নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ এলেকাধীন বৰঙাতলী কুৰুৱাবাহী গাঁৱৰ শিক্ষিত যুৱক ধ্ৰুৱ দাধৰাই চৰকাৰী কৰ্মসংস্থাপনৰ আশা ত্যাগ কৰি কৃষি কৰ্মৰ জৰিয়তে নিজে সংস্থাপিত হোৱাৰ উপৰি নিজৰ অঞ্চলৰ প্ৰায় ১৫টা পৰিয়ালক সংস্থাপন দি আদৰ্শ দাঙি ধৰিছে। ২০০২ চনত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ এটা কৰ্মসংস্থাপন লাভৰ আশাৰে ২০০৪ চনত বৰঙাতলী গোপীনাথ দেৱ গোস্বামী হাইস্কুলত(অপ্ৰাদেশীকৃত) যোগদান কৰে, কিন্তু নিষ্ঠা আৰু একাগ্ৰতাৰে শিক্ষকতাৰ জীৱন আৰম্ভ কৰি কম সময়ৰ ভিতৰতে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত এজন সফল শিক্ষক হিচাপে পৰিচয় দাঙি ধৰাৰ পিছত নিজৰ শিক্ষকৰ চাকৰিটো প্ৰাদেশিকীকৰণৰ আশা নেদেখি ২০০৯ চনত বিদ্যালয়খনৰ শিক্ষক পদৰপৰা নিজে অব্যাহতি লয়। তেওঁ বিদ্যালয়ত শিক্ষকতা কৰাৰ সময়তে চৰকাৰী দৰমহা নোপোৱাৰ বাবে ব্যৱসায়ত জড়িত হৈ পৰাৰ লগতে নিজৰ ঘৰৰ তিনি বিঘা মাটিত ২০০৬ চনত নেমু খেতি আৰম্ভ কৰে। এই তিনি বিঘা মাটিত কৰা নেমু খেতিত যথেষ্ট লাভৰ মুখ দেখিবলৈ সক্ষম হয় ধ্ৰুৱ দাধৰাই। ইয়াৰ পিছত ২০০৯ চনত চৰকাৰী কৰ্মসংস্থাপনৰ আশা সম্পূৰ্ণ ত্যাগ কৰি তেওঁ কৰ্মসংস্কৃতি গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই সিদ্ধান্তক সফল ৰূপ দিবলৈ হাতে-কামে লাগে ধ্ৰুব দাধৰা। নিজৰ তিনি বিঘা মাটিত নেমু খেতিৰ উপৰি খেতিৰ পৰিসৰ বৃদ্ধি কৰিবলৈ ঘৰৰ সমীপত থকা ১৩ বিঘা আনৰ মাটি লীজত লয়। সেই ১৩ বিঘাসহ মুঠ ১৬ বিঘা মাটিত সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে নেমু বাগিচা আৰম্ভ কৰি বৰ্তমান এজন সফল খেতিয়কলৈ ৰূপান্তৰিত হয়। সমগ্ৰ অসমৰ লগতে উত্তৰ-পূব ভাৰতত নেমুৰ যথেষ্ট চাহিদা থকাৰ বাবে বৰ্তমান এইগৰাকী খেতিয়কৰ নেমু অসমৰ লগতে মেঘালয়, নাগালেণ্ড আদি ৰাজ্যৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। ৰাজ্য চৰকাৰে উদ্যান শস্য প্ৰযুক্তি মিছনৰ অধীনত ৰাজ্যৰ খেতিয়কসকল উপকৃত হ’ব পৰাকৈ নেমু খেতিতে বিগত সময়ত সৰ্বাধিক টকাৰ অনুদান আগবঢ়াইছে যদিও এই শিক্ষিত নিবনুৱা আদৰ্শ খেতিয়কগৰাকীয়ে এই আঁচনিৰপৰা এটকাও লাভ কৰিবলৈ সক্ষম হোৱা নাই। নিজৰ গাঁঠিৰ ধন ভাঙি নেমু খেতিত সৰ্বাধিক গুৰুত্ব দিয়া ধ্ৰুৱ দাধৰাই এই খেতিৰপৰা বছৰি বাৰ লাখ টকালৈকে উপাৰ্জন হৈছে বুলি জানিবলৈ দিয়ে। কুৰুৱাবাহী গাঁৱৰ প্ৰয়াত নৰেন্দ্ৰ দাধৰা আৰু বিমলা দাধৰাৰ পুত্ৰ ধ্ৰুৱ দাধৰাই অকল যে নেমু খেতি কৰিয়েই ক্ষান্ত হৈছে এনে নহয়, ঘৰৰপৰা কিছু নিলগত থকা ব্যৱসায়িক অঞ্চল বকুলতলত এখন কাপোৰৰ দোকান দি আন এক উপাৰ্জনৰ পথো উলিয়াইছে। উল্লেখ্য যে যিটো সময়ত ৰাজ্যখনৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলে চৰকাৰী কৰ্মসংস্থাপন বিচাৰি হাহাকাৰ কৰি ফুৰিছে অথবা একাংশ শিক্ষিত যুৱকে কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ ঢাপলি মেলিছে, সেই সময়ত নিজৰ স্থানত কৰ্মসংস্কৃতি গঢ়ি তুলি উঠি অহা প্ৰজন্মৰ কাৰণে ধ্ৰুৱ দাধৰা আদৰ্শৰ প্ৰতীক হিচাপে পৰিগণিত হৈছে। শিক্ষা গ্ৰহণ কৰাৰ পিছত অকল যে চাকৰিয়েই কৰিব লাগিব সেইটো মূল কথা নহয় বুলি উল্লেখ কৰি ধ্ৰুৱ দাধৰাই নতুন প্ৰজন্মই কৃষি কৰ্মত জড়িত হৈ অসমৰ কৃষি অৰ্থনীতি সবল কৰা উচিত বুলি উল্লেখ কৰে। বিভিন্ন সামাজিক কাম-কাজ জড়িত্ হৈ থাকি স্থানীয় লোকৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰা এইজন কৃষকৰ সফলতাই চামগুৰি, পুৰণিগুদাম অদি অঞ্চললৈ আশাৰ বতৰা কঢ়িয়াই আনিছে।
লেখক: চন্দনজ্যোতি বৰা(দৈনিক অসম)
শেহতীয়া উন্নীতকৰণ: : 3/16/2020