অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বানে গৰকা ঢকুৱাখানাত শিক্ষকৰ সেউজ বিপ্লৱ :

বানে গৰকা ঢকুৱাখানাত শিক্ষকৰ সেউজ বিপ্লৱ :

 

কঠোৰ শ্ৰম আৰু একাগ্ৰতাৰে মুলধন হিচাপ লৈ উদ্যান শস্য উৎপাদনেৰে স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰিছে বানে গৰকা ঢকুৱাখানাৰ সোৱনশিৰি ৰাজহ চক্ৰৰ গোহাঁই মৌজাৰ সৰু পতিয়া গাঁৱৰ শুভ চুতীয়াই (৬০)। ঢকুৱাখানা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি এখন মধ্য ইংৰাজী বিদ্যালয় প্ৰতিষ্ঠা কৰি শিক্ষকতা কৰাৰ তীব্ৰ বাসনাকো নেওচি জীয়াই থকাৰ প্ৰবল তাড়নাত ১৯৮৬ চনতে পোনপ্ৰথমবাৰৰ বাবে ১/২ বিঘা মাটিত বেঙেনা খেতি কৰি লাভান্বিত হোৱা চুতীয়াই আৰু পিছলৈ ঘুৰি চাব লগা হোৱা নাই। কৃষি কৰ্ম আৰু উদ্যান শস্য উৎপাদনকে মুল উপাদান হিচাপে লৈ বছৰৰ পিছত বছৰ ধৰি বেঙেনা, তিতা , কেৰেলা, ভাত কেৰেলা, আদা, নহৰু, জিকা, কোমোৰা, জাতিলাউ, ভোট জলকীয়া আদি খেতি কৰি সাতজনীয়া পৰিয়াল এটা পোহপাল দি অহাৰ লগতে আনকো উৎসাহিত কৰি আহিছে। কৃষি বিভাগৰ সহযোগিতাৰ অবিহনে সম্পুৰ্ণ জৈৱিক পদ্ধতিৰে গোবৰ, জাবৰ, খলিহৈ, মাটিমাহ, সৰিয়হ আদিৰ কুটালী যোগান ধৰি বিগত ৩২ টা বছৰে উদ্যান শস্য উৎপাদন ব্যস্ত থকা চুতীয়াই বৰ্তমান ৭ বিঘা মাটিত অভিনৱ পদ্ধতিৰে জিকা, কোমোৰা, ভোট জলকীয়া, তিতা ভেকুৰী, ভাত কেৰেলা, তিতা কেৰেলা আদি খেতি কৰাৰ তিনি বিঘা মাটিত পটল খেতি কৰিও, বজাৰৰ চাহিদা পুৰাবলৈ চেষ্টা কৰি ছে। ১০ খনকৈ পলিথিনৰ চালিৰ তলত ভোট জলকীয়া , দুই তৰপীয়া পদ্ধতিৰে ওপৰত পটল, তলত বেঙেনা, তিতা কেৰেলা, তিতা ভেকুৰী আদি খেতিৰে অতি কম মাটিত অধিক শস্য উৎপাদন কৰি চমক সৃষ্টি কৰা চুতীয়াক ২০১৪ চনৰ ২৬ জানুৱাৰীত লখিমপুৰ জিলা প্ৰশাসনে কৃষি কৰ্মৰ জৰিয়তে কৃষি অৰ্থনীতিলৈ আগবঢ়োৱা মহান অৱদানৰ বাবে জিলা ভিত্তিত সম্বৰ্থনা জনোৱাৰ লগতে ৩০ হাজাৰ টকা অৰ্থসাহায্যও প্ৰদান কৰে। বিগত ১২ টা বছৰে বে-চৰকাৰীভাৱে শিক্ষকতা কৰাৰ সমান্তৰালকৈ উদ্যান শস্য উৎপাদনত ব্যস্ত থকা চুতীয়াই পিছলৈ শিক্ষকতা/ জীৱন ত্যাগ কৰি কৃষি কামতেই আত্মনিয়োগ কৰি দুই পুত্ৰ সন্তানকো উচ্চ শিক্ষাৰে শিক্ষিত কৰাৰ লগতে প্ৰথম সন্তানক সংস্থাপিতও কৰিছে। বান আৰু প্ৰাকৃতিক দুৰ্যোগে কোঙা কৰা নদীকেন্দ্ৰিক অঞ্চলটোৰ কৃষি শ্ৰমিক চুতীয়াৰ সপোন মাজে সময়ে বানপানীয়ে থান-বান কৰি গ’লেও পিছৰ বছৰত দুগুণ উৎসাহেৰে উদ্যান শস্য উৎপাদনত নামি পৰে।

লেখক: ৰাজেশ কুমাৰ বুঢ়াগোহাঁই (নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 2/9/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate