অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভোট জলকীয়াৰ খেতি, ধান খেতি, পশুপালন

ভোট জলকীয়াৰ খেতি, ধান খেতি, পশুপালন

নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰীভাৱে থকা বিভিন্ন আঁচনিয়ে ঢুকি নোপোৱা এজন শিক্ষিত তথা  উদ্যমী যুৱক ভাস্কৰ শৰ্মাই একান্ত নিজ প্ৰ্চেষ্টাৰে নিজ কৃষিভূমিত ভোট জলকীয়াৰ খেতি, ধান খেতি আৰু পশু পালনেৰে স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে। নলবাৰী জিলাৰ বাঁহজানীৰ অন্তৰ্গত জানিগোগ(কৰেবাৰী) গাঁৱৰ তাৰেণী শৰ্মাৰ জ্যেষ্ঠ পুত্ৰ ভাস্কৰ শৰ্মাই ছাত্ৰ অৱস্থাৰপৰাই ছাত্ৰ অৱস্থাৰপৰাই দেউতাকৰ লগত খেতিৰ কামত জড়িত হৈ আহিছে। প্ৰায় ৩৮ বছৰীয়া উদ্যমী যুৱক ভাস্কৰে নিজৰ মাটিত বৰ্তমান মাত্ৰ ২০ জোপা ভোট জলকীয়াৰ গছ ৰোপণ কৰি তাৰপৰা উৎপাদিত হোৱা ফচল অঞ্চলটোৰ চান্দকুছি ঘিল্লা চ’কত প্ৰতিদিনে বহা গধূলিৰ বজাৰ আৰু যজ্ঞভূমিৰ দেওবৰীয়া-বৃহষ্পতিবাৰৰ বজাৰত বিক্ৰী কৰি সম্প্ৰতি প্ৰায় ১৪ হাজাৰ টকা পোৱা বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে পৰৱৰ্তী সময়ত উক্ত জলকীয়াৰ খেতিৰ সম্প্ৰ্সাৰণ ঘটাব বুলি জানিবলৈ দিয়ে ভাস্কৰে।তদুপৰি ভাস্কৰ শৰ্মাই ধান খেতিৰ লগতে এজনী গই গৰু পুহি তাৰপৰা দৈনিক ৮ৰ পৰা ১০ লিটাৰ গাখীৰ বিক্ৰী কৰি মাহেকত ১০ হেজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। এনেকৈয়ে সম্প্ৰ্তি ভাস্কৰ শৰ্মা অঞ্চলটোৰ যুৱ প্ৰজন্মৰ বাবে আদৰ্শ স্বৰুপ হৈ পৰিছে।

লিখকঃ কামিনীকান্ত মিশ্ৰ, দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 3/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate