অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পৰিৱৰ্তনৰ বতাহত বঙালমৰাত উৰিছে সেউজ বিপ্লৱৰ পতাকা

পৰিৱৰ্তনৰ বতাহত বঙালমৰাত উৰিছে সেউজ বিপ্লৱৰ পতাকা

বঙালমৰা বা ইচলামপুৰ-লখিমপুৰ জিলাৰ প্ৰান্তৱৰ্তী লালুক কৃষি চক্ৰৰ অন্তৰ্গত এক বৃহৎ অঞ্চল। এই অঞ্চলৰেই তিনঠেঙীয়া, যুৱনগৰ, পাভ আনাপুৰ, ফটেহপুৰ বালিজান আদি গাঁৱত সূচনা হৈছে এক নীৰৱ বিপ্লৱ। ব’হাগৰ বৰদৈচিলাৰ স্বাভাৱিক আগমনৰ দৰেই এই বৃহৎ কৃষি প্ৰধান অঞ্চলটোক প্ৰায় নিয়মীয়াভাৱে ঢাহি-মুহি যায় বানপানীয়ে। ওচৰৰ ডিক্ৰং, ৰঙানদী, শিঙৰা আদিৰ কোবাল সোঁতে মহতিয়াই যায় পথাৰৰ শালি ধান। অকল শালি ধানৰ ওপৰত নিৰ্ভৰশীল এই বৃহৎ অঞ্চলটোৰ কৃষকৰ সপোন বানপানীয়ে থৈ যায় তচনচ কৰি। বানপানী উত্যক্ত পথাৰত পৰি ৰয় মাথোন বিধ্বস্ত শালি ধানৰ অৱশেষ। আজিৰ পৰা কিছু বছৰ আগলৈকে এয়াই আছিল অঞ্চলটোৰ স্বাভাৱিক দৃশ্য।

কিন্তু সময় সলনি হয়। সলনি হয় এই বৃহৎ অঞ্চলটোৰ কৃষকৰ মানসিকতা। বানপানীক প্ৰত্যাহ্বান জনাই পৰিৱৰ্তনৰ বতাহজাকৰ গুৰি ধৰি সেউজ বিপ্লৱৰ পতাকা উৰুৱাবলৈ আগবাঢ়ি আহে এই অঞ্চলৰেই আতিকূল, নুৰ মহম্মদ, মোজাম্মিল, চফিকুল, বাবৰ, হেদায়েৎউল্লা আদি শিক্ষিত যুৱকসকল। কেৱল ভাত মোকলোৱাৰ আহিলা হিচাপে নলৈ সম্পূৰ্ণ ব্যৱসায়িক দৃষ্টিভংগীৰে কৃষিক্ষেত্ৰত নিজকে নিয়োজিত কৰাৰ বাবে সংকল্পবদ্ধ হ’ল এইসকল যুৱক। কৃষি বিভাগক সাৰথি হিচাপে লৈ শালিধানৰ বিকল্প হিচাপে তেওঁলোকে আৰম্ভ কৰিলে ইৰিধান, ৯ নং বিহাৰী জয়া, বিপ্লৱ আদিৰ দৰে বৰোধানৰ খেতি। প্ৰথমতে পৰীক্ষামূলকভাৱে কৰা শালিধানত বিঘাই প্ৰতি পোৱা ৬-৭ মোনৰ বিপৰীতে উন্নত কৃষি পদ্ধতিৰে কৰা বৰোধানৰ খেতিত ২৫-৩০ মোন উৎপাদন পাই তেওঁলোকে যেন উশাহ ঘূৰাই পালে। এই উশাহ নতুন বতাহৰ, এই উশাহ নতুন উচাহৰ। কৃষি বিভাগে ৰূপায়ণ কৰি থকা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযানকে ধৰি বিভিন্ন আঁচনি অধীনত বৰ্ণসংকৰ ধানৰ বীজ, অগভীৰ নলীনাদ, পাৱাৰ টিলাৰ আদিকে ধৰি বিভিন্ন কৃষি সামগ্ৰী লাভ কৰি তেওঁলোকে বৰোধানৰ খেতি সম্প্ৰসাৰিত কৰে ৩০ হাজাৰ বিঘালৈ। এইসকল নৱপ্ৰজন্মৰ কৃষকৰ কৃষিকাৰ্য্যৰ সফলতাৰ বতাহজাক ক্ৰমে বিস্তাৰিত হৈছে নাওবৈচা, বিহপুৰীয়া, দল’হাট, পানীগাঁও, লখিমপুৰ আদি কৃষি চক্ৰলৈ। আধুনিক কৃষি কৌশলৰ প্ৰয়োগত সিদ্ধহস্ত এইসকল যুৱকৃষকৰ বাবে শ্ৰী বা ধানৰ প্ৰৱলীকৰণৰ দৰে পদ্ধতিৰ প্ৰয়োগ তেনেই সাধাৰণ বিষয়। বৰ্ণসংকৰ ধানৰ খেতিৰ পৰা তেওঁলোকে প্ৰতিবিঘাত লাভ কৰিছে সৰ্বোচ্চ ৩৮ মোন উৎপাদন। কৃষি বিভাগৰ বীজগাঁও আঁচনিৰ অধীনত প্ৰমাণিত বীজ উৎপাদন কৰি নিয়মীয়াকৈ যোগান ধৰিছে বিভাগক। মীনপালন কৰা পুখুৰীৰ পানী শেতিয়া খৰালি কালত শুকাই যায় তেতিয়া সেই পুখুৰীতো ৰোপন কৰে বৰোধানৰ কঠিয়া। একেলগে কৰে ধান আৰু মাছৰ খেতি। অসম কৃষি সামৰ্থবৰ্দ্ধক প্ৰকল্পৰ জৰিয়তেও আতিকূল, নুৰুদ্দিনহঁতে লাভ কৰিছে মীন পালনৰ সুবিধা। সেউজ বিপ্লৱৰ লগতে নীল বিপ্লৱৰ সূচনা কৰা মোজাম্মিলহঁতে লালুক, বিহপুৰীয়া, বঙলামৰা আদি অঞ্চলৰ মাছৰ ৮০ শতাংশ চাহিদাই পূৰ কৰিবলৈ সক্ষম হৈছে। বেংকৰ স্থানীয় শাখাইও তেওঁলোকক ঋণ আগবঢ়াবলৈ দ্বিধাবোধ নকৰে। বেংকৰ সৈতে তেওঁলোকৰ সম্পৰ্ক অত্যন্ত সৌহাদ্যপূৰ্ণ। সম্প্ৰসাৰণ কৰ্মী লক্ষণ মাল্লাহ, কৃষি উন্নয়ন বিষয়া অপূৰ্ব বৰুৱা, ৰাধিকা পেগু, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযানৰ ন’ডেল বিষয়া অশ্বিনী কাকতি, মীন সম্প্ৰসাৰণ বিষয়া উপেন পেগু, খণ্ড কাৰিকাৰী প্ৰৱন্ধক প্ৰাঞ্জল মৰাং আদিৰ লগতে নাৱাৰ্ডৰ জিলা উন্নয়ন প্ৰৱন্ধক, ষ্টেট বেংকৰ বঙালমাৰা আৰু লালুক শাখাৰ বিষয়াসকলৰ নাম কৃতজ্ঞতাৰে সোঁৱৰে এইসকল কৃষকে।

লিখকৰ নাম: ভাস্কৰজ্যোতি বৰঠাকুৰ

শেহতীয়া উন্নীতকৰণ: : 4/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate