অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ব্ৰইলাৰ পালনেৰে স্বাৱলম্বী বোকাখাতৰ মণিমালা

ব্ৰইলাৰ পালনেৰে স্বাৱলম্বী বোকাখাতৰ মণিমালা

বোকাখাত চহৰৰ সমীপৰে জ্যোতিপুৰ আহুগাওঁ নিৱাসী এগৰাকী গৃহিণী মণিমালা বৰা মহন।স্বামী জিতেন মহন এখন চাহ বাগিচাৰ্কৰ্মচাৰী ।পুত্ৰ ৰোহিত মহন জে ডি এছ জি মহাবিদ্যালয়ৰ স্নাতক মহলাৰ ছাত্ৰ।ঘৰৰ গৃহিণীগৰাকীয়ে ঘৰত এনেই থকাতকৈ চুবুৰীয়া এঘৰত ব্ৰইলাৰ পোহা দেখি আকৰ্ষিত হয় আৰু নিজাকৈ ব্ৰইলাৰ পাম খোলাৰ চিন্তা কৰে।২০১৫ চনত তেওঁ স্বাৱলম্বী হোৱাৰ আশাৰে ২০০ ব্ৰইলাৰ কুকুৰাৰ পোৱালি লৈ সৰুকৈ ব্যৱসায় আৰম্ভ কৰে।বন্ধন বেংক গোটৰ পৰা পঞ্চাশ হাজাৰ টকা ঋণ আৰু স্বামীৰ পৰা এক লাখ কুৰি হাজাৰ টকা লৈ পাছত ব্ৰইলাৰৰ ব্যৱসায় আৰম্ভ কৰে।প্ৰথম অৱস্থাত কিছু লোকচান হৈছিল যদিও হতাশ নহৈ ১,৩০০-১,৫০০ পোৱালি আনে।‘চগুণা’কোম্পানীৰ পৰা পোৱালি আনি বিক্ৰীৰ উপযুক্ত কৰি দুলীয়াজান,ডুমডুমা,ডিমাপুৰলৈ যোগান ধৰি আছে।প্ৰায় তিনি কিলো ওজনৰ ব্ৰইলাৰ ক্ৰয় কৰি লৈ যায় ঘৰৰ পৰাই।পাইকাৰী আৰু খুচুৰা হিচাপত ১১০ টকাৰ পৰা ২০০ টকা প্ৰতি কিলোগ্ৰামত ব্ৰইলাৰ বিক্ৰী কৰি আহিছে।ব্ৰইলাৰ পালনৰ বাবে বাঁহৰ ঘৰ নিৰ্মাণ,বিশুদ্ধ পানী,বিদ্যুৎ ব্যৱস্থা,দানা,ঔষধ আদিৰ বাবদ খৰচ হয়।নিজে চোৱা-চিতা কৰাৰ উপৰি কলেজীয়া ছাত্ৰ পুত্ৰয়ো মাকক সহায় কৰে।তদুপৰি এজন শ্ৰমিক স্থানীয়ভাৱে নিযুক্তি দিছে।মণিমালা বৰা মহনে দশম শ্ৰেণী পৰ্যন্ত শিক্ষা লাভ কৰিছিল।বিগত বৰ্ষত পশ্চিম গোলাঘাট উন্নয়ন খণ্ডৰ ‘ৰেছিটি’ত সাতদিনীয়া কুকুৰা পালনৰ প্ৰশিক্ষণ লৈছিল।বৰ্তমান তেওঁৰ সকলো খৰচ বাদ দি গড় হিচাপে ২৫,০০০ টকা উপাৰ্জন হোৱা বুলি আমাক জানিবলৈ দিয়ে।দিনটো নিজে পামত কুকুৰাৰ পৰিচৰ্যা কৰে।ভৱিষ্যতে অধিক উন্নত আৰু বহল ভিত্তিত ব্ৰইলাৰ পালনৰ পৰিকল্পনা আছে পৰিশ্ৰমী মহিলাগৰাকীৰ।ইতিমধ্যে বেংকৰ সৈতে ঋণৰ বাবে যোগাযোগ অব্যাহত ৰাখিছে।পুঁজিৰ অভাৱত অৱশ্যে আশা কৰা মতে আগবাঢ়িব পৰা নাই।বজাৰত চাহিদা অনুসাৰে ব্ৰইলাৰৰ অভাৱ বুলি তেওঁ কয়।এনে স্বাৱলম্বী মহিলাক চৰকাৰে বিত্তীয়/কাৰিকৰী সাহায্য দিয়াটো সময়ৰ দাবী।

লেখক:ভবানন্দ কলিতা (নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 3/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate