অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নাৰ্জী, ইন্দ্ৰমালতী, ডালিয়াৰে জীপাল কৃষ্ণ-ৰুবুল-মতলিবৰ জীৱন

নাৰ্জী, ইন্দ্ৰমালতী, ডালিয়াৰে জীপাল কৃষ্ণ-ৰুবুল-মতলিবৰ জীৱন

শিৱসাগৰ চহৰৰ প্ৰাণকেন্দ্ৰ দ’লমুখ। দেশৰ ভিতৰতেই ওখ শিৱ দ’ল। শিৱদ’লৰ চৌহদত বিষ্ণু দ’ল, দেৱী দ’ল। দ’লৰ পাছফালেই বৰপুখুৰীত অলেখ ধৌ। দেশ-বিদেশৰ পৰ্যটক-ভক্তৰ আগমনে বছৰৰ বাৰটা মাহেই য’ত প্ৰাণৱন্তকৰি ৰাখে সকলোকে। দ’লৰ গাতে লাগি আছে শিৱসাগৰ ছোৱালী কলেজ। তাৰ পৰা উফৰি অহা হাঁহিৰ শব্দই মুখৰ কৰি ৰাখে দ’লমুখৰ পৰিৱেশ। ইবোৰৰ মাজত অৱশ্যে কৃষ্ণ দাস, ৰুবুল আলি আৰু মতলিব ৰহমানহতক সতেজ কৰি ৰাখিছে শীতৰ বতৰে। এদিন-দুদিন নহয়, বিগত প্ৰায় পোন্ধৰটা বছৰে তেওঁলোকক শীতৰ বতৰে কঢ়িয়াই অনা ৰ্ং-বিৰঙী ফুলৰ সমাহাৰে জীয়াইৰ্থকাৰ সমল দিছে। নাৰ্জী, ইন্দ্ৰমালতী, ডালিয়া আদিয়ে জীপাল কৰি ৰাখিছে কৃষ্ণ-ৰুবুল-মতলিবহতৰ জীৱন। ফুলপুলি বিক্ৰীৰে শিৱসাগৰত ১৫ বছৰীয়া জীৱন স্ংগ্ৰাম চলাইছে এই তিনি যুৱকে। ফুলৰ গছবোৰ কাৰোবাৰ বাৰীত, পদুলিত, টাবত ৰঙীণ হোৱাৰ আগেয়েই কৃষ্ণ, ৰুবুল, মতলিবহতৰ হতলৈ আহে সৰু সৰু সেউজীয়া পুলি হৈ। এই সেউজীয়া পুলিবোৰত নিহিত হৈ আছে কৃষ্ণ, ৰুবুল, মতলিবহতৰ সপোন। জীৱন-জীৱিকাৰ সপোন। বহুৰঙী ফুল হৈ কাৰোবাক অনাবিল আনন্দ দিয়াৰ পূৰ্বেই ডালিয়, নাৰ্জী, পিটুনীয়া, ডায়ানথাছ, ইন্দ্ৰ মালতীৰ হাজাৰ হাজাৰ পুলিয়ে দ’লমুখৰ এই তিনি যুৱকক প্ৰতি বছৰে দি আহিছে গঢ়ে ১,৫০ লাখকৈ ধন। ঋতুকালীন ফুলৰ ব্যৱসায়ৰ পৰা মোটা অংকৰ ধন লাভ কৰে তিনিও। ‘দৈনিক অসম’ক এই কথা জানিবলৈ দিয়ে কৃষ্ণ দাসে।

কলকাতাৰ পৰা তিনিওজনে বতৰৰ এই ফুলবোৰৰ পুলি ক্ৰয় কৰে। অৰুণোদয় কলেজৰ সমীপতে আছে কৃষ্ণৰ পূৰ্বাঞ্চলৰ নাৰ্ছাৰী। এই নাৰ্ছাৰী প্ৰথমে আছিল বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত। পূৰ্বাঞ্চল নাৰ্ছাৰীৰ এতিয়া বাৰ বছৰ হৈছে। কিন্তু দ’লৰ সন্মুখত ফুলপুলি , শাক আৰু অন্যান্য ফল-মূলৰ মূল্যবান গছৰ পুলি বিক্ৰী কৰা পোন্ধৰবছৰমান হ’ল। তিনিবছৰীয়া পুত্ৰ সন্তান, পত্নীৰে সুখৰ স্ংসাৰ কৃষ্ণৰ। এই ব্যৱসায়ক লৈ সুখী আৰু আশাবাদী যুৱকজনে নিজৰ নাৰ্ছাৰীৰ বিভিন্ন কামত লগায় ৫-৬ জন লোকক। নাৰ্জী, ডালিয়া, পিটুনীয়া ফুলৰ পুলি বেছিকৈ বিক্ৰী কৰে তিনিও যুৱকে। জুলাই মাহৰ পৰা বিক্ৰী আৰম্ভ হয় যদিও অক্টোবৰ, নবেম্বৰ, ডিচেম্বৰ মাহত ফুলৰ বিক্ৰী সন্তোষজনক হয়। লগতে জলকীয়া, বেঙেনা, কবি আদিৰ পুলি, বীজো বিক্ৰী হয়। দৰবাৰ ফিলড্‌ৰ সমীপৰ মৰনৈৰ কষত ঘৰ ৰুবুলৰ। ‘ৰ্ংপুৰ নাৰ্ছাৰী’ৰ গৰাকী ৰুবুল আলিয়ে বিয়াত বহা নায়। মতলিবৰ অনুভৱো একেই দুয়োৰে সৈতে। মতলিবৰ সহকৰ্মী মুনুৱেও সমীপতে ফুলপুলি বিক্ৰীৰ বাবে নতুন বিপনী খুলিছে। শিৱসাগৰ চহৰলৈ অহা চহৰৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ত কৰ্মৰত পুৰুষ-মহিলাৰ বাবে চিনকি এইকেইখন মুখ। তিনিওঅৰে স’তে থাকে আৰু দুই-এজন পুলি বিক্ৰেতা। অন্যান্য সামগ্ৰী মূল্যবৃদ্ধিৰ সমানে সমানে বাঢ়িছে পুলিৰো দাম। গ্ৰাহকৰ আপত্তি থাকেই। তথাপি সকলোৱে বতৰৰ ফুল-ফল-পাচলিৰ পুলি-বীজ ক্ৰয় কৰে। তিনিও যুৱকে জানিবলৈ দিয়ামতে তেওঁলোকে ডালিয়াৰ প্ৰায় ৪৫ টা প্ৰজাতিৰ পুলি বিক্ৰী কৰিছে। ভিন্ন ৰঙৰ প্ৰজাতিৰ পুলিৰ প্ৰতিটোৰ দৰ ১২ টকা। এক ৰঙীবোৰৰ দাম ৬ টকা। একেদৰে পোন্ধৰটা ভিন্ন প্ৰজতিৰ আকৰ্ষণীয় পুলিৰ প্ৰতিটো বিক্ৰী হৈছে ১২ টকা দৰত। ডায়ানথাছৰ পুলি বিক্ৰী হৈছে ১২ টকাত। বহুৰঙী এষ্টাৰৰ পুলিৰ দৰ ১২ টকা, একৰঙীবোঅৰৰ ৫ টকা। চেলডিয়া বিক্ৰী হৈছে ৫-৭ টকাত। ৰেনানকুলাচ ফুলৰ পুলিৰ মূল্য সৰ্বাধিক। একোটা পুলি গ্ৰাহকে ক্ৰয় কৰিছে ৭০/৮০ টকাত। কাৰনেচনৰ দৰ ২০টকা, জেৰানিয়ামৰ ২০/৩০ টকা। ত্ৰিশ/চল্লিশ টকাকৈ আকৰ্ষণীয় প্ৰজাতিৰ ক্ৰিছেনথিয়াম বা ইন্দ্ৰমালতীৰ স্ন’বল, পমপম আৰু মাৰ্বল এই তিনিবিধৰ বিক্ৰী হৈছে বেছিকৈ। ইন্দ্ৰ মালতীৰ একোটা পুলি ৫ ৰপৰা ১০ টকা, কছমছৰ পুলি ৫ টকাত বিক্ৰী হৈছে। তদুপৰি আছে কেলেণ্ডালা, এণ্টনিয়াম আদি বিভিন্ন ফুলৰ পুলি। ‘দৈনিক অসম’ক ৰুবুল, মতলিব আৰু কৃষ্ণই জানিবলৈ দিলে-ফুলৰ পুলি, ফল-মূল, শাক-পাচলিৰ পুলি বিক্ৰী কৰি তেওঁলোকে লাভ কৰিছে অপৰ আনন্দ। দৈনিক বিভিন্ন জনৰ সৈতে চিনাকি হৈছে। তেওঁলোকৰ দৃঢ় বিশ্বাস- আহি থকা দিনবোৰত এই ব্যৱসায়েৰে স্বচ্ছল জীৱন যাপন কৰাই নহয়, সমাজৰ নিবনুৱা শ্ৰেণীকো এক দিশ দেখাবলৈ সক্ষম হয়।

সত্যজিত শইকিয়া, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate