অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বাঁহৰ সামগ্ৰীৰে বজাৰ দখল বনমাজাৰ আজাদ আলী

বাঁহৰ সামগ্ৰীৰে বজাৰ দখল বনমাজাৰ আজাদ আলী

ষাঠিৰ ডেওনা অতিক্ৰম কৰাৰ পিচতো মানুহজনে বুঢ়া আৰু তৰ্জনী আঙুলি দুটাৰে মকাল বাঁহৰ সৰু সৰু দৈ তুলি বাঁহৰ বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি আছে। জীৱন আৰু জীৱিকাৰে পৰিয়াল চলোৱাৰ তাগিদাত বাঁহৰ নিৰ্মাণকাৰ্যত সদায় ব্যস্ত থকা এই বৃদ্ধগৰাকী হ’ল নলবাৰী জিলাৰ বনমাজা গাঁৱৰ আজাদ আলী। তেওঁ মকাল বাঁহ ৮০ টকাৰ পৰা ১০০ টকা দৰত গ্ৰামাঞ্চলৰ পৰা কিনি আনি সৰু সৰু টুকুৰা কৰে হেক্‌শ্ব’ ব্লেডেৰে।

সৰু কটাৰীৰে দৈ বনাই তৈয়াৰ কৰে বাঁহৰ বিভিন্ন সামগ্ৰী। আজিকালি বেত নোহোৱাৰ ফলত প্লাষ্টিকেৰে বান্ধি দিবলগা হয়। একাংশ গ্ৰাহকে প্লাষ্টিকেৰে বন্ধা চালনি, কুলা, ডুকলি, গুড়া চালনী, জাকৈ আদি পছন্দ নকৰে। আনহাতে বেতেৰে বান্ধি দিলে পছন্দ কৰে আৰু কিনাৰ কাৰণে সদায় আগ্ৰহী হয়। বাঁহেৰে তৈয়াৰী সামগ্ৰীসমূহ নদলা বজাৰত বুধবাৰ আৰু শনিবাৰ দুটাত, বৰ্ণিবাৰী বজাৰত দেওবাৰ আৰু বৃহষ্পতিবাৰে তেওঁ বিক্ৰী কৰি আছে।

বাঁহেৰে তৈয়াৰী সামগ্ৰীসমূহ উচিত মূল্য পোৱা নাযায়। বাঁহৰ দাম উৰ্ধ্বমুখী হোৱাৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সন্মূখীন হৈছে। মেহনত হিচাপে গ্ৰাহকে দাম দিব নোখোজে। ডুকলি- ১০০ টকা, ঢাৰি ডাঙৰ- ২০০ টকা, সৰু ঢাৰি- ১০০ টকা, নামাজ পঢ়া ঢাৰি- ৫০ টকা, ডলা- ১০০, কুলা- ১৫০ টকা, চালনী- ৫০ টকা, ধান চলা চালনী- ১৫০ টকা, খালৈ- ৭০ টকা, বাঁহৰ মূঢ়া যোৰা-৪০০ টকা, ভাৰখাডা যোৰা ১০০ টকা দৰত বৰ্তমান বিক্ৰী কৰি থকা বুলি জানিবলৈ দিয়ে।

লিখকঃ আলতাফ হুছেইন, অসমীয়া প্ৰতিদিন

শেহতীয়া উন্নীতকৰণ: : 3/8/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate