অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বালাজানৰ যুবক আব্দুল কৰিমৰ সফল প্ৰয়াস

বালাজানৰ যুবক আব্দুল কৰিমৰ সফল প্ৰয়াস

ধুবুৰী মহকুমাৰ অন্তৰ্গত বালাজানৰ সমীপৰ বাণিয়ামাৰী গাঁৱৰ শিক্ষিত যুৱক আব্দুল কৰিম শ্বেখে সমণ্বিত মীন পালন আৰু মাছৰ পোনা উৎপাদনৰ জৰিয়তে জীবিকা উৰ্পাজনৰ এক লাভজনক পথ দেখুৱাবলৈ সক্ষম হৈছে।“মাছতেই স্বাস্থ্য মাছতেই ধন” আপ্ত বাক্যষাৰীৰ সত্যতা প্ৰ্মানিত কৰি যুবকজনে তেঁওৰ বানিয়ামাৰীত থকা “মীন কালচাৰ ছচাইটিৰ জৰিয়তে” দেখুৱাইছে এই জীবিকা উৰ্পাজনৰ পথ।মন কৰিবলগীয়া যে শিক্ষিত যুৱকজনে ২০০১ চনতে এই মীন পালনৰ ব্যৱসায়ৰ কামত লাগে।প্ৰায় এক হেক্টৰ মাটিকালি সামৰি যুৱকজনৰ দহটা মাছৰ পুখুৰী আছে।ইয়াৰে দুটা ষ্টকিং পুখুৰী আৰু বাকী ৮টা নাৰ্ছাৰী টেংক।যুৱকজনে ঘাইকৈ মাছৰ পোনাৰ উৎপাদনত গুৰুত্ব দিছে।তেওঁ সাংবাদিকক জানিবলৈ দিয়া মতে এই পুখুৰীকেইটাত তেওঁ বিজ্ঞানসন্মতভাৱে ৰৌ,কাতল,মিৰিকা,কমন কাৰ্প,ছিলভাৰ কাৰ্প,গ্ৰাছ কাৰ্প আদি মাছৰ পোনাবোৰ আঙুলি জোখৰ আকাৰলৈ উন্নীত কৰি পিছত জিলাখনৰ বিভিন্ন প্ৰান্তৰ মীন পালনৰ লগত জড়িত ব্যৱসায়ীৰ মাজত বিক্ৰি কৰে।চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ হেচ্চাৰীৰপৰা যুৱকজনে বিভিন্ন জাতৰ মাছৰ ভ্ৰুন পোনা ক্ৰয় কৰি আনি পিছত তেওঁৰ ষ্টকিং পুখুৰীত প্ৰায় কুৰিদিন প্ৰ্তিপালন কৰি ফ্ৰাই আকাৰলৈ উন্নীত কৰে।পিছত আঙুলি জোখৰ পোনালৈ প্ৰ্তিপালন কৰা হয় এই পোনাসমূহ।জিলাখনৰ ধুবুৰী সদৰ মহকুমাকে ধৰি মানকাচৰ দক্ষিন শালমাৰা আৰু বিলাসীপাৰা মহকুমাৰ বিভিন্ন প্ৰান্তৰ মীন পালনৰ লগত জড়িত ক্ষুদ্ৰ ব্যৱসায়ীসকলে এই যুৱকজনৰপৰা এই মাছৰ পোনা ক্ৰয় কৰি নিজৰ পুখুৰীত এৰি দিয়ে আৰু মাছসমূহ পৰিপক্ক হোৱাৰ পিছত বজাৰত বিক্ৰি কৰে।আব্দুল কৰিম শ্বেখে এই প্ৰ্তিবেদকৰ আগত কৰা মতে ফ্ৰাই আকাৰৰ মাছৰ পোনাবিধৰ চাহিদা বৃদ্ধি পোবাৰ প্ৰ্তি লক্ষ্য ৰাখি তেঁও পশ্চিমবংগৰ কলকাতা আৰু মালদা আদিৰপৰা এইবিধ পোনা ক্ৰয় কৰি আনি ব্যৱসায় চলাই আছে।তেওঁৰ মতে অসমত এইবিধ মাছৰ পোনা পোৱা নাযায় হেতুকে প্ৰ্তিবেশী ৰাজ্যখনৰ পৰা ক্ৰয় কৰি আনিব লগা হয়।চত মাহৰ পৰা আহাৰ মাহ পৰ্যন্ত এই আঙুলি জোখৰ মাছৰ পোনাসমূহ ব্যৱসায় চলে।যুৱকজন দাবী—চৰকাৰে ধুবুৰীকে ধৰি সমগ্ৰ সফলতা লাভ কৰিব পাৰিলেহেতেন।অসমত মীন খণ্ডটোত মৎস্য পোনা সহজলভ্য নোহোৱা বাবেই ৰাজ্যখনৰ বহু মীন পালনৰ লগত জড়িত ব্যৱসায়ীয়ে পশ্চিমবংগৰ পৰা মীন পোনা ক্ৰয় কৰিবলগীয়া হৈছে।তাকে কৰিবলৈ যাওঁতে সেইখন ৰাজ্যৰ চৰকাৰক ভালেখিনী কৰ আদায় দি আহিবলগীয়া হৈছে। শ্বেখৰ মতে অসমত মাছৰ পোনাৰ উৎপাদন বৃদ্ধি কৰিবলৈ হেচ্চাৰীৰ স্ংখ্যা বৃদ্ধি কৰিব লাগিব।লগতে মৃতপ্ৰায় অৱস্থাত থকা হেচ্চাৰীসমুহো পুনৰ কাৰ্যক্ষম কৰাৰ দৰকাৰ।আনহাতে বহুক্ষেত্ৰত মীন বিভাগত আঁচনীৰ সুবিধাসমূহ প্ৰ্কৃত হিতাধিকাৰীয়ে লাভ কৰা নাই,ফলত প্ৰ্কৃত হিতাধিকাৰীয়ে আশা পালি থকা সত্বেও চৰকাৰী অনুদানৰ অভাৱত মীন পালনত উল্লেখযোগ্য ভূমীকা লব পৰা নাই।যুৱকজেনে প্ৰ্তি বছৰে তেওঁৰ ষ্টকিং পুখুৰীত জীয়াই ৰাখি দুশ কুইণ্টলৰো অধিক মাছৰ পোনা বিক্ৰি কৰি আহিছে।মাছৰ পোনাৰ প্ৰ্তি কিলোগ্ৰামত বিক্ৰিমূল্য এনেধৰনৰ—ৰৌ-মিৰিকা,৩০০ টকাৰ পৰা ৩৫০ টকা,গ্ৰাছ কাৰ্প,ছিলভাৰ কাৰ্প ৩৫০ টকা আৰু কমন কাৰ্প ৪৫০ টকা।আব্দুল কৰিম শ্বেখৰ দুটাকৈ প্ৰ্কাণ্ড পুখুৰীও আছে যত তেওঁ ফিংগাৰ লিংক আকাৰৰ মাছৰ পোনাসমূহ প্ৰ্তিপালন কৰে।ৰৌ ছিলভাৰ কাৰ্প,কমন কাৰ্প,গ্ৰাছ কাৰ্প,চিতল আদি মাছ পৰিপক্ক কৰি পিছত স্থানীয় বজাৰ্সমূহত বিক্ৰি কৰে।যুৱকজনে প্ৰ্তি বছৰে ৮ কুইণ্টল পৰ্যন্ত মাছ বিক্ৰি কৰি অৰ্থনৈতিকভাবে স্বাৱলম্বী হোৱাৰ এক নিদৰ্শন দাঙি ধৰিছে।যুৱকজনৰ এনে উৎসাহী প্ৰ্চেষ্টাত ধুবুৰী জিলা মীন উন্নয়ন বিষয়া হৰেন দাস আৰু জিলা মীন তথ্য বিষয়া মুকুট শৰ্মাই সহযোগ কৰি থকা বুলি জানিবলৈ দিছে।তেওঁ জিলা মীন উন্নয়ন বিভাগৰপৰা সময়মতে দিহা-পৰামৰ্শ আৰু কেইবাবাৰো চৰকাৰী অনুদান পোবা বুলিও সদৰি কৰিছে।

লিখক: ছাবেকুন নেহাৰ, ধৰ্মশালা

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate