অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বৰপেটা জিলাৰ বৰসাহানৰ প্ৰগতিশীল কৃষক গৌৰী ডেকা

বৰপেটা জিলাৰ বৰসাহানৰ প্ৰগতিশীল কৃষক গৌৰী ডেকা

বৰপেটা জিলাৰ বৰসাহান গাঁৱৰ বেছকুছি চুপাৰ ৬০ বছৰৰ ঊৰ্দ্ধৰ এজন প্ৰগতিশীল কৃষক গৌৰী ডেকা। বেছকুছি গাঁৱৰ ‘শিপা’ নামৰ এটা আত্মসহায়ক গোটৰ ‘কুফ্ৰীজ্যোতি’ আৰু ‘কুফ্ৰী হিমালিনী’ আলুৰ প্ৰদৰ্শনমূলক খেতি প্ৰত্যক্ষ কৰি থাকোতে দেখিছিলো ডেকাই দিনৰ ২ বজা মানত হাতত এডাল এচাৰি লৈ গৰু-ম’হ খেদি ফুৰিছে। ৰবি শস্য যাতে গৰু-ম’হে খাব নোৱাৰে তাৰ বাবেই তেওঁ এই পদক্ষেপ গ্ৰহণ কৰিছে। ডেকাৰ চাৰিজনীয়া পৰিয়াল-ছোৱালীজনী ইতিমধ্য বিয়া দিছে, ল’ৰাজনে খেতি-বাতিত দেউতাকক সহায় কৰিবলৈ লৈছে। ডেকাৰ মুঠ মাটি ১০ বিঘা- লীজত লৈছে ২০ বিঘা মাটি। তেওঁৰ দুটা মাছৰ পুখুৰী আৰু তিনিজনী গাই গৰু আছে। তদুপৰি তেওঁৰ আছে এটা গ্ৰীণ হাউচ আৰু এটি ‘ভাৰ্মিকমপ’ষ্ট ইউনিট’। যিটো তেওঁ কৃষি বিভাগৰ পৰা লাভ কৰিছে। ডেকাই তামোল-পান, ঔটেঙা, জলফাই, মধুৰীআম, আপেল আদি সকলো ধৰণৰ ফল-মূলৰ খেতি কৰে। ওলকবি, বন্ধাকবি, বিলাহী, বৰবেঙেনা, বাৰমহীয়া বেঙেনা আদি খেতিও তেওঁ নিয়মিত কৰে। তদুপৰি সৰিয়হ, শ্বেত বেহৰ(বগা সৰিয়হ) আৰু সকলোবিধ ধান-খেতি কৰে। এই সকলো খেতিৰ বাবে তেওঁ মাটিত জৈৱিক সাৰ হিচাপে কেঁচুসাৰ প্ৰয়োগ কৰে। তেওঁৰ নিজৰ এটা পাৱাৰ টিলাৰ আছে। তদুপৰি আছে কিৰ্লোস্কাৰ পাম্প, যিটো পাম্প তেওঁ বৰপেটাত অনুষ্ঠিত সাহিত্য সভাৰ অধিৱেশনত লাভ কৰিছিল। ডেকাই ১৩ কিলো ৭০০ গ্ৰাম ওজনৰ বন্ধাকবি সাহিত্য সভাৰ প্ৰদৰ্শনীত প্ৰদৰ্শন কৰিছিল, যিটো দেখি ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদে তবধ মানিছিল। এই পাম্পটো এতিয়াও চলি আছে। নিজৰ অঞ্চলটোত ডেকা এজন কৃষি পৰামৰ্শদাতা আৰু কৃষকবন্ধু হিচাপে পৰিচিত। উল্লেখ্য যে গাঁওখনৰ পথাৰৰপৰা শালিধান চপাই অনাৰ পিছত আলু, সৰিয়হ, মটৰ, মচুৰৰ খেতি কৰিছে পথাৰ পৰিচালনা সমিতিৰ সদস্যসকলে। ধীৰাজ শৰ্মা আৰু সুমন দেৱ চৌধুৰী হ’ল শিপাৰ সভাপতি আৰু সম্পাদক। ডেকাৰ পৰামৰ্শ আৰু অনুপ্ৰেৰণাতে নতুন উদ্যমেৰে সকলোৱে খেতি-বাতিত লাগিছে। ডেকাই জানিবলৈ দিয়া মতে, তেওঁ ধান, মাহ, সৰিয়হ বেছি বছৰেকত প্ৰায় ৭০,০০০টকা, বিভিন্ন শাক-পাচলি বিক্ৰী কৰি ৩০,০০০টকা, গাখীৰ বিক্ৰী কৰি ২০,০০০টকা আৰু মাছ বিক্ৰী কৰি ৫০,০০০টকা পৰ্য্যন্ত আয় কৰে। এইবেলি গণতন্ত্ৰ দিৱসত ডেকাক বৰপেটাত কৃষি বিভাগৰ উদ্যোগত সম্বৰ্দ্ধনা জনোৱা হৈছে। জিলা কৃষি বিভাগৰ পৰা ডেকাক এটি পাৱাৰ অপাৰেটেড স্পেয়াৰ আৰু এটা ক’নো উইদাৰ সন্মান হিচাপে প্ৰদান কৰা হৈছে। এই মহান কৃষকজন ৰাজ্যৰ অন্য কৃষকসকলৰ আদৰ্শ হ’ব পাৰে।

লেখকঃ মনজিৎ তালুকদাৰ।

শেহতীয়া উন্নীতকৰণ: : 4/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate