অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নাৰ্ছাৰী স্থাপনেৰে স্বাৱলম্বী চমাৰকুছি ধীৰাজ ডেকা

নাৰ্ছাৰী স্থাপনেৰে স্বাৱলম্বী চমাৰকুছি ধীৰাজ ডেকা

নলবাৰী জিলাৰ বানবিধ্বস্ত বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত চমাৰকুছি গাঁৱৰ এজন উদ্যমী যুৱক ধীৰাজ কুমাৰ ডেকাই উদ্যান শস্যৰ ব্যৱসায়েৰে স্বাৱলম্বিতাৰ পথ বাছি লোৱা কাৰ্যই অঞ্চলটোৰ নিবনুৱা যুৱক-যুৱতীসকলক যথেষ্ট উৎসাহী কৰি তুলিছে। স্নাতক ডিগ্ৰীধাৰী যুৱক ধীৰাজে ২০০৬ চনত ‘নেড্‌ফী’ ৰ সহযোগত গুৱাহাটী আৰু ক্ষেত্ৰীত থকা প্ৰতিষ্ঠানটোৰ গৱেষণা আৰু উন্নয়ন কেন্দ্ৰত গ্ৰহণ কৰা প্ৰশিক্ষণৰ পিছতে ব্যৱসায়িক ভিত্তিত এখন নাৰ্ছাৰী স্থাপন কৰাৰ প্ৰতি আগ্ৰহী হৈ পৰে। ডেকাই জানিবলৈ দিয়া মতে, ২০০৭ চনৰ শেষৰ ফালে তেওঁ প্ৰথম চমাৰকুছি গাঁৱত ‘পলাশ নাৰ্ছাৰী’ স্থাপন কৰি ব্যৱসায়িক ভিত্তিত উদ্যান শস্যৰ লগতে ফুল আৰু বিভিন্ন গছ-গছনিৰ পুলিৰ ব্যৱসায় আৰম্ভ কৰিছিল। যুৱকজনে কৃষি বিভাগৰ পৰা এক আৰ্থিক অনুদান লাভ কৰাৰ পিছত অধিক উদ্যমেৰে নাৰ্ছাৰীৰ ব্যৱসায় সম্প্ৰসাৰণৰ কামত লাগি গৈছিল। ২০১১ চনৰ অক্টোৱৰ মাহত উদ্যমী যুৱক ধীৰাজে তেওঁৰ পলাশ নাৰ্ছাৰীৰ এটা অংশ নলবাৰী চহৰৰ সমীপৱৰ্তী এলেংগী দ’ললৈ স্থানান্তৰ কৰে। হাজো-নলবাৰী চহৰৰ লগতে ওচৰ-পাজৰৰ গ্ৰাহকসকলক অধিক আকৰ্ষণ কৰা দেখা গৈছে। অসম কৃষি বিজ্ঞানী ড০ মৃদুল ডেকাৰ পৰা নাৰ্ছাৰীখনৰ উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট দিহা পৰামৰ্শ লাভ কৰা ধীৰাজ ডেকাই পৰৱৰ্তী সময়ত এখন ছাগলী আৰু গৰুৰ পামো স্থাপন কৰিবলৈ সক্ষম হয়। ইতিমধ্যে তেওঁ নিজৰ পামখনত ছজন নিবনুৱা যুৱকক কৰ্মসংস্থাপন দিবলৈ সক্ষম হয়। তদুপৰি আন বহু যুৱকে নাৰ্ছাৰীৰ পৰা গছ পুলি ক্ৰয় কৰি নি মানুহৰ ঘৰে ঘৰে বিক্ৰী কৰি জীৱিকাৰ উলিয়াইছে। বৰ্তমান ৰাইজৰ মাজত উদ্যান শস্য আৰু বনৰীয়া গছ ৰোপণৰ প্ৰতি যথেষ্ট আগ্ৰহ বৃদ্ধি পাইছে যদিও ফুলৰ খেতিৰ প্ৰতি এতিয়াও যথোচিত আগ্ৰহ পৰিলক্ষিত হোৱা নাই। ইয়াৰ বাবে তেওঁ এই পৰ্য্যন্ত আশা কৰা ধৰণে লাভ অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই। সেয়ে হ’লেও তেওঁ নাৰ্ছাৰীৰ লগত জড়িত থাকি মানসিকভাৱেও যথেষ্ট সুখী মন্তব্য কৰে। তেওঁৰ মতে, নাৰ্ছাৰীৰ ব্যৱসায়েৰে এজন যুৱকে সুন্দৰভাৱে আত্মসংস্থাপনৰ বাট মুকলি কৰিব পাৰে।

লিখক: ৰমেন কলিতা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/7/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate