মানুহৰ দৈনন্দিন জীৱনত এবিধ নিত্য প্ৰয়োজনীয় সামগ্ৰী হৈছে ফুল। ইয়াক বিশেষভাৱে ব্যৱহাৰ কৰা হয় সৌন্দৰ্য বৰ্দ্ধনৰ বাবেহে। ফুল বিশ্বৰ সকলোতে আছে, ই সৰ্বত্ৰ সমাদৃত। প্ৰত্যেক দেশৰে মাটি-পানীৰে শুজা কিছু নিজস্ব ফুল আছে, অসমতো আছে। অথচ মানুহৰ মানুহে তেনে ফুলৰ খেতি কৰিবলৈ এৰি আজিকালি বিদেশী ফুলকহে বৰকৈ আদৰা দেখা যায়।
অসমৰ পাহাৰ-ভৈয়াম, জুৰি, নৈপাৰ আৰু জনবসতিপূৰ্ণ ঠাইত ফুল ফুলি সৌন্দৰ্যৰ মেলা পতা দেখা যায়। অসমত বিভিন্ন ঋতুত ফুলে বিভিন্ন ধৰণে মেলা পাতে। এই ফুলবোৰৰ ভিতৰত কেতেকী, নাহৰ, কপৌ, পলাশ, শিমলু, এজাৰ, মদাৰ, সোণাৰু আদি বননিত ফুলা ফুল। আনহাতে, তগৰ, নাৰ্জি, শেৱালি, গুটিমালি, গুৱামালি, খৰিকাজাই, ইন্দ্ৰমালতী, গোন্ধমালতী, মালতী, গধূলি গোপাল, চম্পা, যুতি, যুতি মালতী, কামিনীকুসুম, জবা, কৰবী, বাগী কপৌ, ৰাংগল, অশোক আদি ঘৰুৱাভাৱে ফুলা ফুল। এইবিলাকৰ উপৰি পানীত জন্মা ভেট, পদুম আদি ফুলো অসমত আছে।
অসমত ফুল খেতি সাধাৰণতে সৌন্দৰ্য্যবৰ্ধনৰ বাবেই কৰা হয় যদিও ইয়াৰ ব্যৱসায়িক দিশতো সমানে গুৰুত্ব আছে। ৰাজ্যখনৰ আৰ্থ-সামাজিক তথা ধৰ্মীয় জীৱনৰ লগত ফুল ওত:প্ৰোতভাৱে জড়িত। এক সমীক্ষা অনুসৰি ভাৰতত মুঠতে ৩৪,০০০ হেক্টৰতকৈ অধিক মাটিত ফুলৰ খেতি কৰা হয়। ইয়াৰে ২৪,০০০ হেক্টৰ মাটিত পৰম্পৰাগত ফুল আৰু ১০,০০০ হেক্টৰ মাটিত উন্নত জাতৰ ‘ছান ফ্লাৱাৰ’ ফুলৰ খেতি কৰা হয়।
অসমত অতি কম খৰচতে কৰিব পৰা আৰু অধিক চাহিদা থকা ফুলবোৰৰ ভিতৰত গ্লেডিউলাছ, ৰজনীগন্ধা আৰু নাৰ্জী ফুল বিশেষভাৱে উল্লেখ্যযোগ্য। তদুপৰি বৰ্তমান ৰাজ্যখনত বাহিৰৰ পৰা অহা ডালিয়া, কেক্টাছ, কিউলেক্স আদি বিভিন্ন জাতৰ ফুলৰ চাহিদাও যথেষ্ট বৃদ্ধি পাইছে। এনে ফুলৰ অধিক চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান ৰাজ্যখনৰ বাবে প্ৰয়োজনীয় ফুলৰ পুলি ৰাজ্যৰ বাহিৰৰ পৰা আমদানি কৰা হয়। গতিকে গুৱাহাটী মহানগৰীৰ কাষৰীয়া অঞ্চলৰ উপৰি ৰাজ্যখনৰ বিভিন্ন অঞ্চলত ব্যৱসায়িকভাৱে ফুল খেতি কৰাৰ সম্ভাৱনা আছে। এইকেইবিধ ফুলৰ অৰ্থনৈতিক দিশ বিশ্লেষণ কৰিলে দেখা যায় যে প্ৰতি বিঘা গ্লেডিউলাছ ফুলৰ খেতিৰ পৰা মঞ্জুৰী বিক্ৰী কৰি ২৫,০০০-৩০,০০০ টকা আৰু আলু বিক্ৰী কৰি ৪০,০০০-৪৫,০০০ টকা উপাৰ্জন কৰিব পাৰি। আকৌ ৰজনীগন্ধা ফুলৰ পৰা বিঘাই প্ৰতি ৩৫,০০০-৪০,০০০ টকা উপাৰ্জন কৰিব পৰা যায়। আনহাতে, অসমত কৰিব পৰা ফ্ৰেন্স আৰু আফ্ৰিকান নাৰ্জি ফুলৰ খেতিৰ পৰা সাধাৰণভাৱে বিঘাই প্ৰতি ৩৫,০০০-৪৫,০০০ টকা, সাৰ-কীটনাশক দ্ৰব্য প্ৰয়োগ কৰি ৬০,০০০-৬৫,০০০ টকা পৰ্য্যন্ত উপাৰ্জন কৰিব পাৰি। আকৌ শেহতীয়াভাৱে অসমত কৰা বেলি ফুলৰ খেতিৰ পৰা তেল আৰু ফুলৰ গুটি বিক্ৰী কৰি বিঘাই প্ৰতি ২০,০০০-২৫,০০০ টকা উপাৰ্জন কৰিব পাৰি।
নিৱনুৱা যুৱক-যুৱতীসকলে ফুলৰ ব্যৱসায় কৰি স্ব-নিয়োজনৰ পথ প্ৰশস্ত কৰিব পৰা ব্যৱস্থাটো হৈছে নাৰ্চাৰী উদ্যোগ। এই নাৰ্চাৰী উদ্যোগৰ অৰ্থনৈতিক দিশ বিশ্লেষণ কৰিলে দেখা যায় যে বতৰীয়া ফুলৰ বীজ আৰু পুলি বিক্ৰী কৰি বিঘাই প্ৰতি কমেও ২০-২৫ হাজাৰ টকা উপাৰ্জন কৰিব পাৰি। আনহাতে, টাৱত ৰোৱা ফুল বা বহুবৰ্ষীয় শোভাবৰ্দ্ধনকাৰী উদ্ভিদৰ প্ৰতিটো টাব বিক্ৰী কৰি টকা আয় কৰিব পাৰি। অসমৰ বিভিন্ন ঠাইত বৰ্তমানে এনেধৰণে নাৰ্চাৰী উদ্যোগ খুলি একাংশ নিবনুৱা যুৱক-যুৱতীয়ে আত্মসংস্থাপনৰ বাট মুকলি কৰিব পাৰিছে। এই নাৰ্চাৰী উদ্যোগৰ প্ৰসাৰৰ বাবে বৰ্তমান অসম চৰকাৰে খণ্ড উন্নয়ন কাৰ্য্যালয়ৰ জৰিয়তে কম সুদৰ হাৰত ঋণ দিয়াৰো ব্যৱস্থা কৰিছে। বৰপেটা জিলাৰ বাঘমাৰা নিৱাসী পংকজ কুমাৰ কলিতাই এনেধৰণে নাৰ্চাৰী উদ্যোগ খুলি নিজ স্বাৱলম্বী হোৱাৰ লগতে আন দহজন নিবনুৱা যুৱককো কৰ্মসংস্থান দিবলৈ সক্ষম হৈছে।
ফুল অসমীয়া সমাজৰ এক আদৰণীয় সামগ্ৰী। ইয়াক ঘৰুৱা শোভাবৰ্দ্ধনৰ উপৰি পূজাই পাৰ্বনে ব্যৱহাৰ কৰা হয়। ফুল নহ’লে কোনো মাংগলিক কাৰ্য সিদ্ধি নহয়। বিবাহৰ দৰা আৰু কইনাক নিজৰ ঘৰৰ মাটিত হোৱা ফুলৰ মালাডালেহে শুৱায়। বজাৰত পোৱা প্লাষ্টিকৰ মালাধাৰিৰ কোনো মূল্য নাই। সেয়ে প্ৰতিজন অসমীয়া মানুহৰ ঘৰতে ব্যৱসায়িকভাৱে নহ’লেও ঘৰখনৰ সৌন্দৰ্যবৰ্দ্ধন তথা মাংগলিক কাৰ্যত ব্যৱহাৰ কৰিব পৰাকৈ ফুলৰ খেতি কৰাতো নিত্যান্তই প্ৰয়োজন।
লিখক: অশ্বিনী কুমাৰ নাথ, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 3/7/2020
পশ্চিম নলবাৰীত সৰিয়হৰ হালধীয়া ফুলৰ হাঁহি
অৰ্কিডৰ বিষয়ে কিছু কথা
অপৰাজিতা ফুলৰ ঔষধি গুণ
দোৰোণ ফুলৰ উপকাৰিতা