অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পাচলিৰ খেতিৰে আদৰ্শ স্থাপন দক্ষিণ শালমাৰাৰ কৃষকৰ

পাচলিৰ খেতিৰে আদৰ্শ স্থাপন দক্ষিণ শালমাৰাৰ কৃষকৰ

 

ব্ৰহ্মপুত্ৰৰ বান আৰু খহনীয়াই প্ৰতিবছৰে তাণ্ডৱ সৃষ্টি কৰি অহা ৰাজ্যৰ অন্যতম জিলা হ’ল দক্ষিণ শালমাৰা। তথাপি এই জিলাখনৰ ঠায়ে ঠায়ে প্ৰকৃতিৰ তাণ্ডৱক নেওচি কৃষিকেই জীৱিকাৰ পথ হিচাপে বাছি লৈছে ইয়াৰ কৃষকসকলে। কোনো এটা বছৰত যদি খেতিডৰা ভাল হয় আন কোনো এটা বছৰত আকৌ বান-খহনীয়াই সকলো নিশ্চিহ্ন কৰি থৈ যায়, তেনে এটা অঞ্চলতো এগৰাকী কৃষকে খেতিৰে আদৰ্শ স্থাপন কৰিছে। দক্ষিণ শালমাৰা কৃষি উন্নয়ন চক্ৰৰ অধীনৰ সুন্দৰ পাৰা গাঁৱত তিনি বিঘা মাটিত কোমোৰা খেতি কৰি সহিদুৰ আলম নামৰ এগৰাকী দুখীয়া কৃষকে স্বনিয়োজনৰ পথ মোকলাই সকলোকে আকৃষ্ট কৰিবলৈ সক্ষম হৈছে। ধুবুৰীৰ ফকিৰগঞ্জ থানা এলেকাৰ সুন্দৰ পাৰা গাওঁ নিবাসী সহিদুৰ আলম নামৰ কৃষকগৰাকীয়ে নিজৰ তিনি বিঘা খেতি মাটিত আজিৰ পৰা ছমাহ পুৰ্বে কোমোৰা খেতি কৰে জালিত। মন কৰিবলগীয়া যে কোনোধৰণৰ কৃষি বিভাগৰ দিহা-পৰামৰ্শ তথা সাহায্য অবিহনে কৃষকগৰাকীয়ে সম্পুৰ্ণ নিজা খৰচত পৰিচৰ্যা কৰি এই খেতি কৰে। তাৎপৰ্যপুৰ্ণভাৱে কৃষকগৰাকীৰ এই খেতি কৰোঁতে মুঠ দহ হাজাৰ টকা ব্যয় হয় যদিও বৰ্তমানে কৃষকজনে ইয়াৰ দুগুণ ইতিমধ্যে আয় কৰিবলৈ সক্ষম হৈছে। অঞ্চলটোত চৰকাৰীভাৱে কৃষিখণ্ডৰ হতাশ প্ৰতিচ্ছবি সত্ত্বেও কৃষকজনে দিনে-নিশাই শ্ৰমদান কৰি তেওঁৰ এই তিনি বিঘা কোমোৰা খেতি জীপাল কৰি তোলে। অঞ্চলটোত কোনোদিনেই গ্ৰাম্য পৰ্যায়ৰ কৃষি সম্প্ৰসাৰণ কৰ্মীগৰাকীক এই কৃষকগৰাকীয়ে লগ নোপোৱা বুলি এক গুৰুতৰ অভিযোগ পোৱা কৃষকজনৰ মতে, যদি কৃষি সম্প্ৰসাৰণ কৰ্মীগৰাকীৰ পৰা উপযুক্ত দিহা- পৰামৰ্শ পোৱা গ’লহেঁতেন, তেন্তে হয়তো কৃষকগৰাকীয়ে আৰু আন পাচলি খেতি কৰি আৰু অধিক ফচল লাভ কৰিলেহেঁতেন বুলি মতপোষণ কৰিছে। পাচলি খেতি কৰি পৰিয়ালটো পোহপাল দিয়া সহিদুৰ আলম নামৰ খেতিয়কগৰাকীৰ এনে আদৰ্শই অঞ্চলটোৰ বহুতক প্ৰেৰণা দিবলি সক্ষম হৈছে।

লেখক: ছুবাছাদ্দাক ইছলাম( নিয়মীয়া বাৰ্তা)

 

শেহতীয়া উন্নীতকৰণ: : 10/30/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate