অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পৰম্পৰাগত কৃষিৰে যোৰহাটত সেউজ বিপ্লৱ

পৰম্পৰাগত কৃষিৰে যোৰহাটত সেউজ বিপ্লৱ

অসমৰ মাটি আৰু জলবায়ু শস্য উৎপাদনৰ বাবে অনুকূল হোৱাৰ হেতু ইয়াত অন্যান্য শস্যৰ লগতে শাক-পাচলিৰ খেতিয়ে ব্যাপক প্ৰসাৰতা লাভ কৰিছে। হ্ৰস্বকালীন শাক-পাচলিৰ খেতিত অন্য শস্যৰ তুলনাত আয় কৰাৰ থল থাকে বাবে ৰাজ্যৰ গ্ৰামাঞ্চল আৰু নদী কাষৰীয়া চৰ-চাপৰিসমূহত বহু শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়েও এইবিধ কৃষিকাৰ্য্যৰে স্বনিয়োজনৰ পথ সুগম কৰিছে। ফলত ৰাজ্যৰ একো একোটা অঞ্চল পাচলি উৎপাদনৰ বাবে খ্যাত আৰু উক্ত ঠাইসমূহত গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ তথা ব্যৱসায়িক কেন্দ্ৰ গঢ় লৈ উঠিছে। ৰাজ্যৰ এই বিশেষ অঞ্চলসমূহৰ মাজতে যোৰহাটৰ ককিলামুখৰ অন্তৰ্গত ব্ৰক্ষ্মপুত্ৰৰ দাঁতিকাষৰীয়া এক অঞ্চলত নীৰৱে কৃষি বিপ্লৱৰ সূচনা হৈছে। অঞ্চলটোৰ নদীখনৰ ৫ নং শৈলবান্ধৰ পৰা ৭ নং শৈলবান্ধলৈকে অংশটোত ৩ খনকৈ গাঁৱৰ কৃষক আৰু লক্ষণীয়ভাৱে বহু শিক্ষিত নিবনুৱাই প্ৰায় ১৫০ খন বাৰীত প্ৰায় ৫০০ বিঘাৰো অধিক মাটিত ঋতু উপযোগীকৈ বিধে বিধে শাক-পাচলি, মাহ, সৰিয়হৰ খেতি কৰি আত্মনিৰ্ভৰশীল হৈ উঠিছে। অঞ্চলটোৰ নহটীয়া, উজনিখঙীয়া, খুটীয়াপোতাৰ কনক পাতৰ, ৰুদ্ৰ পাতৰ, খগেন পাতৰ, ভবেন লালিম, দ্বীপেন দাস, অবিনাশ পাতৰ, লৱণ পাতৰ, লাল চৌধুৰী আদি কৃষক আৰু শিক্ষিত নিবনুৱা যুৱকে প্ৰত্যেকৰে ২-৫ বিঘাকৈ মাটিত বছৰি বিবিধ ৰবি শস্যৰ খেতি কৰে। ইয়াৰ ফচল আৰু সম্প্ৰতি তেওঁলোকৰ বাৰীত কোমোৰা, জিকা, তুৰৈ, জাতিলাও, ভেণ্ডি, নেমু, জলকীয়া আদিৰ খেতি কৰি নিতৌ শ শ কুইন্টল পাচলি যোৰহাট নগৰলৈ যোগান ধৰি আহিছে। কঠোৰ পৰিশ্ৰমেৰে উৎপাদন কৰা শস্য তেওঁলোকৰ বাৰীৰ পৰাই বিক্ৰী কৰাৰ উপৰি নগৰতো বিক্ৰী কৰি বছৰি এজন কৃষকে ২-৩ লাখ টকা উপাৰ্জন কৰে।

উৎস: অসমীয়া প্ৰতিদিন।

শেহতীয়া উন্নীতকৰণ: : 3/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate