অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বকোৰ বুঢ়াশাৰা বিজয়লক্ষ্মী কৃষি সমবায়

বকোৰ বুঢ়াশাৰা বিজয়লক্ষ্মী কৃষি সমবায়

 

সোণালী জয়ন্তী বৰ্ষ গৰকা কামৰুপ জিলাৰ বকোৰ সমীপৱৰ্তী বুঢ়াশাৰা বিজয়লক্ষ্মী কৃষি সমবায় সমিতিখনে ৰাজ্যৰ কৃষিখণ্ডত লাভ কৰিছে এক সুকীয়া পৰিচিত।মুঠ ৬১ টা পৰিয়ালক সামৰি ৫৭১ বিঘা ভুমিকালিৰে সমৃদ্ধ সমিতিখনৰ কাম-কাজে বিগত ৫৭টা বছৰত বহন কৰিছে এক নতুন দিনৰ প্ৰতিচ্ছবি।১৯৫৯-৬০ চনতে পঞ্চীয়নকৃত সমিতিখনৰ ব্যৱস্থাপনা,পৰিচালনা,কৰ্মপদ্ধতি আদি নি:সন্দেহে সচৰাচৰ দেখি অহা সমবায়সমুহৰ তুলনাত কিছু ব্যতিক্ৰম।ব্যতিক্ৰম বুলি কোৱাতকৈ ইয়াক ইতিবাচক বুলি ক’লেহে হয়তো বেছি প্ৰাস্ংগিক হ’ব।এই ইতিবাচকতা নি:সন্দেহে একক,অনন্য আৰু অদ্বিতীয়।সমবায়খনৰ সকলো কাম-কাজ পৰিচালনা আৰু নীতি-নিৰ্দ্ধাৰণৰ বাবে আছে এখন মুল সমিতি।দ্বিবাৰ্ষিক কাৰ্যকালৰ বাবে দায়িত্বপ্ৰাপ্ত সমিতিখনৰ বৰ্তমান সভাপতি আৰু সম্পাদক হৈছে ক্ৰমে দেৱ বড়ো আৰু লক্ষীকান্ত বড়ো।মুল সমিতিখনৰ তলত আছে ‘ক’,’খ’ আৰু ‘গ’ নামেৰে তিনিখন উপ-সমিতি।সমবায় সমিতিখনৰ মুঠ সম্পদৰ ৫০ বিঘা মাটি মুল সমিতিখনৰ লগত ৰাখি বাকীখিনি তিনিটা গোটৰ মাজত কৃষিভিত্তিক কাম-কাজৰ বাবে সমানে ভগাই দিয়া হৈছে।এই ৫০ বিঘাৰ পৰা লাভ কৰা ধান আৰু প্ৰতিষ্ঠান উপ-সমিতিৰ পৰা বছৰেকত লাভ কৰা ২০ মোনকৈ ধানৰ পৰা মুল সমিতিয়ে ব্যৱস্থাপনা ,পৰিচালনা আৰু সমন্বয়মুলক কামখিনি সমাপন কৰে।কাৰ্যালয় চলোৱাৰ খৰচ,যাতায়ত,দৰ্শনাৰ্থীৰ আপ্যায়ন,সমাজ সেৱামুলক কাম-কাজ আদিৰ দায়িত্ব মুল সমিতিৰ।বাকী তিনিখন উপ-সমিতিয়ে বিভিন্ন কৃষিভিত্তিক কাম-কাজ ৰুপায়ণ কৰে।উপ-গোটকেইটাৰ বিশেষকৈ ‘গ’গোটটো মীন পালনৰ লগত জড়িত।দেৱ বড়ো (৮১৩৩৯-১৫০৮০)আৰু শোভন বড়ো (৯৭০৬৬-৪৩২৩৯)সভাপতি আৰু সম্পাদক হিচাপে থকা এই গোটটোৱে মীন পালনৰ জৰিয়তে বিশেষ সাফল্য দেখুৱাবলৈ সক্ষম হৈছে।মুঠ এক হেক্টৰ জলকালি বিশিষ্ট দুটা পুখুৰীত গোটটোৱে সম্পুৰ্ণ বিজ্ঞানসন্মত দৃষ্টিভংগীৰে সমন্বিত মীন আৰু উদ্যানশস্য আঁচনি ৰুপায়ণ কৰি কাৰ্পজাতীয় মাছৰ স্ংমিশ্ৰিত পালনত আশাতীত সফলতা লাভ কৰিছে।এই গোটটোৰ মুঠ সদস্য ২০ জন।গোটটোৰ তত্ত্বাৱধানত থকা পতিত ভুমিখিনিত বাৰিষা প্ৰাকৃতিকভাৱে মাছ সোমাবলৈ দি ২০০০ চনমানৰপৰা মাছ ধৰি ধন আহৰণ কৰি আছিল যদিও পৰৱৰ্তী সময়ত ২০১০ চনত এইখিনি বিজ্ঞানসন্মতভাৱে মীনপামলৈ পৰ্যবসন কৰি মীন পালন কৰি আহিছে।গোটটোৰ উৎসাহ দেখি মীন বিভাগৰ তদানীন্তন জিলা বিষয়া সুভাষ দত্তই (৯৪৩৫৪-২৪২৫৪)২০১২-১৩ বৰ্ষত ১.৯৫ লাখ টকা অনুদান আগবঢ়াই মীন পামখন নিৰ্মাণ কৰি দিছিল যদিও পৰৱৰ্তী বৰ্ষত বানপানীয়ে পামখনৰ বিস্তৰ ক্ষতি সাধন কৰে।বানপানীয়ে আৰ্থিক ক্ষতি কৰিলে যদিও কৃষকৰ মন কিন্তু ভাঙিব নোৱাৰিলে।সেয়ে কৃষকসকলে হতাশ নহৈ পুনৰ ন উদ্যমৰে মীন পালন আৰম্ভ কৰে।এইবাৰ আৰু গোটটোৱে পিছলৈ উভতি চাবলগীয়া হোৱা নাই।প্ৰতিবছৰে দেখি আহে অৱধাৰিত লাভৰ মুখ।তেওঁলোকে অতি সুন্দৰভাৱে মীন পালনৰ লগত সমন্বয় ঘটনাইছে উদ্যান শস্যৰ।পুখুৰীৰ পাৰত উন্নত জাতৰ কল,অমিতা,নেমুটেঙা আদি অৰ্থকাৰী উদ্যান শস্য ৰোপণ কৰিছে।মাছৰ পৰা বছৰেকত ২ লাখ টকামান আয় হোৱাৰ বিপৰীতে উদ্যান শস্যৰপৰা আহে সকলো খৰচ বাদ দি ১.৫ লাখমান টকা।মীনপামখনৰ সমান্তৰালভাৱে থকা দীঘল জানটিত প্ৰাকৃতিক ভাৱে উপলভ্য মাছখিনিৰ পৰা  বছৰেকত উপাৰ্জন হয় আৰু দুই লাখ টকা। প্ৰতিজন সদস্যই বছৰেকত ৪০ কেজি মাছ আৰু ১২,০০০ টকা হাতত ৰাখি বাকীখিনি পৰৱৰ্তী  সময়ত বিনিয়োগৰ বাবে জমা কৰি ৰাখে।অৱশ্যে নিজ পৰিয়াল,গাঁওবাসী আৰু স্থানীয় কাজ-কৰ্মত বিলোৱাখিনিৰ কথা সুকীয়া।গোটটিয়ে কৰা ধান আৰু সৰিয়হ খেতিৰ পৰা বছৰেকত আদায় হয় ক্ৰমে এক লাখ আৰু ডেৰ লাখ টকা।ইতিমধ্যে নকৈ ৪০ বিঘা জলকালিৰ পুখুৰী খান্দি মীনপালন আৰম্ভ কৰাৰ প্ৰস্তুতি চুড়ান্ত কৰিছে।তদুপৰি,প্ৰাকৃতিকভাৱে উপলভ্য মাছখিনিৰ স্ংবৰ্দ্ধনৰ বাবে ২০ ফুট*১৫০ ফুট জোখৰ দুটা পুখুৰী নিৰ্মাণৰ কুচকাৱাজ আৰম্ভ হৈছে।পৰৱৰ্তী বৰ্ষত মীন পালনৰ লগত সমন্বিতভাৱে হাঁহ সংযোজন কৰাৰ পৰিকল্পনাও চুড়ান্ত কৰিছে গোটাটিয়ে।মীন পালনৰ এই সফলতাত গোটটোৱে সদ্য অৱসৰপ্ৰাপ্ত উপ-মীন সঞ্চালক সুভাষ দত্ত আৰু কামৰুপৰ জিলা মীন উন্নয়ন বিষয়া পজিৰ উদ্দিন আহমেদৰ (নাজু,৯৪৩৫৩-০৬৫১৫)অৰিহণা কৃতজ্ঞতাৰ স্বীকাৰ কৰে ।গোটটো তথা সমগ্ৰ সমবায় সমিতিখনৰ ব্যৱস্থাপনা তথা পৰিচালনাজনিত কামখিনি অতি শৃংখলাবদ্ধ আৰু পৰিপাটী।পামখনৰ চৌপাশে সাতটা সৰু সৰু জুপুৰি আছে।নৈশ পহৰাৰ দায়িত্বত থকাসকলে ইয়াত থাকি খাই-বৈ দায়িত্ব সমাপন কৰে।নৈশ পহৰাৰ দায়িত্বও সপ্তাহৰ মুৰে মুৰে সলনি হয়।পহৰাদাৰসকলৰ কৰ্তব্যনিষ্ঠা নিৰ্ণয় কৰাৰো উদ্ভাৱনী ব্যৱস্থা কৰিছে মুল সমিতিয়ে।বুঢ়াশাৰা বিজয়লক্ষ্মী কৃষি সমবায় সমিতি নি:সন্দেহে আমাৰ কৃষকসকলৰ বাবে অনুকৰণীয় আদৰ্শ।সমুহীয়া পাম পদ্ধতিৰে উত্তৰণৰ এনে উদাহৰণ অতি বিৰল।ইচ্ছুকসকলে মুল সমিতিৰ লগত যোগাযোগ কৰি এবাৰ সমবায় সমিতিখনৰ কাম-কাজ স্বচক্ষে চাই আহিব পাৰে।আপোনাক সহযোগিতা আগবড়াব ‘গ’উপ-সমিতিৰ সভাপতি দেৱ বড়ো (৮১৩৩৯-১৫০৮০)আৰু শোবন বড়ো (৯৭০৬৬-৪৩২৩৯)সদা প্ৰস্তুত।

লেখক :ড০ ধ্ৰুৱজ্যোতি শৰ্মা (দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 1/10/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate