অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পলু পালনেৰে আত্মনিৰ্ভৰশীল বাক্সাৰ বিক্ৰম

পলু পালনেৰে আত্মনিৰ্ভৰশীল বাক্সাৰ বিক্ৰম

অসমৰ চহকী ৰেছম শিল্পৰ তালিকাত অতীজৰে পৰা পাট, মুগাৰ লগতে এৰী শিল্পই সমমৰ্যাদা লাভ কৰি আহিছে। অৱশ্যে বিভিন্ন কাৰক, চৰকাৰী অৱহেলা আদিৰ বাবে আজি এৰী শিল্পী এক সংকটৰ সন্মূখীন হ’বলগা হৈছে। কিন্তু এনে সময়তো এচাম লোকে এই প্ৰাচীন ৰেছম শিল্পৰে স্বাৱলম্বিতাৰ প্ৰয়াস কৰি আহিছে। এনে এক দম্পতী হ’ল বাস্কা জিলাৰ লক্ষীপাৰাৰ বিক্ৰম বসুমতাৰী আৰু কিৰণ বসুমতাৰী। ২০০২ চনত বিক্ৰম বসুমতাৰীয়ে ৰাজ্যৰ ৰেচম বিভাগৰ সৌজন্যত এৰী পালনৰ এক তিনিমহীয়া প্ৰশিক্ষণ সমাপ্ত কৰি আহি নিজ ঘৰতে এৰী পলু পালনৰ কাম আৰম্ভ কৰে। এইক্ষেত্ৰত তেওঁক পূৰ্ণ সহযোগ আগবঢ়ায় পূৰ্বৰ পৰা এৰী পালনত অভিজ্ঞতাসম্পন্ন পত্নী কিৰণ বসুমতাৰীয়ে। ২০০২ চনত বিক্ৰম বসুমতাৰীয়ে ৰাজ্যৰ ৰেছম বিভাগৰ সৌজন্যত এৰী পালনৰ এক তিনিমহীয়া প্ৰশিক্ষণ সমাপ্ত কৰি আহি নিজ ঘৰতে এৰী পলু পালনৰ কাম আৰম্ভ কৰে। এইক্ষেত্ৰত তেওঁক পূৰ্ণ সহযোগ আগবঢ়ায় পূৰ্বৰ পৰা এৰী পালনত অভিজ্ঞতাসম্পন্ন পত্নী কিৰণ বসুমতাৰীয়ে। ২০০২ চনৰ অক্টোবৰ মাহত স্থানীয় এৰী পালনৰ পৰা তাকৰীয়া পলু সংগ্ৰেহেৰে এৰী পালন আৰম্ভ কৰা দম্পতীদ্বয়ে পৰৱৰ্তী বছৰৰ পৰা লগে লগে ইয়াক সম্প্ৰসাৰণ কৰি সম্প্ৰতি তিনিটা এৰি পালন গৃহত লাখ লাখ এৰী পলু পালন কৰিছে। দম্পতীদ্বয়ে প্ৰকাশ কৰা মতে এই কামত তেওঁলোকে যথেষ্ট লাভৰ মুখ দেখা পাইছে। সম্প্ৰতি তেওঁলোকে এৰী পালনৰ বাবে ঘৰৰ চৌহদৰ এবিঘা মাটিত এৰা খেতি কৰিছে আৰু তাৰ পৰাই পলু খাদ্যখিনি পোৱা যায়। তেওঁলোকে এৰীলেটাবোৰ বিক্ৰী কৰি যদিও ঘৰতে তিনিগৰাকী মহিলাক হাজিৰা শ্ৰমিক হিচাপে ৰাখি এৰী সূতা কাটি এৰী চাদৰ প্ৰস্তুতৰ কামো কৰি আহিছে। একোখন এৰী চাদৰত তেওঁলোকে তিনি হেজাৰ টকা পৰ্যন্ত লাভ কৰে আৰু বছৰত প্ৰায় ষাঠিখন এৰী চাদৰ বিক্ৰী কৰিব পাৰে। বিশেষকৈ এৰী চাদৰৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত যথেষ্ট চাহিদা আছে আৰু তাতে এৰী চাদৰবোৰ বিক্ৰী কৰা হয়। আনহাতে বাক্সাৰ একাংশ জনজাতীয় লোকে প্ৰচুৰ প্ৰ’টিনসম্পন্ন এৰী পলুক খাদ্য হিচাপে গ্ৰহণ কৰে আৰু বজাৰত এৰী পলুৰ যথেষ্ট চাহিদা আছে। তেওঁলোকে কিলোত তিনিশ টকা দৰত কিছু এৰী পলু স্থানীয় বজাৰতো বিক্ৰী কৰে। দম্পতীদ্বয়ে জানিবলৈ দিয়ামতে এৰী পালনৰ কামত তেওঁলোকৰ দিনটোত মাত্ৰ চাৰি-পাঁচ ঘণ্টাহে ব্যয় হয়। বাকী সময়ত তেওঁলোকে অন্য খেতি-বাতিৰ কামত লাগিব পাৰে। আনহাতে এৰীৰ পলু, লেটা, চাদৰ বিক্ৰী কৰাতো তেওঁলোকে কোনো অসুবিধা নাপায়। একাংশ খুচুৰা ব্যৱসায়ীয়ে এইবোৰ ঘৰৰ পৰাই উপযুক্ত দামত ক্ৰয় কৰি নিয়ে। সম্প্ৰতি তেওঁলোকে এৰী পালনৰ জৰিয়তে মাহেকত প্ৰায় পোন্ধৰ হেজাৰ টকাকৈ উপাৰ্জন কৰাৰ লগতে অন্য তিনিগৰাকী মহিলাকো জীৱিকাৰ সন্ধান দিব পাৰিছে।

লিখকঃ উৎপল কুমাৰ কলিতা

শেহতীয়া উন্নীতকৰণ: : 3/25/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate