংগৰ বিধান চন্দ্ৰ ৰয় কৃষি বিশ্ববিদ্যালয়তো তেওঁ ‘শ্ৰী’ পদ্ধতিৰ বিষয়ে প্ৰশিক্ষণ লৈছে। ফলত এই প্ৰগতিশীল কৃষক জন এতিয়া পৰিৱৰ্তিত হৈছে বুক্তিৰ সলনি প্ৰতিষ্ঠানলৈ। অঞ্চলটোৰ কৃষক ৰাইজৰ মাজত কৃষি ক্ষেত্ৰৰ নতুনত্বৰ বাহক মুজিবুৰ। মুজিবুৰৰ্ আগ্ৰহ আৰু সংঘবদ্ধ ভাৱে কাম কৰাৰ প্ৰৱণতাৰ বাবেই শ’লগুৰি আৰু ওচৰ-চুবুৰীয়া গাওঁ সমূহত ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান, অসম কৃষি সামৰ্থ বৰ্দ্ধক প্ৰকল্প, উদ্যান শস্যৰ প্ৰযুক্তি অভিযান আদি বিভিন্ন আচঁনিৰ ৰুপায়ণ সফলতাৰে হোৱাটো সম্ভৱপৰ হৈ উঠিছে।

ধান খেতিৰ লগতে মুজিবুৰে নিয়মীয়াকৈ কৰি আহিছে বিভিন্ন ৰবি আৰু খাৰিফ বতৰৰ শাক –পাচলি, মাহ জাতীয় শস্য, ঘাঁহৰ খেতি, তৰমুজৰ খেতি আৰু একত্ৰিত ভাৱে ধান আৰু মাছৰ খেতি। মুজিবুৰ ৰহমানৰ কৃষি ক্ষেত্ৰৰ পৰা বছৰি উপাৰ্জন হয় ৮-৯ লাখ টকা। তেওঁৰ আছে এখন ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, মিনিট্ৰাক, অগভীৰ নলীনাদ আদিৰ দৰে কৃষি ব্যৱস্থাৰ অত্যাৱশ্যকীয় সমল। কৃষক গৰাকীৰ পথাৰত জল ব্যৱস্থাপনা পদ্ধতি, পথাৰত প্ৰয়োগ কৰা বিভিন্ন কৃষি কৌশল, একেদৰা মাটিতে বছৰটোত কৰিব লগীয়া বিভিন্ন শস্যৰ পৰিকল্পনা আদি বিভিন্ন দিশ প্ৰশংসাৰ যোগ্য। ‘বছৰটোৰ বাবে যদি মই সাজু নহওঁ, আগতীয়াকৈ কোনটো খেতি কোন খিনি মাটিত কৰিম সেয়া যদি ঠিক কৰি নলওঁ, তেনেহ’লে সময়ত গোটেই খন খেলিমেলি হৈ যোৱাটোৱেই স্বাভাৱিক। সেয়েহে মই আটাইতকৈ অধিক গুৰুত্ব দিও বছৰটোৰ বাবে নিৰ্বাচন কৰি উলিওৱা শস্য চক্ৰৰ ওপৰত’- মুজিবুৰৰ ভাষ্য। জিলা কৃষি বিষয়া ড° দেৱব্ৰত বৰগোঁহাঞিয়ে যোগোৱা প্ৰেৰণাৰ বিষয়েও মুজিবুৰে এই প্ৰতিবেদকৰ আগত উল্লেখ কৰে।

সম্প্ৰতি এই আদৰ্শ কৃষক জন জৈৱিক কৃষি পদ্ধতিৰ প্ৰতি অতিকৈ আগ্ৰহী হৈ পৰা পৰিলক্ষিত হৈছে। জৈৱিক কৃষিৰ প্ৰশিক্ষণ গ্ৰহণ কৰি কৃষি বিভাগৰ পৰা তেওঁ লাভ কৰিছে এটা কেচুঁ সাৰ উৎপাদন গোট।

লেখক: ৰঞ্জন প্ৰসাদ ডেকা, নগাওঁ জিলাৰ চমুৱা গাওঁ কৃষি

চক্ৰৰ কৃষি উন্নয়ন বিষয়া, কৃষি দাপোণ

শেহতীয়া উন্নীতকৰণ: : 4/24/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate