অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নিবনুৱাৰ আদৰ্শ মালয়বাৰীৰ উচ্চ শিক্ষিত যুৱক ডিম্বেশ্বৰ দাস

নিবনুৱাৰ আদৰ্শ মালয়বাৰীৰ উচ্চ শিক্ষিত যুৱক ডিম্বেশ্বৰ দাস

ডিমৰীয়া উন্নয়ন খণ্ড এলেকাৰ সোণাপুৰৰ সমীপৱৰ্তী মালয়বাৰী গাঁৱৰ এজন উচ্চ শিক্ষিত মীনপালকৰ নাম ডিম্বেশ্বৰ দাস। ১৯৯৯ চনতে সন্মানসহ বিজ্ঞানৰ স্নাতক হোৱা দাসৰ বৰ্তমানৰ পৰিচয় হ’ল তেওঁ এজন প্ৰগতিশীল, সমন্বিত মীনপালক। দাসে নিজে কি কৰিছে তাতকৈ ডাঙৰ কথা হ’ল আন বহুজনক জীৱনৰ চানেকিৰে মীন পালনলৈ আকৰ্ষিত কৰি সন্ধান দিছে স্বচ্ছল জীৱন আৰু জীৱিকাৰ। এক কথাত অঞ্চলটোৰ এসময়ৰ আটাইতকৈ মেধা আৰু প্ৰগতিশীল ছাত্ৰ ডিম্বেশ্বৰ আজি বহুতৰ বাবে পথ প্ৰদৰ্শক। ২০১২ চনত পিতাকৰ দিনৰে মাটিত এবিঘা জলকালিৰ পুখুৰী এটা খান্দি আৰম্ভ কৰিছিল মীন পালন। পুখুৰীটোৰ চৌপাশে কৰিছিল উদ্যান শস্যৰ খেতি ৰুইছিল বিবিধ তৰু-তৃণ। অমিতা, নাৰিকল, কল, চজিনা, তামোল আদিৰ উপৰি তেওঁ কম সময়তে ধন অৰ্জন কৰিব পৰা বামী, পানীলাউ, জিকা আদি বতৰৰ শাক-পাচলিৰ খেতিও কৰিছিল। প্ৰতিজোপা গছ-গছনি ইমান সুন্দৰকৈ ইমান কম ঠাইত ৰোপণ কৰিছিল যে সেয়া নেদেখিলে বুজাৰ উপায় নাই।

ডিম্বেশ্বৰ দাসৰ প্ৰতিটো কামতে নিহিত হৈ আছে উদ্ভাৱনী চিন্তা আৰু বিজ্ঞানসন্মত দৃষ্টিভংগী। বাৰীখনত ভূমিৰ গুণাগুণৰ ওপৰত গুৰুত্ব দি তেওঁ বীজ বা পুলি আনে উন্নতমানৰ নাৰ্ছাৰীৰ পৰা। ভূমি ব্যৱস্থাপনাও  অতি সুন্দৰ। পুখুৰীৰ প্ৰান্তীয় জলকেন্দ্ৰিক অঞ্চলত চাং পাতি জিকা, ভোল আদিৰ খেতি কৰিছে। এই খেতিৰে মাছখিনিৰ বাবে কিছু সুচল আশ্ৰয়ৰ ব্যৱস্থা কৰাৰ লগতে আহৰণ কৰিছে ওপৰঞ্চি উপাৰ্জন। পুখুৰীৰ ঢালসমূহত ৰোপণ কৰিছে উন্নত জাতৰ ঘাঁহ, যি গ্ৰাছকাৰ্পৰ বাবে উপযুক্ত হোৱাৰ উপৰি পোহনীয়া গৰু-ম’হৰো উৎকৃষ্ট খাদ্য। তদুপৰি এই ঘাঁহে পুখুৰীৰ পাৰসমূহ মজবুত কৰি ধৰি থাকি সামগ্ৰিকভাৱে পুখুৰীটোৰ স্থায়িত্বও বৃদ্ধি কৰিছে। অৱশ্যে ডিম্বেশ্বৰৰ মীন পালনকে ধৰি আজিৰ উত্তৰণলৈ সকলোখিনিতে ওতপ্ৰোতভাৱে জড়িত হৈ আছে বেচৰকাৰী সংস্থা ‘কলং কপিলী’। উল্লেখ্য যে ৰাজ্যৰ মীন খণ্ডৰ এটা অগ্ৰণী বেচৰকাৰী সংস্থা ‘কলং-কপিলী’ য়ে বৃহত্তৰ অঞ্চলটিৰ বহু শিক্ষিত নিবনুৱা যুৱক-যুৱতীক মীন পালনত জড়িত কৰাই কৰ্মসংস্থাপনৰ দিহা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। কলং কপিলীৰ দিহা মৰ্মে প্ৰাৰম্ভিক বৰ্ষত আঙুলি জোখৰ ৮০০ টা বিভিন্ন প্ৰজাতিৰ মাছৰ পোনা সংমিশ্ৰিতভাৱে পালন কৰি দাসে প্ৰায় ডেৰ লাখ টকা লাভ কৰে। উদ্যান শস্যৰ পৰা লাভ কৰে ১ লাখ মান টকা। ইমান কম পৰিসৰত ইমান ডাঙৰ অংকৰ লাভ নিশ্চয়কৈ আন পেছাত বিৰল। তাৰ পিছত দুগুণ উদ্যমৰে দাস জড়িত হ’ল সমন্বিত মীন পালনত। পুখুৰীৰ ওপৰতে নিৰ্মাণ কৰি ল’লে চাংঘৰ এটি, য’ত নিজে থকাৰ উপৰি পহৰা দিয়া, পঢ়া-শুনা কৰা সকলোখিনি তেওঁ তাতেই সমাপন কৰে। চলিত বৰ্ষত আৰু তিনি বিঘা জলকালিৰ পুখুৰী খন্দাৰ কাম ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে। দাসে জানিবলৈ দিয়া মতে, এইদৰে ক্ৰমান্বয়ে লাভাংশৰ ধন বিনিয়োগ কৰি পুখুৰী সম্প্ৰসাৰণৰ কাম চলাই যোৱা হ’ব। আৰম্ভ হ’ব হাঁহ-কুকুৰাৰ লগতে মাছৰ পোণপটীয়া সমন্বয়ৰ ব্যৱস্থা। ডিম্বেশ্বৰক এই কাম-কাজত পিতৃ আৰু ভাতৃয়েও যৎপৰোনাস্তি সহযোগিতা আগবঢ়াই আহিছে। ডিম্বেশ্বৰক দেখি স্থানীয় উচ্চ শিক্ষিত যুৱক চন্দন শৰ্মা আৰু হৰিচন্দ্ৰ বৈশ্যয়ো মীন পালনক পেছা হিচাপে গ্ৰহণ কৰিছে। বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী শৰ্মা আৰু বৈশ্যই চৰকাৰী চাকৰিৰ আশা বাদ দি ডিম্বেশ্বৰে দেখুৱাই দিয়া পথটিৰে মীন পালনত জড়িত হৈ লাভান্বিত হৈছে। অঞ্চলটোৰ উচ্চ শিক্ষিত তিনিজন যুৱকেই মীনপালনত জড়িত হোৱাত অঞ্চলটোত তাৰ ইতিবাচক প্ৰভাৱ অৱধাৰিতভাৱেই পৰিছে। এয়া নি:সন্দেহে অনাগত দিনৰ বাবে আশাৰ পতৰা। উল্লেখ্য যে এই সকলোখিনিৰ লগতে ডিম্বেশ্বৰে গৰু, ছাগলীও পালন কৰিছে। সদ্যহতে যদিও পশুধনৰ মাছৰ লগত প্ৰত্যক্ষভাৱে সমন্বিত কৰা নাই, তথাপি পশুধনৰ মল পুখুৰীত দি মাছৰ প্ৰাকৃতিক খাদ্য সম্ভাৰ বৃদ্ধিত অৰিহণা যোগাইছে। আন এটা শলাগিবলগীয়া কথা হ’ল ইমান ব্যস্ততাৰ মাজতো ডিম্বেশ্বৰে যৎপৰোনাস্তি শিক্ষাদানত ব্ৰতী হৈ আছে। তেওঁ স্থানীয় ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰাৰ উপৰি অসম-মেঘালয় সীমাৱৰ্তী অতি দুৰ্গম মাৰকাং অঞ্চলত সপ্তাহৰ শনি আৰু দেওবাৰে পাঠদান কৰি আহিছে। শনিবাৰে দুপৰীয়া মাৰকাং পাহাৰত উপস্থিত হৈ বিয়লিলৈ পাঠদান কৰি নিশাটো তাতেই কটাই দেওবাৰে পুৱাৰ ভাগত পুনৰ পাঠদান কৰি দুপৰীয়া ভৈয়ামলৈ নামি আহে। অৱশ্যে মাৰকাঙত থকা-খোৱাৰ ব্যৱস্থা আৰু যাতায়তৰ যৎসামান্য খৰচ স্থানীয় জনসাধাৰণে যোগান ধৰে।

উৎস: দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 4/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate