মোৰ ঘৰৰ নগাওঁ জিলাৰ শেনছোৱা বালিগাঁৱত। আমি দেউতাৰ দিনৰ পৰাই খেতি কৰি আহিছো। মই বৰ্তমান ধান, মাহ, সৰিয়হ, শাক-পাচলি, কুঁহিয়াৰ খেতিৰ লগত জড়িত।
বৰ্তমান মই নিজাববীয়াকৈ ২০০৮ চনৰ পৰা খেতি কৰি আহিছো। তাৰ আগতে আমি ধান, মাহ, সৰিয়হ, মৰাপাট আদিৰ খেতি দেউতাৰ লগত কৰিছিলো। সেইবোৰৰ পৰা আমি খাই বৈ জীয়াই থকাৰ বাহিৰে বিশেষ ৰাহি হোৱা নাছিল। কষ্টও বহুত বেছি কৰিব লগা হৈছিল, কাৰণ কোনো আধুনিক পদ্ধতি গ্ৰহণ কৰা হোৱা নাছিল আৰু তাৰ বাবে আৰ্থিকভাৱে সবলো নাছিলো। লাহে লাহে নতুনকৈ কিবা এটা কৰাৰ প্ৰৱণতাই মোৰ মনত গা কৰি উঠিছিল। তাৰ ফলশ্ৰুতিতেই ‘কৃষি বিশ্ববিদ্যালয় চিলঙনী’ৰ লগত যোগাযোগ কৰি তেওঁলোকৰ দিহা পৰামৰ্শৰে প্ৰথমে ধান আৰু সৰিয়হৰ উন্নত জাতৰ বীজ সংগ্ৰহ কৰি খেতি কৰিব আৰম্ভো কৰো ২০০৮ চনৰ পৰা। সেইবছৰ খেতিৰ উৎপাদনে মোক এটি নতুন আশাৰ ৰেঙনি দেখাইছিল। তাৰ ফলশ্ৰুতিত বেলেগৰ মাটি লিজত লৈ বহল পৰিসৰত খেতি কৰিবলৈ মন মেলো। ইয়াৰ পিছত কৃষি বিভাগ আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ দিহা পৰামৰ্শৰে খেতি কৰি অধিক উৎপাদনৰ লগতে আৰ্থিকভাৱে টনকীয়াল হৈছিলো।
ধান খেতিৰ ক্ষেত্ৰত আগৰ থলুৱা জাতৰ সঁচ বাদ দি ৰঞ্জিত, গিতেশ, স্বৰ্ণ-চাব-১, আৰু কেটেকী জহা ধানৰ খেতি কৰি আছো। এইবোৰ জাতৰ পৰা উৎপাদন থলুৱা জাতৰ তুলনাত বহুত ভাল। ইয়াৰে কেতেকী জহা ধানৰ চাউলৰ চাহিদা বহুত বেছি। ইয়াৰ উৎপাদনো লেখত ল’বলগীয়া বিঘাই প্ৰতি ১৫ মোনৰ অধিক আৰু প্ৰতি কেজি চাউলত ৬০ টকা।
সৰিয়হৰ খেতিৰ ক্ষেত্ৰত প্ৰথমে থলুৱা জাতৰ সৰিয়হৰ সলনি এম-২৭, টিএচ-৩৬, টিচে-৪৬ আদি জাতৰ সৰিয়হ কৰিব লৈছিলো। জলসিঞ্চন অবিহনে প্ৰতি বিঘাত ২০০ কিলো পৰ্যন্ত উৎপাদন হৈছিল। আজি তিনি-চাৰি বছৰ ধৰি কৃষি বিভাগৰ পৰা যোগান ধৰা উন্নত জাতৰ সৰিয়হৰ অনুমোদিত জাত Pusha Mehak, NRHB 101, RGN-235 জাতৰ সৰিয়হ কৰিছো। যোৱা বছৰ NRHB-101 জাতৰ উৎপাদন ২৯০ কিলোলৈকে হৈছে।
শাক-পাচলিৰ ক্ষেত্ৰত মই আলু, কবি, জলকীয়া ,তিঁয়হ, কেৰেলা আদি খেতি কৰো। ইয়াত মই গতানুগতিক পদ্ধতিৰে নকৰি জলকীয়া, তিঁয়হ, কেৰেলা আদি খেতি বাৰিষা উৎপাদন পাব পৰাকৈ কৰো। যিহেতু সেইসময়ত এইবিলাকৰ মুল্য বহুত বেছি থাকে। তিঁয়হ খেতি ভাদ মাহৰ প্ৰতি লক্ষ্য ৰাখিহে কৰো। কাৰণ ভাদ মাহত তিঁয়হৰ চাহিদা আৰু মুল্য বহুত বেছি থাকে। জলকীয়া আমি ক’লা থলুৱা জাতৰহে কৰো। কাৰণ ই বহুদিন উৎপাদন দিয়ৰ লগতে চাহিদা আৰু মুল্য আশানুৰুপভাৱে পোৱা যায়। যোৱা বছৰ প্ৰতি বিঘা জলকীয়াত ৭৫,০০০/- টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিলো। বাৰিষা খেতিবোৰত মই পলিথিনৰ আৱৰণেৰে ঢাকি খেতি কৰোঁ ।ইয়াৰ ফলত বন-বাতৰ পৰা পৰা পৰিত্ৰাণ পোৱাৰ লগতে এবাৰ ব্যৱহাৰ কৰি সেই একেই আৱৰণত এটা খেতি উঠাৰ পিছত আৰু এটা খেতি উৎপাদন লৈ আহিছো । ইয়াৰ ফলত খৰছৰ তুলনাত লাভ অধিকভাৱে পাওঁ।
কুঁহিয়াৰৰ ক্ষেত্ৰত প্ৰথমে আমি কুঁহিয়াৰৰ পৰা গুৰ উৎপাদন কৰিছিলোঁ। ইয়াৰ পৰা কেতিয়াবা বজাৰ তাৰতম্যৰ বাবে লোকচানৰ সন্মুখীন হ’বলগীয়া হয়। পিছত লাহে লাহে কুঁহিয়াৰৰ পৰা গুৰ বনোৱা বাদ দি ইয়াৰ ৰসৰ বেপাৰীক ওজন হিচাপে আৰু ডাল হিচাপে বিক্ৰি কৰো। এই চিন্তাধাৰাই কুঁহিয়াৰ খেতিৰ ব্যৱস্থাটোক এক নতুন মাত্ৰা দিয়াৰ লগতে বহু পৰিমাণৰ আৰ্থিক লাভৰ মুখ দেখা পাইছিলো। ওজন হিচাপে প্ৰতি এশ কেজি ৬০০ টকা আৰু ডাল হিচাপে প্ৰতি ডালত ১৫ টকাকৈ পাওঁ।
যোৱা বছৰ Social Networking Facebook ৰ জৰিয়তে Sugar cane Grower’s of India নামৰ কৃষি গ্ৰুপত গুজৰাটৰ শ্ৰীনৱনীতা পাটিল, মহাৰাষ্ট্ৰৰ শ্ৰীউচিত পাটিল, শ্ৰীসুৰেশ কাৱডেৰ দৰে বিখ্যাত কুঁহিয়াৰ উৎপাদক সকলৰ দিহা-পৰামৰ্শতেই ৫ ফুট* ১ ফুট দুৰত্বত ৰোপণ কৰোঁ। যাৰ উৎপাদনো আগৰ তুলনাত দুগুণ হৈছিল। খৰছৰ মাত্ৰাও কম পৰিছিল। আগতে য’ত বনুৱাৰ সহায়ত বন-বাত নিৰোৱা, মাটি চপোৱা কাৰ্য হৈছিল সেইবোৰ বৰ্তমান পাৱাৰটিলাৰৰ সহায় কৰা হৈছে। তেওঁলোকৰ দিহাতেই তেওঁলোকৰ দিহা-পৰামৰ্শৰ বাবে বৰ্তমান মোৰ কুঁহিয়াৰ খেতিয়ে এক নতুন গতি লৈছে। এইবছৰ মই ১৫ বিঘা মাটিত কুঁহিয়াৰ খেতি কৰিছো। ইয়াৰ পৰা মই প্ৰতি বিঘাত খৰছ বাদ দি ৬০,০০০/- মানকৈ আয় হ’ব বুলি আশা কৰিছো।
বৰ্তমান মই ৪০ বিঘা মাটিত খেতি কৰি আছো। দুজন স্থায়ী বনুৱা, দুজন অস্থায়ী বনুৱা আৰু কুঁহিয়াৰ কটাৰ সময়ত আৰু পাঁচজনক তিনিমাহৰ বাবে কামত লগাই আহিছোঁ। জিলা কৃষি বিভাগৰ পৰা ৰাজসাহাৰ্য যুক্ত এখন পাৱাৰটিলাৰ, তিনিটা পাৱাৰ পাম্প, স্প্ৰিংকলাৰ এটা আদিৰ সহায়ত কৃষিকাৰ্য কৰি আছো। এইখিনিৰ সহায়ত বহুখিনি কষ্ট লাঘৱ হোৱাৰ লগতে বহু সহায় হৈছে। মোৰ নিজা তিনিজনী বৰ্ণসংকৰ জাতৰ খীৰতি গাইও আছে।
লেখক: তপন বৰুৱা (সেউজ সোপান)
শেহতীয়া উন্নীতকৰণ: : 7/19/2022