ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত বুদুৰা গাঁৱৰ সফল মীনপালকৰ নাম নাৰায়ণ বড়ো। অতি চালুকীয়া অৱস্থাৰ পৰা মীন পালন আৰম্ভ কৰি বড়োৱে মীন পালনৰ জৰিয়তে ধৰাতেই সৰগ ৰচি উদীয়মানসকলৰ বাবে আদৰ্শ দেখুৱাইছে। কৃষিজীৱি পৰিয়ালৰ সন্তান নাৰায়ণ বড়োৱে পিতাকৰ দিনৰ খেতিমাটি ডোখৰতে কৃষিকাৰ্য্য কৰি কোনোমতে পেটে-ভাতে চলিছিল। পৰিয়াল বঢ়াৰ লগে লগে মাটী-বাৰীও ভাগ হৈ গাইপতি ভূমি সংকোচন হ’ল। নাৰায়ণ বড়োৰ ভাগত পৰিল ঘৰৰ ভেটি-মাটি এডোখৰ আৰু যৎসামান্য কৃষি মাটি। এইখিনিৰে পৰিয়াল এটা সচ্ছলভাৱে চলাটো প্ৰায় অসম্ভৱ। কৃষিকাৰ্য্যক ইমানতে বিদায় দিয়াৰ মানসেৰে বড়োৱে চৰকাৰী চাকৰি বিচৰাৰ নামত অপব্যয় কৰিলে জীৱনৰ বহু মূল্যবান সময়। মৰুভূমিত মৰীচিকা বিচৰাৰ দৰে চৰকাৰী চাকৰিৰ পাছে পাছে হাবাথুৰি খাই মোহভংগ হ’বলৈ নাৰায়ণৰ বেছি সময় নালাগিল। ইতিমধ্যে পিতাক আৰু স্থানীয় প্ৰগতিশীল মীনপালক তথা সু-মীন সংগঠক ধৰ্মেশ্বৰ ৰাভাই ডেকাজনক সকলো বাদ দি মীন পালনত ব্ৰতী হ’বলৈ উদগনি যোগালে। জিলাখনৰ অন্যতম শ্ৰেষ্ঠ মীনপালক ৰাভাই মীনপালন সম্পৰ্কীয় সকলোখিনি শিকাই বুজাই যুৱকজনৰ কাৰিকৰীভাৱে উদ্বুদ্ধ কৰাৰ দায়িত্ব ল’লে। উল্লেখযোগ্য যে ধৰ্মেশ্বৰ ৰাভাৰ সফলতাৰ পৌনিক ক্ৰিয়াৰে পাৰ্শ্বৱৰ্তী অঞ্চলৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ দুই শতাধিক যুৱক-যুৱতীক মীনপালনলৈ আকৰ্ষিত কৰি তেওঁলোকৰ বাবে আত্মসংস্থাপনৰ পথ প্ৰশস্ত কৰিছে। নাৰায়ণ বড়োৱেও চেষ্টা এটা কৰি চাঁও বুলি ঘৰৰে পুৰণি পুখুৰীটোত ধৰ্মেশ্বৰ ৰাভাৰ দিহা মৰ্মে আৰম্ভ কৰে মীনপালন। মনোভাৱ দেখা যাওকচোন কি হয়। যুৱকজনে হয়তো নিজেও ভবা নাছিল ইয়াতেই যে লুকাই আছে তেওঁৰ জীৱনৰ উত্তৰণৰ যোগাত্মক ঘূৰ্ণন। প্ৰথমে তেওঁ ঘৰৰ পুখুৰীটো কিছু চাফ-চিকুন কৰি তাত কমনকাৰ্প মাছ পালন আৰু কমনকাপৰ পোনা উৎপাদন আৰম্ভ কৰে। কোনো বিজ্ঞানসন্মত বিনিয়োগ বা বিশেষ কাৰুকাৰ্য অবিহনেই তেওঁ এই কামত আগবাঢ়ে। ইমানৰ পিছতো প্ৰথম বছৰতে সকলো বাদ দি যুৱকজনৰ হাতলৈ আহে কুৰি হেজাৰ টকা। যুৱকজনৰ বাবে তেনেই অপ্ৰত্যাশিত এইখিনি ধন। সেয়া ১৯৯৮ চনৰ কথা। তাৰ পিছত তেওঁ দুগুণ উৎসাহেৰে একনিষ্ঠভাৱে মীনপালনত জড়িত হ’ল। সপোন দেখিলে মীন উন্নয়নেৰে এখন নতুন জীৱন ৰথৰ চকা ঘূৰোৱাৰ। মূৰকত সেয়াই চমক দিলে দিঠকৰ সেউজীয়া দলিচাত। কাৰণ সপোন দেখিলেহে সপোন ফলিয়ায়। এয়েই আৰম্ভণি, বড়োৱে আৰু পাছলৈ উভতি চোৱা নাই। প্ৰতি বছৰে লাভাংশৰ ধনেৰে সম্প্ৰসাৰণ কৰি থাকিল পাম। ২০০০ চনত সেই সময়ৰ জিলা বিষয়া শৰদিন্দু পাঠকে বিশ্ববেংকৰ আঁচনিৰ অন্তৰ্গত এটি সাহাৰ্য অনুমোদন কৰে বড়োৰ বাবে। দুৰ্বাৰ গতিত অব্যাহত থাকিল মীনপালন। পৰৱৰ্তী সময়ত পত্নী তৰুলতা বড়োও নাৰায়ণৰ কাম-কাজৰ অভিন্ন সহযোগী হ’ল। সাংসাৰিক সকলো লেঠা মাৰি মীন পামখনত জড়িত হোৱাটো মহিলাগৰাকীৰ এক ইতিবাচক আসক্তি। তৰুলতাক প্ৰত্যক্ষ কৰি স্থানীয় মহিলাসকলো মীন পালনলৈ আকৰ্ষিত হোৱাটো অন্যতম শুভ লক্ষণ। পৰৱৰ্তী সময়তো দোপতদোপে জয়যাত্ৰা অব্যাহত ৰাখিছে বড়ো দম্পতীয়ে। বৰ্তমান প্ৰায় ৩৫ বিঘা ভূমিকালি আৰু ২৬ বিঘা জলকালিৰে সমৃদ্ধ তেওঁলোকৰ মীন পামখনত সম্পূৰ্ণ শৃংখলাবদ্ধ পৰিক্ৰমাৰে সংমিশ্ৰিত মীনপালন, সমন্বিত মীন আৰু উদ্যান শস্য আদি কৌশল ৰূপায়িত কৰা হয়। মীন বিজ্ঞানৰ শেহতীয়া কাৰিকৰী দিহাখিনি বাস্তবায়িত কৰাৰ উপৰি নাৰায়ণৰ প্ৰতিটো কামতে আছে উদ্ভাৱনী চিন্তাৰ উন্মেষ। এতিয়া বড়ো দম্পতীৰ বছৰেকীয়া লাভ প্ৰায় তিনি লাখ টকা। নাৰায়ণ বড়োৰ অনুপ্ৰেৰণাত স্থানীয় হাইলা বড়ো, ফুলেশ্বৰী ৰাভা, কৰুণা ৰাভা, গাজি বড়ো আদি কেইবাগৰাকী লোকেও মীন পালনেৰে প্ৰতিষ্ঠিত হৈছে। এওঁলোকক মাৰ্গ দৰ্শন কৰাইছে অগ্ৰণী প্ৰগতিশীল মীনপালক ধৰ্মেশ্বৰ ৰাভাই। এটি পুত্ৰ আৰু এগৰাকী কন্যা সন্তানেৰে পত্নীসহ এটি সুখী পৰিয়ালৰ গৰাকী নাৰায়ণ বড়ো। নাৰায়ণ-তৰুলতাৰ সুখৰ আধাৰ মীন পালন। পৰৱৰ্তী সময়ত নিজাকৈ এটি মীন পোনা উৎপাদন। কেন্দ্ৰ স্থাপনৰ যো-জা কৰিছে বড়ো দম্পতীয়ে। তেওঁলোকে চলিত বৰ্ষতে আৰু ১০ বিঘা জলকালিৰ এটা পুখুৰী খন্দাৰ প্ৰাৰম্ভিক প্ৰস্তুতি সম্পন্ন কৰিছে। নাৰায়ণৰ এই যাত্ৰা হওক এক অবিৰত যাত্ৰা।
উৎস: দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 4/28/2020