অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভোট জলকীয়াৰ খেতিৰে লাভান্বিত দিহজাৰীৰ বৰ্মা ভাতৃদ্বয়

ভোট জলকীয়াৰ খেতিৰে লাভান্বিত দিহজাৰীৰ বৰ্মা ভাতৃদ্বয়

নলবাৰী জিলাৰ দিহজাৰী গাঁৱৰ দুই ভাতৃ নিত্যানন্দ বৰ্মা আৰু নিৰঞ্জন বৰ্মাই সমন্বিত মাছ পালন, উন্নত কৃষি প্ৰণালীৰ লগতে এইবছৰ ভোট জলকীয়াৰ খেতি কৰি যথেষ্ট লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে। নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষি বিজ্ঞানী ডমৃদুল ডেকাৰ দিহা-পৰামৰ্শ আৰু পিতৃ আদৰ্শ কৃষক মনোহৰ বৰ্মাৰ অনুপ্ৰেৰণাত এই দুই ভাতৃয়ে জিলাখনৰ কৃষি ক্ষেত্ৰত এক আদৰ্শ স্থাপন কৰাই নহয়, জিলা প্ৰশাসনৰ তৰফৰ পৰা শ্ৰেষ্ঠ কৃষকৰ সন্মান লাভ কৰিবলৈকো সক্ষম হৈছে। আদৰ্শ কৃষক নিত্যানন্দ বৰ্মাই ‘দৈনিক অসম’ক জানিবলৈ দিয়া মতে, যোৱা দুমাহত তেওঁলোকে অকল ভোট জলকিয়াৰ পুলি বিক্ৰী কৰিয়ে ৬০ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। তেওঁলোকে বিভিন্ন নাৰ্চাৰী আৰু ব্যক্তিগত লোকৰ ওচৰত ১২,০০০ টা ভোট জলকীয়াৰ পুলি বিক্ৰি কৰিছে আৰু বৰ্তমানো তেওঁলোকৰ ওচৰত বহুতো ভোট জলকীয়াৰ পুলি মজুত আছে। তদুপৰি তেওঁলোকে কেইবাহাজাৰ টকাৰ ভোট জলকীয়াও বিক্ৰী কৰিছে। প্ৰতি তিনিটা ভোট জলকীয়া দহ টকা দৰত তেওঁলোকে ব্যৱসয়ীৰ ওচৰত বিক্ৰী কৰে। নিজৰ ঘৰতে কেঁচুসাৰ উত্পাদন কেন্দ্ৰ স্থাপন কৰা বৰ্মা পৰিয়ালে জৈৱিক পদ্ধতিৰে বিভিন্ন কৃষি কাৰ্য কৰাত সকলোৰে মাজত উচ্চ প্ৰশ্ংসা পাবলৈ সক্ষম হৈছে। ইফালে, অৱসৰপ্ৰাপ্ত কৃষক মনোহৰ বৰ্মাই নিজৰ উচ্চ শিক্ষিত তিনি পুত্ৰ নিত্যানন্দ, নিৰঞ্জন আৰু প্ৰকাশ বৰ্মাক লৈ বৰ্মা মাছ পোনা উত্পাদন আৰু প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰি মাছ পালন, পোনা উত্পাদন আৰু প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আহিছে। ৰাজ্যৰ বাহিৰত মাছ পালনৰ কাৰিকৰি প্ৰশিক্ষণ গ্ৰহণ কৰি নলবাৰী জিলাৰ মীন খণ্ডলৈ এক দ্ৰুত পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। বৰ্মাৰ সৰু পুত্ৰ প্ৰকাশ বৰ্মাই যাৱতীয় প্ৰশিক্ষণ গ্ৰহণ কৰি বৰ্তমান গো-পালনৰ লগতে কুকুৰা আৰু হাঁহপালনতো লাগিছে। মুঠতে পিতৃ মনোহৰ বৰ্মাৰ আদৰ্শৰে বাট বুলি দিহজাৰীৰ বৰ্মা পৰিয়ালে জিলাখনৰ নতুন প্ৰজন্মক আত্মস্ংস্থাপনৰ পথ দেখুৱাবলৈ সক্ষম হৈছে।

ৰমেন কলিতা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 4/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate