অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বৰছলাত ষ্ট্ৰবেৰীৰ খেতিৰে স্বনিয়োজনৰ সপোন দুই শিক্ষিত যুৱকৰ :

বৰছলাত ষ্ট্ৰবেৰীৰ খেতিৰে স্বনিয়োজনৰ সপোন দুই শিক্ষিত যুৱকৰ :

 

ষ্ট্ৰবেৰী উৎপাদন কৰা বিশ্বৰ মুখ্য দেশ হৈছে আমেৰিকা যুক্তৰাজ্য, ইয়াৰ পিছতে তুৰ্কী, স্পেইন, ইজিপ্ট, দক্ষিণ কোৰিয়া, মেক্সিকো, জাপান, পোলেণ্ড, জাৰ্মানী, ৰুছিয়া, ইটালী আৰু মৰক্কোৰ স্থান। ভাৰতবৰ্ষতো ষ্ট্ৰবেৰীৰ খেতি কিছু পৰিমাণে কৰা হয়। বিশেষকৈ পাহাৰীয়া আৰু ঠাণ্ডা অঞ্চলসমুহত ইয়াৰ খেতি ব্যৱসায়িক ভিত্তিত কৰা হয়। নাইনিতাল, ডেৰাডুন, মহাবালেশ্বৰ, কাশ্মীৰ উপত্যকা, বাংগালুৰু আৰু পশ্চিমবংগৰ কালিম্পঙত এই খেতি বিস্তৃতভাৱে কৰা হয়। অৱশ্যে, বৰ্তমান পুণে, নাচিক আৰু চাংগলীৰ সমতল ভুমিতো ষ্ট্ৰবেৰীৰ খেতি কৰা হয়। আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত কিছু পৰিমাণে ষ্ট্ৰবেৰীৰ খেতি কৰা হৈছে। অসমতো বিগত কেইবা বছৰ ধৰি ঠাই বিশেষে ষ্ট্ৰবেৰী খেতি কৰা অহা হৈছে। শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ বৰছলাতো একাংশ নিবনুৱা যুৱকে ষ্ট্ৰবেৰী খেতি কৰি স্বাৱলম্বী হোৱাৰ পথ প্ৰশস্ত কৰা দেখা গৈছে। চৰকাৰৰ কৃষি বিভাগৰ দ্বাৰা কোনো সহায়-সহযোগ লাভ নকৰাকৈ ঢেকিয়াজুলি ৰাজহ চক্ৰৰ বৰছলা বিধানসভা সমষ্টিৰ ভঙামন্দিৰ গাঁৱৰ দুজন শিক্ষিত নিৱনুৱা যুৱকে নিজৰ মুলধন খৰচ কৰি দুবিঘা মাটিত কৰিছে ষ্ট্ৰবেৰী খেতি। হিমাচল প্ৰদেশৰপৰা ষ্ট্ৰবেৰীৰ পুলি আনি যুৱকদ্বয়ে এই খেতি কৰিছে। যি সময়ত ৰাজ্যখনত নিৱনুৱা সমস্যা বৃদ্ধি পাই আহিছে আৰু একাংশই সংস্থাপনৰ বাবে হাহাকাৰ কৰি থাকিবলগীয়া হৈছে, তেনে সময়তে এই সকল নিৱনুৱাই ষ্ট্ৰবেৰী খেতিৰে স্ব-নিয়োজনৰ বাট মুকলি কৰিবলৈ কৰা প্ৰচেষ্টাই আশাৰ ৰেঙণি কঢ়িয়াই আনিছে। ঢেকিয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত ভঙামন্দিৰ গাঁৱৰ যাদৱ কাৰ্কী আৰু জীতেন্দ্ৰ জয়ছোৱাল নামৰ শিক্ষিত যুৱক দুজনে নিজৰ দুবিঘা মাটিত ষ্ট্ৰবেৰী খেতিত উৎপাদিত ষ্ট্ৰবেৰী তেজপুৰ, গুৱাহাটী আদিত বিক্ৰী কৰিছে। তেওঁলোকে প্ৰতি কিলোগ্ৰাম ষ্ট্ৰবেৰী পাইকাৰী দৰ ৩০০ টকা মুল্যত বিক্ৰী কৰি আছে। ৰাজ্যখনত বিগত বৰ্ষত উৎপাদিত ষ্ট্ৰবেৰী প্ৰতি কিলোগ্ৰামত ৬০০-৭০০ টকা পৰ্যন্ত বিক্ৰী হৈছিল যদিও এইবছৰ ষ্ট্ৰবেৰীৰ দাম হ্ৰাস পোৱাত খেতিয়কসকলে অৱশ্যে ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে। এনে কাৰণতে এই দুজন শিক্ষিত নিৱনুৱা যুৱকে দুবিঘা মাটিত ষ্ট্ৰবেৰী খেতি কৰোতে প্ৰায় ১.২০ লাখ টকা ব্যয় কৰাৰ পিছত এতিয়া তেওঁলোক লাভান্বিত হ’ব নে নাই তাক লৈ চিন্তিত হৈ পৰিছে। আনহাতে, বৰষুণৰ পানীয়েও ষ্ট্ৰবেৰী খেতি কিছু পৰিমাণে নষ্ট কৰিছে। তথাপি এইসকল নিবনুৱা যুৱকৰ আশা-তেওঁলোকে কৃষি-কৰ্মৰে স্ব-নিয়োজনৰ বাট মুকলি কৰিবলৈ সক্ষম হ’ব। এইক্ষেত্ৰত কৃষি বিভাগৰ সহযোগিতা তেওঁলোকে কামনা কৰিছে।

লেখক: পংকজ কুমাৰ নাথ (দৈনিক অসম)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate