অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নেহেৰু বৰালৈ ঢকুৱাখনা শ্ৰেষ্ঠ কৃষকৰ বঁটা

নেহেৰু বৰালৈ ঢকুৱাখনা শ্ৰেষ্ঠ কৃষকৰ বঁটা

২০১১ চনৰ পৰা ঢকুৱাখানা মহকুমা ভিত্তিত প্ৰদান কৰি অহা বিপিন চন্দ্ৰ দাস সোঁৱৰণী শ্ৰেষ্ঠ কৃষক বঁটাটো এইবেলি ঢকুৱাখানা গাঁও পঞ্চায়তৰ অন্তৰ্গত নেউগড়গুৰিৰ বিশিষ্ট কৃষক নেহেৰু বৰালৈ আগবঢ়োৱা হয়। এই বটাটো প্ৰদান কৰে ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতিয়ে। ঢকুৱাখনাৰ পূৰ্বৰ কৃষি বিষয়া তথা বৰ্তমানৰ ধেমাজিৰ বুটিকুৰ কৃষি উন্নয়ন বিষয়া দুৰ্লভ দাসে পৰিয়ালবৰ্গৰ হৈ আগবঢ়োৱা এই বঁটাটোত আছে নগত ৫ হাজাৰ টকা, এটা ট্ৰফী আৰু প্ৰশংসা পত্ৰ। উল্লেখ্য যে বিশিষ্ট কৃষক নেহেৰু বৰাই ঢকুৱাখনাৰ দৰে বানবিধ্বস্ত এখন ঠাইত কোনো চৰকাৰী অনুদান অবিহনে নিজস্ব কৌশল অৱলম্বন কৰিয়ে কৃষিক্ষেত্ৰলৈ বিপ্লৱ আনিবলৈ সক্ষম হৈছে। বৰাই নিজস্ব্ভাৱে পাৱাৰ টিলাৰ ক্ৰয় কৰি বছৰটোৰ সকলো সময়তে কৃষিকাৰ্য কৰাৰ মাজেৰে অঞ্চলটোৰ কৃষকসকলৰ বাবে আদৰ্শ হৈ পৰিছে। এই বঁটা লাভ কৰি কৃষক বৰাই যথেষ্ট উৎসাহী হোৱা বুলি প্ৰকাশ কৰিছে।

লিখকঃ নৱ কুমাৰ ভৰালী, দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 3/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate