অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নলবাৰীত গাহৰি পালনেৰে স্বাৱলম্বী পংকজ বৈশ্য

নলবাৰীত গাহৰি পালনেৰে স্বাৱলম্বী পংকজ বৈশ্য

নলবাৰী জিলাৰ এচাম কৰ্মঠ যুৱকে গাই গৰু,গাহৰি,ব্ৰইলাৰ,মাছ,ছাগলী আদি পালনেৰে স্বাৱলম্বী হৈ আদৰ্শৰ বাট দেখুওৱাৰ উপৰি ৰাজ্যখনৰ আৰ্থিক গাঁথনি কিছু পৰিমাণে হ’লেও সৱল কৰাত সহায় কৰিছে।তেনে এজন যুৱক হ’ল জিলাখনৰ বালিলেচা গাঁৱৰ প্ৰসন্ন বৈশ্যৰ পুত্ৰ পংকজ বৈশ্য।কিছু বছৰ পুৰ্বে মাত্ৰ এজনী গাভিনী গাহৰিৰে পংকজে আৰম্ভ কৰা ফাৰ্মখনত এতিয়া ৫০ টাৰো অধিক গাহৰিৰে পৰিপুৰ্ণ হৈ পৰিছে।গাহৰিৰ পোৱালি আৰু খাহী গাহৰি বিক্ৰী কৰি অহা পংকজে এঢাপ এঢাপকৈ আগবাঢ়ি আজি নলবাৰীৰ ভিতৰতে এজন আগশাৰীৰ গাহৰি পালক হিচাপে চিহ্নিত হৈছে।এই উদ্যোগী যুৱকজনে বেংকৰ দুৱাৰে দুৱাৰে ঋণ বিচাৰি কোনো সুফল নাপাই নিজেই ২০ টাতকৈও অধিক পকী গঁড়াল নিৰ্মাণ কৰি গাহৰি পালনৰ ব্যৱস্থা কৰি লৈছে।অতি কষ্ট তথা সাহস আৰু সততাৰে ব্যৱসায় চলাই থকা পংকজে গাহৰি বিক্ৰীৰ লভ্যাংশৰে এখন বলেৰো পিক আপ ভান,চাইকেল,এখন টেম্প’ভান,এখন ৰিক্সা আৰু এটা পকী ঘৰ নিৰ্মাণ কৰি এখন সুখৰ সংসাৰ চলাই আছে।পংকজে ব্যৱসায়ৰ উত্তৰণ সম্বন্ধত কয় যে এখন সৰু টিনৰ চালিৰ তলত থাকি আৰম্ভ কৰা গাহৰি পামখনে আজি তেওঁক আৰ্থিকভাৱে সকাহ দিছে।এইক্ষেত্ৰত জিলা পশুপালন বিভাগৰ বিষয়া ডা: সুৰেন শৰ্মাৰ পৰামৰ্শ আৰু সহযোগিতাৰ শলাগ লয় পংকজে।উল্লেখ্য যে হোটেলৰ পেলনীয়া খাদ্যকে গাহৰিৰ খাদ্য হিচাপে যোগান ধৰা পংকজে নিজৰ টেম্প’ভান আৰু ৰিস্কা গাড়ীৰে নিতৌ পুৱা-গধুলি নলবাৰী চহৰৰ ১০-১২ খন হোটেলৰ পৰা এই খাদ্যবোৰ সংগ্ৰহ কৰে।তদুপৰি ৫-৬ কিলোমিটাৰ দুৰৰ বড়ো অধ্যুষিত লাউৰ দলৰ পৰা ‘মেৰা’নামৰ পেলনীয়া সামগ্ৰীবিধ প্ৰতিদিনে সংগ্ৰহ কৰি গাহৰিক যোগান ধৰে।একেদৰে ব্ৰইলাৰ মাংসৰ দোকানৰ পেলনীয়া সামগ্ৰীবোৰো মাহেকত ২-৩ হাজাৰ টকাৰে ক্ৰয় কৰি নিয়মিতভাৱে গাহৰিক দি থাকে।বৈশ্যই জানিবলৈ দিয়া মতে ,পেলনীয়া খাদ্যৰ মুল্য হিচাপে প্ৰতিখন হোটেলক মাহে ৫০০-১০০০ টকা আৰু ‘মেৰা’ৰ বাবে মাহেকত ১৫০০০ টকাকৈ আদায় দিবলগীয়া হয়।নিজৰ উৎপাদিত গাহৰিৰ উপৰি ওচৰ-পাঁজৰৰ সৰু-বৰ ফাৰ্মবোৰৰ পৰা সংগ্ৰহ কৰা গাহৰিবোৰ তেওঁ বৰ্ণিহাটৰ ১৩ মাইলৰ বজাৰত নিজৰ পিক আপ ভানেৰে কঢ়িয়াই নি বিক্ৰী  কৰে।হোপ চায়াৰ আৰু ইয়ৰ্ক চায়াৰ-এই দুয়োবিধ উন্নত জাতৰ গাহৰি পংকজৰ ফাৰ্মত পোৱা যায়।ইয়াৰে একোটা খাহী গাহৰি ২০০ কিলোগ্ৰামলৈকে ওজন প্ৰাপ্ত হয়।সময়ে সময়ে ভুটীয়া বড়ো আদি বেপাৰী আহিও পংকজৰ ফাৰ্মৰ পৰা গাহৰি ক্ৰয় কৰি লৈ যায়।পংকজৰ ফাৰ্মত পাঁচজন অন্য কৰ্মচাৰীয়ে কাম কৰিও নিজৰ পৰিয়াল চলাই আছে।গণৰাজ্য দিৱসত জিলা উপায়ুক্তই উৎকৃষ্ট গাহৰিপালক বঁটা প্ৰদান কৰা পংকজ এতিয়া নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে আদৰ্শনীয় হৈ পৰিছে।

লেখক:মনোজ শৰ্মা (দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 12/10/2021



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate