অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বেঙেনা খেতিৰে উজলিছে বৰনদীৰ বালিচাপৰি

বেঙেনা খেতিৰে উজলিছে বৰনদীৰ বালিচাপৰি

 

তামুলপুৰ মহকুমাৰ মাজেৰে ভুটানৰ পাদদেশৰ পৰা বৈ অহা খৰস্ৰোতা নদী বৰনদীৰ পশ্চিম পাৰৰ এক নং সুৱাগপুৰ গাঁৱত বতৰৰ ফচল বেঙেনাৰ উৎপাদন উভৈনদী হৈ পৰিছে।বৰনদীৰ বালিচাপৰিৰ পলসুৱা পতিত ভুমিত গাওঁখনৰ খেতিয়কসকলে কৃষিকাৰ্য কৰি পৰিয়াল পোহপাল দি গৈছে।গাওঁখনৰ একাংশ খেতিয়কে তিনি/চাৰি বিঘা পৰ্যন্ত মাটিত বেঙেনা খেতি কৰিছে।গাওঁখনৰ খেতিয়ক সঞ্জিত দাসে এইবেলি আঢ়ৈ বিঘা মাটিত বেঙেনা খেতি কৰাৰ উপৰি এবিঘাত মাহ,দুবিঘা মাটিত কবি খেতি কৰিছে।সাধাৰণতে ফাগুণ-চ’ত মাহত বেঙেনা খেতি কৰা হয়।আহাৰ-শাওন মাহৰ পৰা বেঙেনাৰ গছবোৰে ফল দিবলৈ আৰম্ভ কৰে।কৃষক সঞ্জিত দাসে জনোৱা মতে আঠমাহলৈ বেঙেনা গছৰ পৰা ফল লাভ কৰিব পাৰি।এইবেলি বেঙেনা খেতিৰ পৰা তেওঁ যথেষ্ট ফচল পাব লৈ সক্ষম হৈছে।তাৰ পৰা তেওঁ আৰ্থিকভাৱে যথেষ্ট সুফল লাভ কৰিবলৈ সক্ষম হৈছে।দাসে জানিবলৈ দিয়া মতে,তেওঁ প্ৰতি কিলোগ্ৰাম বেঙেনা ২৪/২৫ টকা পাইকাৰী দৰত বিক্ৰী কৰি আহিছে।আঢ়ৈ বিঘা মাটি বেঙেনা খেতিৰ পৰা তেওঁ সপ্তাহত আঢ়ৈ হাজাৰৰো অধিক টকা পাবলৈ সক্ষম হৈছে।উল্লেখ্য যে বজাৰত ব্যৱসায়ীসকলে গ্ৰাহকৰ ওচৰত এই বেঙেনা প্ৰতি কিলোগ্ৰামত ৩০ টকাৰ পৰা ৪০ টকা পৰ্যন্ত বিক্ৰী কৰা দেখা গৈছে।সঞ্জিত দাসে জানিবলৈ দিয়া মতে,আঠ মাহৰ অন্তত একেডৰা মাটিত পুনৰ বেঙেনা গছ ৰোপণ কৰাৰ বাবে মাটিডৰা প্ৰস্তুত কৰিব লগা হয়।পুনৰ ফাগুন-চ’ত মাহত পুলিবোৰ ৰোপণ কৰা হয়।এনেদৰে বছৰ বছৰ ধৰি বেঙেনা খেতি কৰি থাকিলে মাটিৰ উৰ্বৰা শক্তি হ্ৰাস হোৱাৰ আশ্ংকাও আছে বুলি তেওঁ কয়।এনে অৱস্থাত কেতিয়াবা মাটিডৰা ছন পেলাই থৈ ,নাইবা মাহৰ খেতি কৰি মাটিডৰাৰ উৰ্বৰা শক্তি পুনৰ উদ্ধাৰ কৰা হয় বুলি কৃষকজনে কয়।সঞ্জিত দাসৰ উপৰি গাওঁখনৰ অনিল সৰকাৰ,কালিজোৱাই সৰকাৰ,কাৰ্তিক শীল আদি কৃষকসকলেও অইন খেতিৰ লগতে বেঙেনা খেতি কৰি বৰনদীৰ বালিচাপৰি যেন সেউজ কৰি তুলিছে।

লেখক:উৎপল ডেকা (দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 2/8/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate