অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বানে গৰকা মাজুলীত কৃষকৰ উদ্যম

বানে গৰকা মাজুলীত কৃষকৰ উদ্যম

শস্য- মৎস্যৰ ভঁৰাল মাজুলী’- ব্ৰহ্মপুত্ৰৰ বিধ্বংসী বান আৰু খহনীয়াৰ কবলত পৰি মাজুলীৰ উল্লিখিত বৈশিষ্ট্য কিছু পৰিমাণে হ্ৰাস পালেও চলিত বৰ্ষত ব্ৰহ্মপুত্ৰৰ বান আৰ্শীবাদ স্বৰূপ হৈ সৰিয়হ উৎপাদনৰ ক্ষেত্ৰত এক অভিলেখ দখলৰ দিশে অগ্ৰসৰ হৈছে নদীদ্বীপটো। যোৱা কেইটামান বছৰত তৈলবীজ সৰিয়হৰ উৎপাদনে বহু শিক্ষিত যুৱ কৃষকে ব্যৱসায় ভিত্তিত সৰিয়হ খেতিৰ লগত জড়িত হৈ নদীদ্বীপটোৰ সাৰুৱা কৃষিভূমিত এক হালধীয়াৰে ভৰা কৃষি বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হৈছে। কৃষি বিভাগৰ পৰিসংখ্যা মতে, সমগ্ৰ অসমৰ ভিতৰত মাজুলী মহকুমাতেই সৰিয়হ উৎপাদনৰ হাৰ সৰ্বাধিক বুলি পৰিগণিত হৈছে। বিভাগীয় সূত্ৰ মতে, ৰাজ্যৰ অন্যান্য ঠাইৰ উৎপাদিত সৰিয়হতকৈ গুণাগুণৰ দিশৰপৰাও মাজুলীত উৎপাদিত সৰিয়হৰ তেল উৎপাদনৰ হাৰ অধিক। কৃষি বিভাগৰপৰা পোৱা তথ্য মতে, চলিত বৰ্ষত মাজুলীত ১১,২৫০ হেক্টৰ অৰ্থাৎ ৭৭,৭৫০ বিঘা কৃষিভূমিত সৰিয়হ খেতি কৰা হয়। ইয়াৰে ১,৮০০ হেক্টৰ ভূমিৰ খেতিৰ বাবে কৃষিবিভাগে বীজ শেহতীয়াকৈ প্ৰদান কৰিছিল যদিও ৯,৪৫০ হেক্টৰ ভূমিত কৃষকে নিজা উদ্যোগত আগতীয়াকৈ এই কৃষি কৰিবলৈ সক্ষম হৈছে। চলিত বৰ্ষত সৰিয়হ খেতিৰ কাৰণে বতৰ উপযোগী হোৱাৰ লগতে বানপানীও নিয়মীয়া হোৱাত সকলো দিশৰপৰাই কৃষকসকল উপকৃত হৈছে।

বিশেষকৈ নিয়মীয়া বানে কৃষিভূমিসমূহত কৃষকক সহায়ৰ হাত আগবঢ়াই যি পলস সিঁচি গ’ল, সেয়া আশীৰ্বাদ হৈ পৰিছে কৃষকৰ কাৰণে। উজনি-নামনি জুৰি মাজুলীৰ বিস্তৃত পথাৰত এতিয়া কেৱল ফুলিছে গাঢ় হালধীয়াৰে ভৰা কৃষকৰ হেঁপাহৰ সপোন। এই বছৰত মাজুলীত মুঠ ৭৭,৭৫০ বিঘা সৰিয়হৰ খেতিত গড় হিচাপে প্ৰতি বিঘাই এক কুইণ্টলকৈ উৎপাদন হ’লেও প্ৰতি কুইণ্টলত ২,৭০০ টকাকৈ বছৰটোত মাজুলীয়ে সৰিয়হৰ পৰাই ২০ কোটিৰো অধিক টকা আহৰণ কৰিব পাৰিব বুলি আশা কৰা হৈছে।

পৰিসংখ্যাৰপৰা দেখা যায় যে উৎপাদিত এই সৰিয়হৰ মাত্ৰ দহ শতাংশহে মাজুলীত ৰয়। বাকী ৯০ শতাংশ নদীদ্বীপটোৰ বাহিৰলৈ কেঁচা সামগ্ৰী ৰূপত ওলাই যায়। মাজুলীত ‘মাজুলী ব্ৰেণ্ড মিঠাতেল প্ৰকল্প’ (স্বেচ্ছাসেৱী সংগঠন ইমপেক্ট এন ইৰ দ্বাৰা পৰিচালিত), কমলাবাৰী মাৰোৱাৰী মিল, লুইত মাজুলী ব্ৰেণ্ড মিঠাতেল উদ্যোগ, কমলাবাৰীৰ লগতে জেংৰাইমুখ, নতুন বজাৰ, নিকিনিখোৱাত এটাকৈ আৰু গড়মূৰৰ চাৰিটা সৰু মিলে এই ১০ শতাংশ সৰিয়হ ব্যৱহাৰ কৰি মিঠাতেল প্ৰস্তুত কৰে। বাকী ৯০ শতাংশ সৰিয়হ উত্তৰপাৰ আৰু দক্ষিণপাৰৰ বিশেষকৈ বোকাখাত, যোৰহাট, শিৱসাগৰ, নাৰায়ণপুৰ, ঢকুৱাখানা, লখিমপুৰ আদিলৈ মধ্যভোগীৰ জৰিয়তে মাজুলীৰপৰা ওলাই যায়, য’ত মহাজনৰ হাতোৰাত কৃষকসকলে উপযুক্ত ধাম পাবলৈ সক্ষম নোহোৱা বুলি অভিযোগ উঠে। ইফালে, পৰম্পৰাগত কৃষি পদ্ধতিৰ পৰিৱৰ্তে বৈজ্ঞানিক পদ্ধতিৰে সৰিয়হ খেতি কৰি উপকৃত হোৱা মাজুলীৰ কৃষকে অভাৱী ঘৰখনৰ ভৰণ- পোষণ, ল’ৰা-ছোৱালীৰ শিক্ষা আদি হাজাৰটা সমস্যাৰ জোৰা মাৰিবলৈ সক্ষম হোৱাত উৎসাহী হৈ পৰিছে খেতিয়কসকল। থলুৱা বীজৰ পৰিৱৰ্তে উন্নত জাতৰ এম-২৭, টি এছ-৩৬, টি এছ- ৩৮ আৰু জে ডি- বীজেৰে খেতি কৰাত পূৰ্বৰ তুলনাত উৎপাদন বহু পৰিমাণে বৃদ্ধি পোৱা বুলি কৃষকসকলে মত প্ৰকাশ কৰিছে। যথেষ্ট লাভৱান হ’ব পৰা এই সৰিয়হ খেতিত বৰ্তমান এচাম যুৱ প্ৰজন্মই আত্মনিয়োগ কৰাত থলুৱা পদ্ধতিৰে কৃষি কৰি অহাসকলেও বৈজ্ঞানিক পদ্ধতিৰে প্ৰতি আকৃষ্ট হোৱা দেখা গৈছে। অৱশ্যে, এই সৰিয়হ খেতিৰ বাবে মাজুলীত চৰকাৰে যিদৰে পদক্ষেপ ল’ব লাগিছিল সেয়া বৰ্তমানেও লোৱা নাই। মাত্ৰ এপাচি শাকত কেইটামান জালুকৰ দৰে বহু পলমকৈ ১১,২৫০ হেক্টৰ কৃষিভূমিৰ ভিতৰত মাত্ৰ ১,৮০০ হেক্টৰ কৃষিভূমিৰ কৃষকক বীজ দিয়েই বিভাগে দায়িত্ব সামৰিছে।

কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা চমুকৈ, ‘আত্মা’ৰ উদ্যোগত মাজুলীৰ তিনিখন গাঁও মহৰীচুক, পোহাৰদিয়া আৰু মাণিকা পথাৰক সংহত গাঁৱৰ প্ৰকল্প হিচাপে মাত্ৰ তিনি হেক্টৰ ভূমিত প্ৰদৰ্শনমূলকভাৱে সৰিয়হ খেতিৰ আঁচনি গ্ৰ্হণ কৰিছে। একেদৰে যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ অধীনত কৃষি বিজ্ঞান কেন্দ্ৰ কলিয়াপানীৰ উদ্যোগতো কমলাবাৰী, উজান মাজুলী, জেংৰাই আদি অঞ্চলত কৃষকক উন্নত জাতৰ বীজ আৰু সাৰ যোগান ধৰি প্ৰদৰ্শনমূলকভাৱে খেতি কৰাইছে। মিচিং স্বায়ত্ব শাসিত পৰিষদেও উজনি মাজুলীৰ গেৰেজাত প্ৰায় ১,৫০০ বিঘা ভূমিত মাটি চহাই দিয়া আৰু সেই ভূমিৰ গৰাকী- কৃষকসকলক উন্নত জাতৰ বীজ আৰু সাৰ প্ৰদান কৰিছে। কমলাবাৰী ম’হকিনাৰ ভাইকণ শইকীয়া নামৰ এজন কৃষকে জনোৱা মতে, কৃষি বিজ্ঞান কেন্দ্ৰৰ অধীনত কৃষকজনে ৯ বিঘা আৰু নিজা উদ্যোগত ৮ বিঘা মাটিত সৰিয়হ খেতি কৰিছে। এই প্ৰতিবেদকে সৰিয়হ তলীতে লগ পোৱা অৱস্থাত কৃষকগৰাকীয়ে অতি উৎসাহেৰে ব্যক্ত কৰে যে পূৰ্বৰ বছৰবোৰৰ তুলনাত তেওঁ এইবছৰত দুগুণ লাভ কৰিবলৈ সমৰ্থ হ’ব। বৰ্তমান গাঢ় হালধীয়া হৈ পৰা কৃষকজনৰ ১৭ বিঘা মাটিত প্ৰায় ৩৪ কুইণ্টল সৰিয়হ লাভ কৰাৰ কথা উল্লেখ কৰি প্ৰতি কুইণ্টলত ২,৭০০ টকাকৈ হ’লে কৃষকগৰাকীয়ে ৯০ হাজাৰৰো অধিক টকা পাবলৈ সক্ষম হোৱাৰ আশা ৰাখিছে। উল্লেখ্য, যোৱাটো বৰ্ষত এইগৰাকী কৃষকে সৰিয়হ খেতিৰ জৰিয়তে ৭০ হাজাৰ টকা লাভ কৰিছিল। তৈলবীজ সৰিয়হ উৎপাদনৰ জৰিয়তে মাজুলীৰ গ্ৰাম্য অৰ্থনীতিৰ কাটামোটো সৱল কৰি তোলাৰ ক্ষেত্ৰত অসম চৰকাৰৰ কৃষি বিভাগটোৰ যথেষ্ট কৰণীয় আছে।

এইক্ষেত্ৰত চৰকাৰ, যোৰহাট কৃষি বিশ্ববিদ্যালয়, কৃষি বিজ্ঞান কেন্দ্ৰ, বেংক কৰ্তৃপক্ষ সকলোৱে উমৈহতীয়া প্ৰচেষ্টাৰে মাজুলীৰ সৰিয়হ কৃষকসকলক সংগঠিত কৰাটো প্ৰয়োজন। উন্নত কৃষি পদ্ধতিৰ বিষয়ে কৃষকসকলক পাঠদান আৰু ব্যৱহাৰিক প্ৰশিক্ষণ, বাণিজ্যিক লাভৰ কাৰণে এখন উপযুক্ত বজাৰ, তৈলবীজ উৎপাদনকাৰী সংস্থা গঠন, উপযুক্ত সময়ত ঋণ প্ৰদান, উপযুক্ত জলসিঞ্চন ব্যৱস্থা, সাৰ-কীটনাশক ব্যৱহাৰৰ প্ৰশিক্ষণ আদি দিশত মাজুলীৰ কৃষকসকলক সংগঠিত ৰূপত গঢ় দিব পাৰিলে অদূৰ ভৱিষ্যতে সৰিয়হ উৎপাদনৰ লেখেৰে মাজুলীক দেশৰ ভিতৰতে জিলিকাই তোলিব পৰা যাব।

লিখকঃ বিপুল শইকীয়া, দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 3/7/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate