অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বগৰী খেতিৰে বছৰি ৯ লাখ টকা উপাৰ্জনৰ লক্ষ্য

বগৰী খেতিৰে বছৰি ৯ লাখ টকা উপাৰ্জনৰ লক্ষ্য

বগৰী খেতি কৰি নিজৰে আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলা এজন আদৰ্শবান খেতিয়ক হ’ল জাহাংগীৰ আলী। বৰপেটা জিলাৰ কলগাছিয়াৰ নিকটৱৰ্তী বলাইপথাৰ গাঁৱৰ বাসিন্দা এইজন আদৰ্শবান খেতিয়কে এবিঘা মাটি ১৫০০ টকাত লীজত লৈ গুৱাহাটীৰ এখন নাৰ্চাৰীৰপৰা ৯০ টা বগৰী গছৰ পুলি ১৭০ টকাকৈ ক্ৰয় কৰি আনি তাত ৰোপণ কৰে।

 

পুলি ক্ৰয়ৰপৰা আৰম্ভ কৰি সাৰ-পানী, জালসহ মুঠ ৩০ হাজাৰ টকা ব্যয় হোৱা এই বগৰী খেতিডৰাৰপৰা আলীয়ে আশাপ্ৰদ উৎপাদন কৰিবলৈ সক্ষম হৈছে। তেওঁ উৎপাদন কৰা বগৰীসমূহ খেতিৰপৰাই বেপাৰীসকলে কিলোৱে প্ৰতি ৬০ টকাকৈ ক্ৰয় কৰি আছে। বৰ্তমানলৈ তেওঁ ৫০০ কিলোগ্ৰাম বগৰী বিক্ৰী কৰিছে আৰু এহাজাৰ কিলোগ্ৰাম বিক্ৰী কৰাৰ লক্ষ্য ৰাখিছে। বৰ্তমান ৩ লাখ টকা উপাৰ্জন কৰা আলীয়ে শেষ পৰ্যন্ত ৯ লাখ টকা উপাৰ্জন কৰাৰ লক্ষ্য স্থিৰ কৰিছে। সম্পূৰ্ণভাৱে নিজৰ পকেটৰ ধন খৰচ কৰি সাৰ-পানী যোগান ধৰি খেতি কৰা জাহাংগীৰ আলীয়ে চৰকাৰৰ ফালৰপৰা কোনো ধৰণৰ সহায় নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে। আলীৰ বগৰী খেতিৰ সফলতা দেখি গাঁওখনৰে বহু খেতিয়কে আগন্তুক সময়ত এই খেতি কৰাৰ সপোন ৰচনা কৰা বুলি জানিবলৈ দিছে। কম খৰচত অধিক উৎপাদন তথা ব্যতিক্ৰমী খেতি কৰি স্বাৱলম্বী হোৱা জাহাংগীৰ আলীক ভূয়সী প্ৰশংসা কৰিছে গাঁওবাসীয়ে।

লিখকঃ আব্দুৰ ৰহমান, দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate