অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বেঙেনাৰ খেতিৰে স্বাৱলম্বী চাপগড়ৰ একাংশ কৃষক

বেঙেনাৰ খেতিৰে স্বাৱলম্বী চাপগড়ৰ একাংশ কৃষক

 

গৌৰীপুৰ চহৰৰপৰা সাত-আঠ কিলোমিটাৰ উত্তৰ-পশ্চিমে অৱস্থিত এখন ৰাহজ গাঁও চাপগড়। গাঁওখনৰ উত্তৰ দিশে শান্ত-সৌমা গদাধৰ নদী। পূব আৰু পশ্চিম দিশে মধুৰকুটি আৰু ভোজপুৰী বিল। গৌৰীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত গাঁওখনৰ অধিকাংশ লোকেই কৃষিজীৱী।

কোচ ৰাজবংশী আৰু মুছলমান লোকৰ বসতিপূৰ্ণ চাপগড় গাঁওখনে শান্তি-সম্প্ৰীতি আৰু ভাতৃত্বৰ এনাজৰীৰে বান্ধ খাই এক বিৰল চানেকী দাঙি ধৰিছে। লগতে গাঁওখনৰ অধিকাংশ কৃষকে ধান খেতিৰ পৰিৱৰ্তে বেঙেনা খেতিৰ ওপৰতে গুৰুত্ব আৰোপ কৰি স্বাৱলম্বী হৈ উঠাৰ নিদৰ্শন দাঙি ধৰিছে।

উল্লেখ্য যে সমগ্ৰ ধুবুৰী জিলাতে চাপগড়ৰ বেঙেনাৰ এটা সুনাম আছে আৰু সেই সুনাম অটুট ৰখাৰ উদ্দেশ্যে কৃষসকলে অহোপুৰুষাৰ্থ কৰি আগতীয়াকৈ বজাৰত বেঙেনা বিক্ৰী কৰাৰ বাবে সদা সচেতন হৈ থকাৰ কথাও আমাৰ আগত প্ৰকাশ কৰিছে।

কৃষকসকলে জনোৱা মতে, গাওঁখনৰ কৃষকসকলে প্ৰথমতে ওখ আৰু পানী জমা হ’ব নোৱাৰা খেতিপথাৰ নিৰ্বাচন কৰে।

পথাৰখনত হাল বাই অথবা ট্ৰেক্টৰেৰে চহাই জাবৰ-জোঁথৰবোৰ আঁতৰাই বেঙেনাৰ পুলি ৰোৱাৰ বাবে সাজু কৰি তোলে। পথাৰখনত নিৰ্দিষ্ট পৰিমাণৰ গোবৰ সাৰ আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰে।

ইয়াৰ পিছত তেওঁলোকে শাওন মাহৰ শেষত অথবা ভাদ মাহৰ আৰম্ভণিতে নিৰ্দিষ্ট দূৰত্বত শাৰী-শাৰীকৈ বেঙেনাৰ পুলিবোৰ ৰুই দিয়ে। এবিঘা মাটিত কমেও পাঁচ হজাৰ পুলি ৰুব পাৰে। পুলিবোৰ ঠন ধৰি উঠিলে সামান্য পৰিমাণে জলসিঞ্চনৰ ব্যৱস্থা গ্ৰহণ কৰে।

প্ৰায় ডেৰ-দুই মাহ পিছতে পুলিবোৰ ডাঙৰ হৈ ফুল দিয়াৰ অৱস্থা লাভ কৰে আৰু কাতি মাহৰ পোন্ধৰদিনমান যোৱাৰ পিছত বেঙেনা ছিঙিব পৰা হয়।

অৱশ্যে, আৰম্ভণিতে উৎপাদন কম হয় যদিও সময় বাগৰাৰ লগতে ক্ৰমাগতভাৱে উৎপাদন বৃদ্ধি পাবলৈ ধৰে। উৎপাদিত বেঙেনা ইমান ডাঙৰ হয় যে দুই-তিনিটা বেঙেনাৰ ওজন প্ৰায় এক কিলোগ্ৰাম হয়গৈ।

গাঁওখনৰ প্ৰগতিশীল কৃষক বিমল চন্দ্ৰ ৰায়ে এইবেলি তিনি বিঘা মাটিত বেঙেনাৰ খেতি আৰম্ভ হৈছে। তেওঁ আমাৰ আগত প্ৰকাশ কৰা মতে, প্ৰতি বিঘা মাটিত বেঙেনাৰ খেতিত প্ৰায় সাত হাজাৰমান টকা খৰচ হয় আৰু উৎপাদন ভাল হ’লে চল্লিশ-পঞ্চলিশ হাজাৰ টকা পৰ্যন্ত উপাৰ্জন কৰিবলৈ সমৰ্থ হয়।

যোৱা বছৰ বতৰ কিছু প্ৰতিকূল হোৱাৰ উপাৰ্জন কমিছিল যদিও এইবেলি তেওঁ অধিক উপাৰ্জন কৰিব পাৰিব বুলি বিশ্বাসেৰে প্ৰকাশ কৰিছে।

গাঁওখনৰে অমল চন্দ্ৰ ৰায়, হৰিশ ৰায় আদি কৃষকৰ উপৰি নূৰ মহম্মদ, ওমৰ ফাৰুক, ওষ্টাৰ আলী, আব্দুল খালেক, মজিয়ুৰ হক আদি গাঁওখনৰ কৃষকসকলে এবিঘা, দুবিঘা, তিনিবিঘা মাটিত বেঙেনা খেতি কৰিছে আৰু বতৰ অনুকূল হোৱালৈ লক্ষ্য কৰি অধিক উপাৰ্জনৰ আশা মনত পুহি ৰাখিছে আৰু বতৰ অনুকূল হোৱালৈ লক্ষ্য কৰি অধিক উপাৰ্জনৰ আশা মনত পুহি ৰাখিছে।

নূৰ মহম্মদে প্ৰকাশ কৰা মতে যোৱাকালি তেওঁ লাখ টকা উপাৰ্জন কৰিছিল আৰু এইবেলি তেওঁ লাখ টকা উপাৰ্জন কৰিব বুলি প্ৰত্যয় ব্যক্ত কৰিলে।

উল্লেখ্য যে অঞ্চলটোৰ কৃষকসকলে সম্পূৰ্ণ নিজৰ প্ৰচেষ্টাৰে এনেদৰে বেঙেনাৰ খেতি কৰি আহিছে। তেওঁলোকে চৰকাৰীভাৱে কোনো সুযোগ-সুবিধা লাভ কৰা নাই।

তদুপৰি অঞ্চলটোৰ যাতায়াতৰ সুচল ব্যৱস্থা নথকাত, শীতল ভাণ্ডাৰৰ অভাৱত একাংশ মধ্যভোগী দালালৰ ওচৰত বেঙেনা বিক্ৰী কৰিবলৈ বাধ্যত পৰি উপযুক্ত লাভৰ পৰা বঞ্চিত হৈছে।

অতি সুস্বাদু আৰু অতি সহজে সিদ্ধ হোৱা চাপগড়ীয়া বেঙেনাৰ চাহিদাই সকলো অভিলেখ ভংগ কৰিব পাৰিলেহেঁতেন যদিহে চৰকাৰে কৃষকসকলক দিহা-পৰামৰ্শ দি, উপযুক্ত সাৰ যোগান ধৰি শীতল ভাণ্ডাৰ নিৰ্মাণ কৰি ব্যৱসায়ৰ উন্নতি বিধান কৰিলেহেঁতেন।

কিন্তু তেওঁলোকে অভিযোগ কৰা মতে, এতিয়ালৈকে কোনো এজন চৰকাৰী কৃষি বিষয়াই অঞ্চলটো ভ্ৰমণ কৰা নাই আৰু চৰকাৰী সাহায্যও প্ৰদান কৰা নাই।

লেখক: অম্বুনাথ শৰ্মা(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate