অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বৰমাত হাইড্ৰ’পনিক পদ্ধতিৰে পাচলিৰ খেতি :

বৰমাত হাইড্ৰ’পনিক পদ্ধতিৰে পাচলিৰ খেতি :

 

ৰাজ্যৰ ভুমিহীন নিবনুৱাসকললৈ সুখবৰ কঢ়িয়াই আনিছে বাকসা জিলাৰ বৰমাৰ এগৰাকী মহিলাই। এই উচ্চ শিক্ষিতা মহিলাগৰাকীয়ে ভুমি নোহোৱাকৈ হাইড্ৰ’পনিক পদ্ধতি কৌশল প্ৰয়োগ কৰি বিভিন্ন ধৰণৰ পাচলিৰ খেতি কৰি সংস্থাপিত হোৱাৰ প্ৰচেষ্টা চলাইছে। বৰমা ৰাজহ চক্ৰৰ অন্তৰ্গত কালজাৰ গাঁৱৰ ছাৰা চৈয়দ ওৰফে চনিমা বসুমতাৰীয়ে বায়োটেকন’ল’জীত উচ্চ শিক্ষাগ্ৰহণ কৰি চৰকাৰী চাকৰি লাভ কৰিছিল যদিও চাকৰি বাদ দি নিজে হাইড্ৰ’পনিক কৌশল অৱলম্বন কৰি কেপছিকাম, বিলাহী, জালুক, পালেং, কেৰেলা ,ৰঙালাও, ভোট জলকীয়া, লেটিউচ ষ্ট্ৰ’বেৰী আদিৰ খেতি কৰি স্বাৱলম্বী হোৱাৰ অভিনৱ প্ৰয়াস কৰে। ভুমিহীন লোকে এই পদ্ধতিৰে জৈৱিক সাৰ প্ৰয়োগ কৰি খেতি কৰি স্বাৱলম্বী হ’ব পাৰে বুলি মন্তব্য কৰি মহিলাগৰাকীয়ে এই পদ্ধতিৰে কৰা পাচলিৰ খেতিডৰা গ্ৰীণ নেট ব্যৱহাৰ কৰি কীট-পতংগৰ পৰা ৰক্ষা কৰিব পাৰি বুলিও সদৰি কৰে। বিদেশৰ ভুমিহীন লোকে এনেধৰণৰ খেতি কৰাৰ কথা জানিব পাৰি মহিলাগৰাকীয়েও এনেধৰণৰ খেতি পদ্ধতিৰ প্ৰতি আকৰ্ষিত হোৱাৰ কথা ব্যক্ত কৰে। উল্লেখ্য যে ৰাজ্যখনৰ একাংশ লোকে ছাতৰ ওপৰত দুই-এবিধ পাচলিৰ খেতি কৰে যদিও তাত মাটি ব্যৱহাৰ কৰে। ফলত ছাতখনে মাটিৰ ওজন বহন কৰিব লাগে। কিন্তু মহিলাগৰাকীয়ে কৰা পাচলিৰ খেতিত মাটিৰ অলপো ব্যৱহাৰ নহয়। সেয়ে তেওঁ যুৱ-প্ৰজন্মক হাইড্ৰ’পনিক কৌশলৰদ্বাৰাই খেতি কৰাৰ বাবে আহ্বান জনায়। ইফালে, ৰাসায়নিক সাৰমুক্ত এনেধৰণৰ কৌশলপুৰ্ণ খেতিয়ে ৰাইজক ৰোগমুক্ত কৰিব বুলিও মন্তব্য কৰে মহিলাগৰাকীয়ে

লেখক: কাৰ্তিক দাস (দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 1/17/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate