অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পুষ্টিগত ক’লা ধানৰ খেতিয়ে আনিছে আশাৰ বতৰা:

পুষ্টিগত ক’লা ধানৰ খেতিয়ে আনিছে আশাৰ বতৰা:

 

২০১১ চন। ৰাজস্থানৰ উদয়পুৰত অনুষ্ঠিত কৃষিভিত্তিক এখন প্ৰদৰ্শনীত অংশগ্ৰহণৰ সুযোগ পাইছিল দুধনৈ কৃষি বিজ্ঞান কেন্দ্ৰৰ কাৰ্যক্ৰম সমন্বয়ক ড° উত্তম কুমাৰ বৰুৱাই। প্ৰদৰ্শনীখন পৰ্যবেক্ষণ আৰু পৰিভ্ৰমণ কৰোঁতে ড° বৰুৱাৰ চকু সততে নিবন্ধ হ’ল সুন্দৰ পেকেটৰে সজাই থোৱা ক’লা বৰণৰ চাউলখিনিত। বৰুৱাৰ অনুসন্ধিৎসু মনে হৃদয়ৰ ডেউকা ফালি উৰা মাৰিলে মাতৃভূমিৰ শৈশৱৰে পৰা উমলি-জামলি ডাঙৰ হোৱা ধাননিডৰালৈ। সিদ্ধান্ত ল’লে উচ্চ বিক্ৰী মূল্য আৰু পৰিপুষ্টিগত গুণাগুণ সমৃদ্ধ চাউলবিধৰ খেতি নিজ এলেকাৰ গোৱালপাৰাতো কৰি চোৱাৰ। কাকূতি-মিনতি কৰি সংগ্ৰহ কৰিলে দুই পেকেট ক’লা চাউল আৰু এক কিলোগ্ৰাম ধান। ধানৰ বীজৰ পেকেটটো আলফুলে আনি আমগুৰিপাৰা গাঁৱৰ প্ৰ্গ্ৰতিশীল অগ্ৰণী কৃষক উপেন্দ্ৰ ৰাভাৰ হাতত তুলি দিলে। উদ্দেশ্য পৰীক্ষামূলকভাৱে ক’লা চাউলৰ খেতিৰ সূচনা কৰাটো। এইক্ষেত্ৰত কেন্দ্ৰটোৰ বিজ্ঞানী, বিষয়া-কৰ্মচাৰীকে আদি কৰি সকলো অতি উৎসাহিত হৈ হৃদয়ৰ তাড়নাৰে উপেন্দ্ৰ ৰাভাৰ খেতিপথাৰত জড়িত হ’ল। কিন্তু অসমীয়াত এষাৰ কথা আছে- দাঁতাই দিলেও বিধাতাই নিদিয়ে। অনেক চেষ্টাৰ মূৰতো এক কিলোগ্ৰাম বীজৰ মাত্ৰ এটাহে অংকুৰিত হ’ল। কেও কিছু নোহোৱাৰ বাবে খেৰকুটাই সাৰথিৰ দৰে তাকেই আলফুলে তুলি ল’লে উপেন্দ্ৰ ৰাভাই। প্ৰথম বছৰত সকলোৰে উমৈহতীয়া প্ৰচেষ্টাত মুঠ ১৩০ গ্ৰাম ধান পোৱাটো সম্ভৱ হ’ল। পৰৱৰ্তী বৰ্ষত অৰ্থাৎ ২০১৪ চনত গোৱালপাৰা জিলা কৃষি বিভাগৰ বিশেষ তৎপৰতা আৰু ব্যৱহাৰিক সহযোগিতাত উপন্দ্ৰ ৰাভাৰ নেতৃত্বত গাৱৰ প্ৰায় ১০০ বিঘা ভূমিত ক’লা চাউলৰ খেতি কৰা হয়। উৎপাদন বিঘাইপতি ১১ মোন। চলিত বৰ্ষত এই সফলতাৰ আলমত উৎসাহিত হৈ কৃষকসকলে কৃষি বিভাগ আৰু গোৱালপাৰা কৃষি বিজ্ঞান কেন্দ্ৰৰ পূৰ্ণ সহযোগিতাত প্ৰায় ৫০০ বিঘা মাটিত ক’লা চাউলৰ খেতি কৰিছে। এতিয়ালৈকে সকলোখিনি অতি আশাপ্ৰদ।

ক’লা চাউল খেতিৰ এই সফল পৰিক্ৰমাত সততে উচ্চাৰিত হোৱা নামটো হৈছে উপেন্দ্ৰ ৰাভা। গোৱালপাৰা জিলাত ক’লা চাউলৰ খেতিৰ সূচনাৰে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সুনাম কঢ়িয়াই জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা ৰাভা নিঃসন্দেহে মাতৃভূমিৰ যোগ্য সন্তান। ২০১৩ চনত মাত্ৰ এডাল ধানৰ পৰা বীজ উৎপাদন কৰি পৰৱৰ্তী বৰ্ষত ১৬০০ কিলোগ্ৰাম ধান উৎপাদন কৰিবলৈ সক্ষম হোৱা উপেন্দ্ৰ ৰাভাই প্ৰমাণ কৰি দিছে যে ইচ্ছা, নিষ্ঠা, উদ্যম আৰু হৃদয়ৰ তাগিদাৰে কৰ্মত অগ্ৰসৰ হ’লে অসম্ভৱ বুলি কোনো কথা নাই। সংশ্লিষ্ট কৃষি উন্নয়ন বিষয়া বগাৰাম বড়ো, তদানীন্তন জিলা কৃষি বিষয়া ড° ভূমিধৰ কলিতা আৰু গোৱালপাৰা কৃষি বিজ্ঞান কেন্দ্ৰৰ কাৰ্যক্ৰম সমন্বয়ক ড° উত্তম কুমাৰ বৰুৱাৰ সহযোগিতাত ৰাভাই ক’লা চাউলৰ খেতিৰ প্ৰসাৰ তথা কৃষকৰ মাজত জনপ্ৰিয় কৰাত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। ক’লা চাউলবিধো জিলাখনত চিনাকি হৈ পৰে ‘উপেন্দ্ৰ ৰাইচ’ হিচাপে। উপেন্দ্ৰ ৰাভাৰ উত্তৰণ আৰু কাম-কাজ সম্পৰ্কে পৰৱৰ্তী সময়ত বিশেষ লিখাৰ থল ৰাখিলোঁ।

উল্লেখ্য যে এন্থচিয়ানিন নামৰ এবিধ পদাৰ্থৰৰ বাবে এইবিধ চাউল গাঢ় ক’লা হয় আৰু ৰান্ধিলে গাঢ় বেঙুনীয়া ৰঙলৈ ৰূপান্তৰিত হয়। সমগ্ৰ বিশ্বতে পুষ্টিগুণ আৰু উপকাৰিতাৰ বাবে এইবিধ চাউল অতি জনপ্ৰিয়। ১৯৯৫ চনৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰত এইবিধ ধানৰ খেতি আৰম্ভ হৈছে আৰু বৰ্তমান এইবিধ ধানৰ বজাৰ চাহিদা অতি বেছি। ক’লা চাউলত থকা লৌহ পদাৰ্থই লোহিত ৰক্তকণিকা বৃদ্ধি কৰি দেহৰ বাবে অক্সিজেনৰ উপলভ্যতাত সহায় কৰে। সেয়েহে ৰক্তহীনতাত ভোগা ৰোগীসকলৰ বাবেই অতি উত্তম পথ্য। তদুপৰি ইয়াত থকা এন্ট-অক্সিডেন্ট শৰীৰৰ কোষ, কলা আৰু যিকোনো অংগ-পতংগ বিনষ্টকাৰী মুক্ত কণাসমূহৰ নঞাৰ্থক ক্ৰিয়াত বাধা দি হৃদযন্ত্ৰৰ ৰোগ আৰু কেন্সাৰ প্ৰতিৰোধত সহায় কৰে। তুলনামূলকভাৱে আন চাউলতকৈ ক’লা চাউলৰ পুষ্টি মূল্য অতি বেছি। ক’লা চাউল মধুমেহ ৰোগীসকলৰ বাবেও উৎকৃষ্ট খাদ্য। ক’লা চাউল এলাৰ্জী প্ৰতিৰোধ, ছালৰ যত্ন, দেহৰ ওজন কমোৱা আদিতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

ক’লা চাউলৰ পৰা বিশ্বায়নৰ বিভিন্ন প্ৰকৰণ প্ৰস্তুত কৰা হয়। মান সংযোজন আৰু খাদ্য সংসাধন প্ৰযুক্তিৰে ক’লা চাউলৰ পৰা প্ৰস্তুত কৰা বিভিন্ন খাদ্য আজি অতি জনপ্ৰিয়। অৱশ্যে ক’লা চাউলৰ ৰন্ধন প্ৰকৰণ আমাৰ সাধাৰণ চাউলতকৈ কিছু সুকীয়া।

ক’লা চাউলৰ জৰিয়তে উপেন্দ্ৰ ৰাভাই কেৱল গোৱালপাৰাৰ বাবেই নহয়, ৰাজ্যবাসীলৈ কঢ়িয়াই আনিছে গৌৰৱৰ ঢল। অসম চৰকাৰ, কৃষি বিভাগ, ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদ আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা সংগঠনে যথোচিত সন্মান আৰু স্বীকৃতি প্ৰদান কৰা ৰাভাৰ কৰ্ম তথা অনুসন্ধিৎসু কাম-কাজে আঁজুৰি আনিবলৈ সক্ষম হৈছে বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা তথা পুৰস্কাৰ। অতি প্ৰগতিশীল কৃষক উপেন্দ্ৰ ৰাভা ৰাজ্যবাসীৰ বাবে জ্বলন্ত আদৰ্শ। ক’লা চাউলৰ জৰিয়তে বিশ্ব দৰবাৰত ৰাজ্যবাসীক সুকীয়া মৰ্যাদা প্ৰদান কৰিবলৈ সক্ষম হোৱা উপেন্দ্ৰ ৰাভাই নিজে অৰ্থনৈতিকভাৱে লাভৱান হোৱাৰ উপৰি স্থানীয় শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলকো ন পথৰ সন্ধান দি স্ব-নিয়োজনৰ পথ প্ৰশস্ত কৰিছে। উপেন্দ্ৰ ৰাভাৰ(৯৬৭৮২-২০৭২৩৯) এই যাত্ৰা হওক ৰাজ্যৰ কৃষিখণ্ডৰ উত্তৰণৰ প্ৰসংগত এক অবিৰত শোভাযাত্ৰা।

লেখক: ড° ধ্ৰুৱজ্যোতি শৰ্মা(নিয়মীয়া বাৰ্তা)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate