অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভুৰাগাঁৱত তৰমুজৰ খেতিৰে সেউজ বিপ্লৱ :

ভুৰাগাঁৱত তৰমুজৰ খেতিৰে সেউজ বিপ্লৱ :

 

মৰিগাওঁ জিলাৰ ভুৰাগাওঁ অঞ্চলৰ কেইগৰাকীমান খহনীয়াত সৰ্বস্বান্ত কৃষকে ব্ৰহ্মপুত্ৰৰ বালিচাপৰিত তৰমুজ খেতিৰে সেউজ বিপ্লৱৰ সুচনা কৰিছে। ভুৰাগাওঁ ৰাজহ চক্ৰৰ অন্তৰ্গত কুপতিমাৰী গাঁৱৰ খহনীয়াত সৰ্বস্বান্ত হোৱা কৃষক আব্দুল মতলেব, আব্দুল মজিদ, ৰফিকুল ইছলাম, জেহিৰুল ইছলাম, আবু চামা, এমৰাদুল, ৰছিদুল আৰু আব্দুল ৰেজ্জাকে এইবাৰ ইয়াৰ ১ নং বৰকুৰ চাপৰিত ৩ শ বিঘা ভুমিত তৰমুজ খেতি কৰিছে। উল্লেখ্য যে এইসকল খহনীয়াগ্ৰস্ত কৃষকে তিনি বছৰ ধৰি এনেদৰে ব্ৰহ্মপুত্ৰৰ বলিচাপৰিত বিঘাই বিঘই তৰমুজৰ খেতি কৰি অধিক উপাৰ্জন কৰি আহিছে। তেওঁলোকে প্ৰতি বিঘা মাটিত ৮-১০ হাজাৰ টকা খৰচ কৰি ৫৫-৬০ হাজাৰ টকা উপাৰ্জন কৰে। বৰ্তমান কৃষকসকলে প্ৰতি কুইণ্টল তৰমুজ ১৪০০ টকাত বিক্ৰী কৰি আছে। তেওঁলোকৰ উৎপাদিত তৰমুজ বিশেষকৈ উজনি অসমৰ বিভিন্ন বজাৰসমুহলৈ ৰপ্তানি হৈ আহিছে। ব্ৰহ্মপুত্ৰৰ খহনীয়াত কৃষিভুমি, ঘৰ-বাৰী হেৰুৱাই মথাউৰিত আশ্ৰয় লোৱা এইকেইজন কৃষকে পৰীক্ষামুলকভাৱে ২০১৫ চনত ব্ৰহ্মপুত্ৰৰ বালিচাপৰিত তৰমুজ খেতি কৰিছিল। প্ৰথম বছৰ খেতি কৰি লাভৰ মুখ দেখা পোৱা খহনীয়াগ্ৰস্ত কৃষককেইজনে কোনো ধৰণৰ প্ৰশিক্ষণ নোহোৱাকৈ কৃষিকৰ্মত নিয়োজিত হৈ পৰিছিল। তেওঁলোকে জনোৱা মতে, এই সন্দৰ্ভত কৃষি বিভাগে তেওঁলোকক দিহা-পৰামৰ্শ বা প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰাহেঁতেন তেওঁলোকে আৰু অধিক লাভৱান হ’ব পাৰিলেহেঁতেন। উল্লেখ্য ,ৰাজ্যৰ কৃষি বিভাগে কৃষকসকলৰ বাবে বিভিন্ন আঁচনি ৰুপায়ণ কৰিছে যদিও তেনে কোনো এখন আঁচনিয়ে এইসকল কৃষকক আজিলৈ ঢুকি পোৱা নাই। জিলা সদৰত কৃষি বিভাগৰ এটা বিয়াগোম কাৰ্যালয় আছে যদিও তেওঁলোকে কৃষি বিষয়া নতুবা গ্ৰামসেৱকৰ দিহা-পৰামৰ্শও নাপায়। তেওঁলোকে প্ৰতি বছৰে উন্নত জাতৰ তৰমুজৰ বীজ সুদুৰ কোচবিহাৰৰ পৰা সংগ্ৰহ কৰি আনে। স্মৰ্তব্য যে খহনীয়াগ্ৰস্ত কৃষককেইজনে বালিচাপৰিত উৎপাদিত তৰমুজ বিক্ৰী কৰি উপাৰ্জন কৰা ধনেৰে নিজ নিজ পৰিয়াল পোহপাল দি আহিছে। সম্প্ৰতি তৰমুজ খেতিৰে তেওঁলোকে বুৰাগাওঁ অঞ্চলৰ বালিচাপৰিত সেউজ বিপ্লৱৰ সুচনা কৰিছে। খহনীয়াগ্ৰস্ত অঞ্চলটোত এনে কৃষিকৰ্মৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰা কৃষকেইজন এতিয়া সমগ্ৰ খহনীয়াক্ৰান্ত কৃষিজীৱী লোকসকলৰ বাবে আদৰ্শ হৈ পৰিছে।

লেখক: বিষ্ণু ডেকা (দৈনিক অসম)

 

শেহতীয়া উন্নীতকৰণ: : 2/13/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate