অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নিজৰ পঢ়াৰ খৰচ উলিওৱাৰ লগতে পৰিয়ালক পোহপাল দিছে ৰিজুৱে

নিজৰ পঢ়াৰ খৰচ উলিওৱাৰ লগতে পৰিয়ালক পোহপাল দিছে ৰিজুৱে

চালুকীয়া বয়সতে পিতৃহাৰা বা মাতৃহাৰা হ’লে কি দুৰ্যোগৰ মুখামুখি হ’ব লাগে সেয়া ভুক্তভোগী সন্তানেহে জানে। এনে দুৰ্দশাৰ সন্মুখীন হোৱা মৰিগাঁও জিলাৰ ভূৰবন্ধা উন্নয়ন খণ্ডৰ এজন যুৱক হ’ল ৰূপহীবড়ী গাঁৱৰ ৰিজু পাতৰ। ৰিজুৱে অষ্টম শ্ৰেণীতে পিতৃহাৰা হৈ বহু দুখ-কষ্টৰ মাজেৰে যৌৱনত ভৰি দিয়ে যদিও দিনকদিনে পৰিয়ালটোক আৰ্থিক অনাটনে জুৰুলা কৰাত যুৱকজনে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণৰ পিছতে শিক্ষা সাং কৰিবলগীয়া হয়। এনে সময়ত এইজন যুৱকে উপাৰ্জনৰ স্থল হিচাপে বিচাৰি পালে ‘ল’টাছ ব্ৰয়লাৰ ফাৰ্মিং ডিভিজন’ কোম্পানীটো। ২০১২ চনত এই কোম্পানীটোৰ অধীনত ৰিজুৱে ঘৰৰ বাৰীতে এখন ফাৰ্ম আৰম্ভ কৰে। বৰ্তমান পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনৰ স্থল হিচাপে পৰিগণিত এই ব্ৰয়লাৰ ফাৰ্মখনৰ জৰিয়তে যুৱকজনে নিজৰ প্ৰয়োজন পুৰোৱাৰ লগতে পোহপাল দি আছে মাতৃ আৰু ভাতৃক। ইয়াৰ মাজতেই যুৱকজনে মৰিগাঁও মহাবিদ্যালয়ত থকা কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যয়নে কেন্দ্ৰত নামভৰ্তি কৰে। বৰ্তমান যুৱকজন মুক্ত বিশ্ববিদ্যালয়ৰ স্নাতক শাখাৰ কম্পিউটাৰ শিক্ষাৰ দ্বিতীয় ষান্মাষিকৰ ছাত্ৰ। ছাত্ৰজনৰ পৰা জানিব পৰা জানিব পৰা মতে, একমাত্ৰ ফাৰ্মখনৰ উপাৰ্জনেই তেওঁ তিনিজনীয়া পৰিয়ালটোক চলাই নিয়াৰ লগতে নিজৰ পঢ়া-শুনাৰ খৰচো উলিয়াই আহিছে। উল্লেখ্য যে একাগ্ৰচিত্তে ব্ৰয়লাৰ ফাৰ্মত নিয়োজিত হৈ অহা ৰিজু পাতৰে আৰম্ভণি বৰ্ষতে কোম্পানীটোৰ মৰিগাঁও জিলা শাখা ভিত্তিত দ্বিতীয় পুৰষ্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। ৰিজুৱে জানিবলৈ দিয়া মতে, বৰ্তমান সময়ত ব্ৰয়লাৰ পালন এটা লাভজনক ব্যৱসায়ত পৰিণত হৈছে। শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলে ধৈৰ্যসহকাৰে এই বৃত্তিত আত্মনিয়োগ কৰিলে তেওঁলোক স্বাৱলম্বী হোৱাৰ যথেষ্ট সুযোগ আছে। এই ক্ষেত্ৰত অৱশ্যে তেওঁ আক্ষেপ প্ৰকাশ কৰি কয়, নিজৰ মূলধনৰ অভাৱৰ বাবেই তেওঁ কোম্পানীৰ অধীনত চুক্তি কৰি ব্ৰয়লাৰ ফাৰ্ম খুলিব লগা হৈছে। চুক্তি অনুসৰি কোম্পানীয়ে তেওঁক যোগান ধৰিছে পোৱালি, আহাৰ আৰু ঔষধ পাতি। আনহাতে, যুৱকজনে নিজাববীয়াকৈ ফাৰ্মখনৰ ঘৰটো নিৰ্মাণ কৰাৰ উপৰি বিজুলী যোগান আৰু পোৱালীবোৰ প্ৰতিপালনৰ ব্যৱস্থা কৰিছে। ইয়াৰ বিনিময়ত যুৱকজনক প্ৰতি কিলোগ্ৰাম ব্ৰয়লাৰৰ বাবে কোম্পানীয়ে প্ৰদান কৰে ৬.২৫ টকা। সেই অনুসৰি যুৱকজনে এইবাৰ পালন কৰা ১,৪০০ টা ব্ৰয়লাৰৰ পৰা লাভ কৰিব ১৭,৫০০ টকা। যুৱকজনে জনোৱা মতে, ব্ৰয়লাৰখিনি প্ৰতিপালনৰ ক্ষেত্ৰত নিজা পাৰিশ্ৰমিকৰ উপৰি এইবাৰ খৰচ হৈছে প্ৰায় ৪ হাজাৰ টকা। অৱশ্যে, তেওঁক এই কামত সময়ে সময়ে সহায় কৰি আহিছে তেওঁৰ ভাতৃয়ে। এইদৰেই এতিয়া ফাৰ্মখনৰ জৰিয়তে তেওঁ পৰিয়ালটো সুকলমে চলাবলৈ সক্ষম হৈছে বুলি এই প্ৰতিবেদকক জানিবলৈ দিয়ে।

লিখক: বিষ্ণু ডেকা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate