অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বাঁহৰ মূঢ়াৰ আকৰ্ষনীয় সামগ্ৰীৰে বজাৰ দখল

বাঁহৰ মূঢ়াৰ আকৰ্ষনীয় সামগ্ৰীৰে বজাৰ দখল

শিল্পীৰ মননশীলতাত কেইপদমান সৰু সৰু অস্ত্ৰৰ মাধ্যমত প্ৰাণ পাই উঠে এক শিল্পই। আৱৰ্জনা আৰু মূৰ্ত, বিকৃত এক পৃথিৱীৰ পৰা বাছি উলিয়ায় সৃষ্টিৰ সঁফুৰা। কপালৰ ঘাম মাটিত পেলাই বাঁহৰ মূঢ়াৰ পৰা হস্তশিল্পক বিশ্ব দৰবাৰলৈ নিয়াৰ প্ৰচেষ্টাত ব্যস্ত কৈঠালকুছিৰ বেছিমাৰা গাঁৱৰ হস্তশিল্পী সনাতন ৰাজবংশী। ১৫ বছৰ বয়সৰ পৰা তেওঁ বাঁহৰ সামগ্ৰী বনোৱাত ব্যস্ত হৈ পৰে। ১৯৯০ চনত কৈঠালকুছিত তেওঁ প্ৰতিষ্ঠা কৰিলে ‘সংগীতা বাঁহ-বেত ইণ্ডাষ্ট্ৰি’। এই ক্ষুদ্ৰ উদ্যোগটোৱেই ৰাজবংশীৰ আলয়। গাঁৱে গাঁৱে তেওঁ সন্ধান কৰে কেৱল বাঁহৰ ‘মূঢ়া’। মূঢ়াবোৰ বাঁহৰ চুপ হিচাপে ১,০০০/১,৫০০ টকা দৰত কিনি আনি হাতৰ পৰশেৰে সজাই তোলে সামগ্ৰীবোৰ। বনোৱা সামগ্ৰীবোৰৰ ভিতৰত দুৰ্গা, লক্ষ্মী, সৰস্বতী, গণেশ, কাৰ্তিক, মহিষাসুৰ, এই আটাইকেইটা মূৰ্তি লগ লগাই এটা ‘ছেটৰ’ মূল্য প্ৰায় চল্লিশ হেজাৰ টকাত বিক্ৰী কৰিছে বুলি তেওঁ জনায়। আনহাতে বাঁহৰ মূঢ়াৰে ৩ ফুট ওখ ডাইন’ছৰ বনাই ১,০০০ টকাত বিক্ৰী কৰে। অনন্তনাগ ২,০০০ টকা, কালীনাগ ১,৫০০ টকা, ময়ুৰপক্ষী ১,৫০০ টকা, পাৰ চৰাই ৫০০ টকা, ফেঁচা ৪০০ টকা, ঘঁৰিয়াল ৫০০ টকা, কাছ ১,০০০ টকাত বিক্ৰী হোৱাৰ বিপৰীতে এটা বাঁহৰ মূঢ়াৰ এখন চকীৰ দৰ ১০,০০০ টকা, এটা বাঁহৰ এজাক চৰাইৰ দৰ ১৫,০০০ টকা। উল্লেখ্য যে হস্তশিল্পী সনাতন ৰাজবংশীয়ে বনোৱা বাঁহৰ মূঢ়াৰ সামগ্ৰীসমূহে ছিকিম, চিলিগুৰি, নেপাল, মুম্বাই, কলকাতা, দুৰ্গাপুৰ, কোচবিহাৰৰ ৰাস মহোৎসৱ, শামুকতোলা, আলিপুৰদুৱাৰ আৰু ভূটান ৰাষ্ট্ৰত হস্তমেলাত বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

উৎসঃ অসমীয়া প্ৰতিদিন

শেহতীয়া উন্নীতকৰণ: : 3/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate