অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পাচলি খেতিৰে স্বাৱলম্বী বঙাইগাঁৱৰ পশ্চিমাঞ্চলবাসী

পাচলি খেতিৰে স্বাৱলম্বী বঙাইগাঁৱৰ পশ্চিমাঞ্চলবাসী

বঙাইগাওঁ জিলাৰ পশ্চিমাঞ্চলৰ লোকসকলে প্ৰচুৰ পৰিমাণে শাক-পাচলিৰ খেতি কৰি সেউজ বিপ্লৱৰ সুচনা কৰিছে।আন আন বছৰতকৈ এইবেলি অঞ্চলটোত সৰ্বসাধাৰণ লোকসকলে বতৰৰ বেয়া পৰিৱেশৰ বাবে অতি পলমকৈ হ’লেও অধিক হাৰত শাক-পাচলি উৎপাদন কৰি অভিলেখ গঢ়িছে।পিছে জিলাখনৰ কৃষি বিভাগে এইসকল কৃষকক কিমান সহায় সহযোগিতা আগবঢ়াইছে,সেয়া পিছৰ কথা যদিও তেওঁলোকে একান্ত মনেৰে খেতিৰ কামত জড়িত হৈ পৰিছে।যাৰ বাবে জিলাখনৰ বামুণীঢিলা গাওঁ পঞ্চায়তৰ দক্ষিণ ঘাক পাৰা  আৰু ধুবুৰী জিলাৰ ৰঙামাটি গাওঁ পঞ্চায়তৰ তেতুলতোলা গাঁৱৰ বিশেষকৈ চম্পাৱতী নৈৰ পাৰৰ পলসুৱা মাটিত বিঘাই বিঘাই আলু,বেঙেনা,বিলাহী,ফুলকবি,বন্ধাকবি,ওলকবি,মুলা গাজৰ,জলকীয়া,পানীলাউ লাই-লফা,পালেং ,বীন ,পিঁয়াজ ,নহৰু আদি বিভিন্ন খেতি কৰা পৰিলক্ষিত হয়।৩২ নং বঙাইগাওঁ বিধানসভা সমষ্টি আৰু বিলাসীপাৰা পুব বিধানসভা সমষ্টিৰ অন্তৰ্গত এলেকাটোৰ আয়ুব আলী,আমিৰ হুছেইন,আব্দুল বাৰেক,ওহাব মণ্ডল,জহৰ আলী,তাহেৰ আলী,ছাত্তাৰ আলী,সাদামাল আলী,সাহাবুদ্দিন, আব্দুল জলিল,মতিয়ৰ ৰহমান,ছামাদ আলী,আয়নাল হক,ৰহমত আলী,আমিন আলী,মজৰুদ্দিন ,শুকুৰ আলী,জাহান উদ্দিন,আব্দুল হাই আদি কৰি প্ৰায় তিনিশ কৃষকে দুই-তিনি বিঘাৰ পৰা ছয় –সাত বিঘা মাটিলৈ থলুৱাকে ধৰি উন্নত জাতৰ উক্ত খেতিবোৰ কৰিছে।একোজন খেতিয়কে আঢ়ৈৰ পৰা তিনি বিঘা মাটিত আলু খেতি কৰি এক লাখ টকা পৰ্যন্ত লাভ কৰিবলৈ সক্ষম হৈছে।ইফালে,অঞ্চলটোৰ জনসাধাৰণে উৎপাদিত সামগ্ৰীবোৰৰ উচিত মুল্য লাভ কৰিবলৈ সক্ষম হোৱা নাই।উপযুক্ত বজাৰৰ অভাৱৰ লগতে অঞ্চলটোৰ যাতায়াতৰ ব্যৱস্থা একেবাৰে শোচনীয়।ইয়াৰ শাক-পাচলি ৰাজ্যখনৰ বিভিন্ন ঠাইলৈ ৰপ্তানি হয়।কিন্তু যাতায়াতৰ খৰচ অধিক হোৱা বাবে বেপাৰীসকলে কম মুল্যতে কৃষকে কপালৰ ঘাম মাটিত পেলাই উৎপাদন কৰা সামগ্ৰী ক্ৰয় কৰে।যাৰ পৰিণাম ভুগিব লগা হয় ক্ষুদ্ৰ তথা দৰিদ্ৰ বানবিধবস্ত কৃষকসকলে।অঞ্চলটোৰ কৃষকসকলে বৃহত্তৰ এলেকাটোত এটা শীতল ঘৰ নিৰ্মাণৰ বাবে জন প্ৰ্তিনিধিৰ ওচৰত দাবী জনাইছে।লগতে এলেকাটোৰ নৰককুণ্ড বাট-পথ ,দলং,কালভাৰ্টবোৰ শীঘ্ৰে মেৰামতি তথা পুন:নিৰ্মাণৰ বাবে দাবী জনাইছে ৰাজ্য চৰকাৰৰ ওচৰত।

লেখক: ছাত্তাৰ উদ্দিন আহমেদ (নিয়মীয়া বাৰ্তা)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate