অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ফল-মূল সংৰক্ষণৰ ক্ষুদ্ৰ উদ্যোগ খুলি মাহে ৩০ হাজাৰ টকা উপাৰ্জন

ফল-মূল সংৰক্ষণৰ ক্ষুদ্ৰ উদ্যোগ খুলি মাহে ৩০ হাজাৰ টকা উপাৰ্জন

মাত্ৰ দহ হেজাৰ টকাৰে এটি কৃষিভিত্তিক ক্ষুদ্ৰ উদ্যোগ খুলি এগৰাকী দৰিদ্ৰ সীমা ৰেখাৰ তলৰ মহিলাই দুবছৰতে স্বাৱলম্বী হোৱা কাৰ্য সম্প্ৰতি সকলোৰে বাবে আদৰ্শ হৈ পৰিছে। এইগৰাকী সৎ সাহসী, উদ্যমী মহিলা হৈছে মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত অতি ভিতৰুৱা মাহদলা গাঁৱৰ লক্ষীমাই ভৰালী শইকীয়া। মাত্ৰ অষ্টম শ্ৰেণীলৈ পঢ়া এইগৰাকী মহিলাই সংসাৰৰ মায়াত বন্দী হৈ এদিন হাহাকাৰ কৰি ফুৰিছিল উপাৰ্জনৰ স্থল বিচাৰি। মহিলাগৰাকীয়ে জনোৱা মতে, আত্মসহায়ক গোটৰ জৰিয়তে তেওঁ এই পথ বিচাৰি পাইছিল। বৰ্তমানো মহিলাগৰাকীয়ে গাঁৱৰ কেইগৰাকীমান মহিলাৰ লগত মিলি চলাই আছে মৌচুমী আত্মসহায়ক গোট নামৰ এটি গোট। গোটটোৰ সম্পাদিকাৰ দায়িত্বত আছে মহিলাগৰাকী। ইয়াৰ মাজতেই এইগৰাকী মহিলাই নিজা প্ৰচেষ্টাৰে ঘৰতে ২০১২ চনৰপৰা আৰম্ভ কৰিছে ফল-মূল সংৰক্ষণৰ এটি কৃষিভিত্তিক ক্ষুদ্ৰ উদ্যোগ। লখিমী ফুড প্ৰডাক্টছ্‌ নামৰ এই ক্ষুদ্ৰ উদ্যোগটোৰ জৰিয়তে এতিয়া এইগৰাকী মহিলাই মাহে ৩০ হাজাৰ টকা উপাৰ্জন কৰে। উদ্যোগটোত তেওঁ জাম-জেলি, বিভিন্ন ফল-মূল, ভোট জলকীয়া আদিৰ আচাৰ, চৰ্বত লাডু-পিঠা আদি তৈয়াৰ কৰে। আনহাতে, উদ্যোগটোত উৎপাদিত আটাইবোৰ সামগ্ৰীৰ বাবে আটকধুনীয়া নতুন ৰঙীণ লেবেল, পেকেজিং আদি সকলো কাম কৰে মহিলাগৰাকীয়ে। মহিলাগৰাকীক এই কামত সহায় কৰি আহিছে স্বামী জ্যোতিষ শইকীয়া আৰু তেওঁলোকৰ একমাত্ৰ কন্যাগৰাকীয়ে। কেতিয়াবা অতিৰিক্তভাৱে দুই-তিনিজন কৰ্মচাৰীও তেওঁ নিয়োগ কৰি আহিছে। উল্লেখ্য যে উৎপাদিত সামগ্ৰীসমূহ স্থানীয়ভৱে বিক্ৰী কৰাৰ উপৰি গুৱাহাটী, নগাঁও, মৰিগাঁও, লাহৰীঘাট আদিৰ বহুকেইটা ব্যৱসায়িক প্ৰতিষ্ঠানে প্ৰতিমাহে ক্ৰয় কৰি আহিছে। তৎসত্ত্বেও উৎপাদনৰ অনুপাতে এখন উপযুক্ত বজাৰ নোপোৱা বুলি মহিলাগৰাকীয়ে কয়। উল্লেখ্যযোগ্য যে স্থানীয়ভাৱে আম, কঁঠাল, পদিনা, মধুৰিআম, মাটিকঁঠাল, আদি ফল-মূল সংগ্ৰহ কৰি ক্ষুদ্ৰ উদ্যোগটোত কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰি অধিক লাভৱান হৈছে উদ্যোগী মহিলাগৰাকী। উদ্যোগটো স্থাপনৰ বাবে ইতিমধ্যে জিলা কৃষি বিভাগে ডেৰ লাখ টকা ব্যয় সাপেক্ষে এটি ঘৰো নিৰ্মাণ কৰি দিছে। একেদৰে উদ্যোগটো সম্প্ৰসাৰণৰ কাৰণে চলিত বছৰতে জিলা বাণিজ্য আৰু উদ্যোগ বিভাগৰপৰা ২.৭৫ লাখ টকাৰ এটি ঋণ লাভ কৰিছে। উল্লেখ্য যে ফল-মূল সংৰক্ষণ সন্দৰ্ভত এইগৰাকী আগ্ৰহী মহিলাই ২০০৮ চনত জিলা গ্ৰামোন্নয়ন অভিকৰণে পবিতৰাহাটত অনুষ্ঠিত কৰা ফল-মূল সংৰক্ষণৰ ১৬ দিনীয়া প্ৰশিক্ষণত অংশগ্ৰহণ কৰে। ইয়াৰ পিছত সেই একেটা বৰ্ষতে তেওঁ কৃষি বিভাগৰ উদ্যোগত নগাঁৱত আৰু ২০১১ চনত গুৱাহাটীত প্ৰশিক্ষণ লয়। অৱশ্যে ইয়াৰ পূৰ্বে ২০০৫ চনত ৰাজ্যিক কৃষি বিভাগৰ উদ্যোগত পঞ্জাৱত পাঁচদিনীয়া এটি প্ৰশিক্ষণ লোৱাৰ লগতে একেদৰে কৃষি বিভাগৰ উদ্যোগতে ২০১০ চনত তেওঁ ডিব্ৰুগড়ত আন এটি প্ৰশিক্ষণ লয়। বৰ্তমান তেওঁ এগৰাকী প্ৰশিক্ষকৰূপে জিলাখনৰ বিভিন্ন ঠাইত আত্মসহায়ক গোটৰ একাংশ সদস্য-সদস্যাক প্ৰশিক্ষণ দি আছে। ইফালে, এইগৰাকী মহিলাই মৰিগাঁও জিলাক প্ৰতিধিত্ব কৰি অসম ভিত্তিত অনুষ্ঠিত লেবেল আৰু পেকেজিং প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰিছিল ২০১৩ চনত। একেদৰে ২০১৩-১৪ চনতো তেওঁ জিলাভিত্তিত ফল-মূল সংৰক্ষণ প্ৰতিযোগিতাত দ্বিতীয় স্থান দখল কৰি মানপত্ৰ-ট্ৰফী আদি লাভ কৰিছে। স্মৰ্তব্য যে মহিলাগৰাকীৰ এনে উদ্যোগমুখী কাৰ্যক স্থানীয় ৰাইজে প্ৰশংসা কৰিছে।

লিখকঃ বিষ্ণু ডেকা, দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 3/14/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate