অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বৰছলাত শিক্ষিত নিবনুৱাৰ স্বনিয়োজনৰ বাট :

বৰছলাত শিক্ষিত নিবনুৱাৰ স্বনিয়োজনৰ বাট :

 

শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ ভংগামন্দিৰ অঞ্চলৰ দুজন যুৱকে ষ্ট্ৰবেৰী খেতি কৰি স্ব-নিয়োজনৰ পথ বাছ লৈছে। কৃষি বিভাগৰ ভংগামন্দিৰ কৃষিচক্ৰৰ কৃষি উন্নয়ন বিষয়া জাকিৰ হুছেইনৰ অনুপ্ৰেৰণাত ভঙামন্দিৰ গাঁৱৰ দুজন শিক্ষিত নিবনুৱা যুৱকে নিজৰ মুলধন খৰচ কৰি দুই বিঘা মাটিত ষ্ট্ৰবেৰী খেতি কৰিছে। তেওঁলোকে হিমাচল প্ৰদেশৰ পৰা ষ্ট্ৰবেৰীৰ পুলি আনি ষ্ট্ৰবেৰী খেতি কৰিছে। ই দুগৰাকী শিক্ষিত নিবনুৱাই ষ্ট্ৰবেৰী খেতিৰ সম্ভাৱনীয়তাৰ প্ৰতি লশ্য ৰাখি আৰু কৃষিকৰ্মৰ জৰিয়তে স্বনিয়োজনৰ বাট মুকলি কৰাৰ প্ৰচেষ্টাই আশাৰ ৰেঙনি কঢ়িয়াইছে। ভংগামন্দিৰ গাঁৱৰ যাদৱ কাৰ্কী আৰু জিতেন্দ্ৰ জয়ছোৱাল নামৰ দুজন শিক্ষিত নিবনুৱা যুৱকে নিজৰ দুই বিঘা মাটিত আৰম্ভ কৰী ষ্ট্ৰবেৰী খেতিত উৎপাদিত ফলবোৰ তেজপুৰ, গুৱাহাটী আদিৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইৰ বজাৰ দখল কৰিছে। ইয়াত উৎপাদিত ষ্ট্ৰবেৰী ফলবোৰ প্ৰতি কেজিত ৩০০-৩৫০ টকা দৰত বিক্ৰী হৈছে। বিগত বৰ্ষত উৎপাদিত ষ্ট্ৰবেৰী ফলবোৰ প্ৰতি কেজিত ৬০০-৭০০ টকা পৰ্যন্ত বিক্ৰী হৈছিল যদিও এই বছৰ ষ্ট্ৰবেৰীৰ দাম হ্ৰাস পাইছে। উল্লেখ্য যে এই শিক্ষিত নিবনুৱা যুৱক দুজনে দুই বিঘা মাটিত প্ৰায় ডেৰ লাখ টকা ব্যয় কৰি ষ্ট্ৰবেৰী খেতি আৰম্ভ কৰিছিল। যোৱা কেইদিনৰ বৰষুণৰ পানীয়ে ষ্ট্ৰবেৰী খেতি কিছু পৰিমাণে নষ্ট কৰিছে। উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰ, তুৰ্কী, স্পেইন, ইজিপ্ট, দক্ষিণ কোৰিয়া, মেক্সিকো, জাপান, পোলেণ্ড, জাৰ্মানী, ৰাছিয়া, ইটালী আৰু মৰক্কো আদি দেশত প্ৰচুৰ পৰিমাণে ষ্ট্ৰবেৰী খেতি কৰা হয়। যোৱা কেইবছৰ ধৰি ভাৰতবৰ্ষতো ষ্ট্ৰবেৰী খেতি কৰিবলৈ লোৱা হৈছে। নাইনিতাল, ডেৰাডুন, মহাবালেশ্বৰ, কাশ্মীৰ উপত্যকা, বেংগালুৰু আৰু কালিংপুঙত এই খেতি কৰা হয়। চুবুৰীয়া ৰাজ্য মেঘালয়তো ষ্ট্ৰবেৰী খেতি কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ পিছত অসমত বিগত কেইবাবছৰ ধৰি ষ্ট্ৰবেৰী খেতি আৰম্ভ কৰা হয়।

লেখক: নাৰায়ণ ফয়েল (নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 3/1/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate