অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নিদৰ্শন দেখুৱাইছে সৰ্থেবাৰীৰ দুই কৃষক ভাতৃয়ে

নিদৰ্শন দেখুৱাইছে সৰ্থেবাৰীৰ দুই কৃষক ভাতৃয়ে

চমু বিৱৰণি

কম মাটিতে কেইবাটাও খেতি কৰি যে আৰ্থিকভাৱে স্বাৱলম্বী হ’ব পাৰি, সেই আদৰ্শ দেখুৱাইছে সৰ্থেবাৰীৰ পাৰ্শ্বৱৰ্তী গাঁও কাৰাকুছিৰ দুই ভাতৃ দুৰ্গেশ্বৰ ডেকা আৰু অংগদ ডেকাই| প্ৰয়াত গাঁওবুঢ়া গণেশ্বৰ ডেকাৰ পুত্ৰ দুৰ্গেশ্বৰ ডেকা গাঁওখনৰ বৰ্তমানৰ গাঁওবুঢ়াৰ দায়িত্বত আছে| আনহাতে ভাতৃ এজন শিক্ষিত লোক আৰু সৰ্থেবাৰী হাটবজাৰত বীজ ভাণ্ডাৰ এখন দি অঞ্চলটোৰ কৃষক ৰাইজক বীজ, ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্যৰ যোগান ধৰি আহিছে| লগতে নিজৰ কৃষি ফাৰ্মত উৎপাদিত ভিন ভিন শস্যৰো সময়ে সময়ে ইয়াত বিক্ৰীৰ ব্যৱস্থা কৰিছে|

কৰ্মৰ পৰিসৰ

দুয়োজন ভাতৃয়ে যদিও ক্ৰমে গাঁওবুঢ়াৰ পদত নাইবা ব্যৱসায় কৰি আছে, আচলতে তেওঁলোকৰ কৃষিকৰ্মতহে নিচা| সেয়েহে দুয়ো নিজ নিজ কৰ্ম সূচাৰুৰুপে সম্পন্ন কৰাৰ উপৰি কম মাটিতে পৰিকল্পিতভাৱে খেতি কৰি লাভৱান হৈছে| এইবছৰ বাৰিষা কালৰ আৰম্ভণিতে তেওঁলোকে তিয়ঁহ, জিকা, তিতা কেৰালা আৰু কোমোৰাৰ খেতি কৰি আগতীয়াকৈ বজাৰত বিক্ৰী কৰি যথেষ্ট আয় কৰিছিল আৰু এই খেতিৰে তেওঁলোকে লাভৱান হোৱাৰ আশা কৰিছিল| কিন্তু আগতীয়াকৈ হোৱা প্ৰবল বৰষুণ, ধুমুহা আৰু বানপানীয়ে তেওঁলোকৰ খেতি সম্পূৰ্ণ নষ্ট কৰাত তেওঁলোকৰ সপোন চূৰমাৰ হ’ল| তেওঁলোক কিন্তু হতাশ হৈ বহি নপৰিল আৰু দুবিঘা মাতিত কৃষি বিভাগে যোগান ধৰা চেইনজেন্টা এন.কে (Syngenta NK) ৫২৫১ হাইব্ৰীড ধানৰ খেতি আৰম্ভ কৰিলে| তেওঁলোকে ছয় কিলোগ্ৰামমান ধানৰ কঠীয়া সিঁচে জেঠ মাহত আৰু আহাৰ মাহত ৰোপণ কৰে| এই ধানৰ খেতি এতিয়া নদন-বদন হৈ পকিবলৈ ধৰিছে আৰু দুই কৃষকভাতৃয়ে চপোৱাৰ দিহা কৰিছে| তেওঁলোকে এন কে ৫২৫১ হাইব্ৰীড ধানৰ উৎপাদন ২৫-৩০ মোন হ’ব বুলি আশা কৰিছে| তদুপৰি তেওঁলোকে ৩ বিঘা মাটিত আইজং, ৬ বিঘাত বাওধান আৰু ৩ বিঘাত ৰঞ্জিত ধানৰ খেতি কৰিছে| এই খেতিও যথেষ্ট ভাল হৈছে| আৰু প্ৰতি বিঘাত ১৮-২০ মোন উৎপাদন হ’ব বুলি তেওঁলোকে আশা কৰিছে| ধান খেতিৰ সমান্তৰালভাৱে কবি, বেঙেনা, আলু, ৰঙালাউ, জাতিলাউ, লেছেৰা, তিতা কেৰেলা আদি খেতিৰো তেওঁলোকে প্ৰস্তুতি চলাইছে| দুই কৃষক ভাতৃয়ে আগতীয়াকৈ ৰবি আৰু খাৰিফ শস্যৰ খেতি কৰি বজাৰত বিক্ৰী কৰি লাভৱান হোৱাই নহয়, জৈৱিক সাৰ প্ৰয়োগ কৰি উৎপাদন কৰা শস্যৰ যোগান ধৰি গ্ৰাহক ৰাইজৰো চাহিদা পূৰণ কৰি আহিছে| তেওঁলোকৰ কৃষি কৰ্মৰে স্বাৱলম্বী হোৱাৰ আদৰ্শৰ প্ৰতি অঞ্চলটোৰ বহু যুৱক আকৰ্ষিত হৈছে|

লেখক:- চক্ৰেশ্বৰ ডেকা

উৎস:- দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 2/13/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate