অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নাৰ্ছাৰী স্থাপনেৰে স্বাৱলম্বী নগাঁৱৰ বিপুল বৰা

নাৰ্ছাৰী স্থাপনেৰে স্বাৱলম্বী নগাঁৱৰ বিপুল বৰা

সামান্য মুলধনেৰে এখন নাৰ্ছাৰী আৰম্ভ কৰি বৰ্তমান স্বচ্ছল জীৱন-যাপন কৰিবলৈ সক্ষম হৈছে এজন যুৱক।নগাওঁ চহৰৰ মধুপুৰৰ বিপুল বৰা নামৰ এই যুৱকজনে ১৯৯৩ চনত মাত্ৰ ৫ হাজাৰ টকা মুলধনেৰে আৰম্ভ কৰিছিল এখন নাৰ্ছাৰী।বৰ্তমান এই নাৰ্ছাৰীখন এখন পুৰ্ণাংগ নাৰ্ছাৰীত পৰিণত হৈছে।১৯৮৯ চনত নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা বিপুল বৰাই প্ৰথম অৱস্থাত চাকৰি বিচাৰিছিল যদিও চাকৰি নাপাই তেওঁ হতাশাগ্ৰস্ত হোৱাৰ বিপৰীতে নিজাকৈ কিবা এটা কৰাৰ চিন্তা কৰে।সেই অনুযায়ী ১৯৯৩ চনত তেওঁ ফুল-ফলৰ নাৰ্ছাৰী আৰম্ভ কৰে।নাৰ্ছাৰীখনৰ নাম দিয়ে ‘সুৰভী নাৰ্ছাৰী’।বৰ্তমান প্ৰায় এবিঘা মাটি ব্যাপি আছে তেওঁৰ এই নাৰ্ছাৰীখন।বিপুল বৰাৰ নাৰ্ছাৰীত ফুল-ফলৰ প্ৰায়বোৰ প্ৰজাতিৰে পুলি উপলব্ধ।থলুৱা প্ৰজাতিৰ পৰা বৰ্ণসংকৰ প্ৰজাতিলৈ সকলো ফুল-ফলৰ পুলি আছে তেওঁৰ নাৰ্ছাৰীত।ফলৰ ভিতৰত –আম,লিচু,ডালিম,নেমু,মৌচম্বী,লেটেকু,পনিয়ল,জামু,কমলা,চিকৌ,কঁঠাল আদি প্ৰায় সকলো ফলৰে পুলি আছে।ফুলৰ ক্ষেত্ৰত গোলাপ,জবা,তগৰ,মেপল,একজেৱা,হাছনাহানা,ৰজনীগন্ধা,চামেলী,জেছমিন,পাৰিজাত,নাৰ্জি আদি ফুলৰ উপৰি বিভিন্ন ঋতুত উৎপাদন হোৱা ফুলো আছে।‘ছিজন ফ্লাৱাৰ’ৰ ভিতৰত মেৰীগ’লড,ডালিয়া,ডায়েনথাচ,জিনিয়া,ফ্লক্স,কেলজিয়া,পিতানিয়া আদি প্ৰধান।নাৰ্ছাৰীখনৰ ফল-ফুলৰ পুলিৰ বাবে বিপুল বৰাই’ডেফডিল’আদি প্ৰতিষ্ঠিত নাৰ্ছাৰীৰ পৰা বীজ ক্ৰয় কৰে।তেওঁ নিজেও কিছু উদ্ভিদৰ বীজ উৎপাদন কৰে।তদুপৰি কলম পদ্ধতিৰেও তেওঁ গছৰ পুলি উৎপাদন কৰে।কলমৰ বাবে গছৰ ডালৰ অংশ কাটি তাত গোবৰ,মাটি আদি বান্ধি থয়।সেই অংশৰে গজালি আহিলে ‘কাটি আনি প্ৰথমে মাটিত পুলি ৰোপণ কৰে।পিছত পলিথিনৰ পেকেটত গোবৰ,মাটি,কীটনাশক দ্ৰব্য আদিৰ মিশ্ৰণ সুমুৱাই তাত সেই পুলি ৰোপণ কৰি পেকেটিং কৰে।একেদৰে বীজৰ পৰা পুলি উৎপাদন কৰিবৰ বাবে প্ৰথমে মাটি চাহ কৰি মাটিত ভেঁকুৰনাশক বা অন্য কীটনাশক দ্ৰব্য মিহলি কৰা হয়।পিছত মাটিৰ লগত গোবৰ মিশ্ৰণ কৰা হয়।ইয়াৰ পিছত মাটিত বীজ সিঁচা হয়।মাটি ঢাকি ৰাখিব লাগে আৰু কিছু পৰিমাণে পানীও তাত দিব লাগে।বীজৰ পৰা ১৫ দিনমানৰ পিছত গজালি ওলায় আৰু পুলি উৎপাদন হয়।এই পুলি কিছু ডাঙৰ হোৱাৰ পিছত পলিথিনৰ পেকেটত গোবৰ,মাটি আদিৰ মিশ্ৰণ ভৰাই তাত ৰোপণ কৰা হয়।বিপুল বৰাই জনোৱা মতে,নাৰ্ছাৰীৰ ব্যৱসায় এক লাভজনক ব্যৱসায়,ইয়াত খৰচৰ পৰিমাণ কম।৮০ শতাংশই লাভ হয়।বৰ্তমান বিপুল বৰাৰ পত্নী আৰু একমাত্ৰ পুত্ৰৰ সৈতে এখন সুখৰ সংসাৰ।নগাওঁ চহৰৰ বিভিন্ন স্থানত তেওঁ ফুল ফলৰ পুলি বিক্ৰী কৰাৰ লগতে কোনো গ্ৰাহকে তেওঁৰ নাৰ্ছাৰীৰ পৰাও ফুল-ফলৰ পুলি ক্ৰয় কৰে।পৰৱৰ্তী সময়ত নাৰ্ছাৰীত অৰ্কিড উৎপাদন তেওঁ পদক্ষেপ ল’ব বুলি জনায়।বিপুল বৰাই নাৰ্ছাৰী ব্যৱসায়ৰ প্ৰ্সংগত নৱ-প্ৰজন্মক উৎসাহিত কৰাৰ উদ্দেশ্যে কয় যে চহৰ অঞ্চলৰ লগতে বিশেষকৈ গ্ৰামাঞ্চলত প্ৰতিগৰাকী লোকৰ বাসগৃহৰ লগতে কিছু পৰিমাণ হ’লেও মুকলি ঠাই থাকে,য’ত মাটি এনেই পৰি থাকে।তেনে মাটিত সৰুকৈ হ’লেও যদি এখন নাৰ্ছাৰী স্থাপন কৰিব পাৰি,ই আয়ৰো এই উৎস হয় আৰু মানসিকভাৱেও আনন্দ দিয়ে।কাৰণ,ফুল বেয়া পোৱা লোক পৃথিৱীতে নাই।আনহাতে,আন ব্যৱসায়তকৈ নাৰ্ছাৰী ব্যৱসায়ত মুলধন বহু পৰিমাণে কম লাগে।ইয়াত লোকচান হোৱাৰো সম্ভাৱনা কম।মুলধন হিচাপে ব্যৱহাৰ কৰিবলগীয়া সম্পদকেইটা হৈছে ধৈৰ্য্য,নিষ্ঠা আৰু একাগ্ৰতা।নাৰ্ছাৰীৰ ব্যৱসায়েৰে সফলতাৰ মুখ দেখা বিপুল বৰা নৱ-প্ৰজন্মৰ বাবে আদৰ্শ হওক।উঠি অহা যুৱক-যুৱতীসকলেও চাকৰিৰ সন্ধানত হাবাথুৰি খোৱাৰ পৰিৱৰ্তে নাৰ্ছাৰীৰ ব্যৱসায়েৰে স্বাৱলম্বী হ’ব পাৰে।

লেখক:চন্দনজ্যোতি বৰা (দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 2/2/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate