অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বাক্‌সাত শণগুটিৰ খেতি

বাক্‌সাত শণগুটিৰ খেতি

বাক্‌সা জিলাৰ বৰমা ৰাজহ চক্ৰৰ অন্তৰ্গত বৰশিমলুগুৰি গাঁৱৰ এজন আদৰ্শ খেতিয়ক হৈছে জয়চৰণ বড়ো । খাৰিফ শস্য আৰু ৰবি শস্যৰ খেতিৰে ইতিমধ্যে অঞ্চলটোত এক সেউজ বিপ্লৱৰ সূচনা কৰা জয়চৰণ বড়ো এতিয়া আদৰ্শ হৈ পৰিছে বহু শিক্ষিত নিবনুৱাৰ বাবে । চাকৰি বিচাৰি জীৱনৰ বাট হেৰুওৱা বহু নিবনুৱাক তেওঁ দেখুৱাবলৈ সক্ষম হৈছে সংস্থাপনৰ পথ । বিভিন্ন প্ৰজাতিৰ ধান খেতিৰে এক বিপ্লৱৰ সূচনা কৰা জয়চৰণ বড়োৱে এইবাৰ শণগুটি খেতিৰে দেখুৱাইছে আন এক নিদৰ্শন । বড়োৱে বৰপেটাৰ চৰ অঞ্চলৰপৰা আমদানি কৰি প্ৰায় ৫৪ বিঘা মাটিত লগাইছে এই শণগুটি । চাবোন আৰু ডি এ পি সাৰ উৎপাদনত ব্যৱহৃত এইবিধ খেতিত নালাগে কোনো ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য । সম্পূৰ্ণ জৈৱিক সাৰ প্ৰয়োগ কৰা এইবিধ খেতিত প্ৰতি বিঘা মাটিত উৎপাদন হয় প্ৰায় দহ-বাৰ মোন । আদৰ্শ খেতিয়ক জয়চৰণ বড়োৱে জানিবলৈ দিয়া মতে, বাক্‌সা জিলাৰ বৰমা ৰাজহ চক্ৰত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা এই খেতিবিধৰ বীজ তেওঁ প্ৰতি মোনত বাৰশ টকা দৰত চৰ অঞ্চলৰপৰা কিনি আনিছে । আনহাতে, উৎপাদিত শস্য তেওঁৰ ঘৰৰপৰা কিনি নিব বুলি জানিবলৈ দি বড়োৱে কয় – ইতিমধ্যে চাবোন আৰু সাৰ উৎপাদন কৰা কাৰখানাৰ লগত যোগাযোগ কৰা হৈছে ।

লিখক: কাৰ্তিক দাস।

শেহতীয়া উন্নীতকৰণ: : 5/29/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate