অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মণিপুৰবাসীৰ জীৱিকাৰ উৎস ছুপাৰি উদ্যোগ

মণিপুৰবাসীৰ জীৱিকাৰ উৎস ছুপাৰি উদ্যোগ

ৰাজ্যখনৰ শিক্ষিত-অশিক্ষিত নিবনুৱা যুৱক-যুৱতী তথা একাংশ লোকে কৰ্ম স্ংস্থাপনৰ অভাৱত কক্‌বকাই থকাৰ উপৰি আন একাংশ লোকে বহি:ৰাজ্যলৈ গৈ শ্ৰমিক হিচাপে নিয়োজিত হৈ থকাৰ সময়তে স্ব-গৃহতে ক্ষুদ্ৰ উদ্যোগ খুলি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে নগাঁও- মৰিগাঁও জিলাৰ সীমাৱৰ্তী এখন গাঁৱৰ লোকে। জিলা দুখনৰ সীমামূৰীয়া অঞ্চল তথা কপিলীপৰীয়া গাঁওখন হৈছে মণিপুৰটুপ। দেৰ শতাধিক পৰিয়ালৰ বসতিপূৰ্ণ গাঁওখনৰ প্ৰতিটো পৰিয়ালৰে পুৰুষ-মহিলা, শিশু, কিশোৰ-কিশোৰী সকলোৱেই যেন এতিয়া ব্যস্ত হৈ পৰিছে ছুপাৰি প্ৰস্তুতিৰ কামত। জানিব পৰামতে, বিগত ১৫-২০ বছৰ ধৰি এই পৰিয়ালবোৰে ছুপাৰি প্ৰস্ততৰ কামত নিয়োজিত হৈ আহিছে। উল্লেখ্য যে প্ৰতি বছৰৰ অক্টোবৰ মাহৰ পৰা মাৰ্চ মাহলৈ জিলাখনৰ উপৰি বিভিন্ন প্ৰান্তৰ পৰা কেঁচা তামোল ক্ৰয় কৰি আনি গাঁওখনৰ ছুপাৰি উদ্যোগৰ মালিকসকলে যোৱা অক্টোবৰ মাহৰপৰাই এই কামত নিয়োজিত হৈ পৰিছে। সম্প্ৰতি গাঁও খনত ছুপাৰীৰ  অৰ্দ্ধশতাধিক ক্ষুদ্ৰ উদ্যোগ গঢ়ি উঠিছে। লগতে আন একাংশ পৰিয়ালেও নিজৰ উপৰি আনৰ পৰা কম পৰিমাণে হ’লেও তামোল লৈ ছুপাৰি প্ৰস্তুতিৰ কামত মনোনিবেশ কৰিছে। সম্প্ৰতি গাঁওখনৰ দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ পৰিয়ালৰ, বিশেষকৈ মহিলা আৰু কিশোৰী, আনকি একাংশ শিশুও ছুপাৰি উদ্যোগসমূহত কেঁচা তামোল এৰোৱা কামত ব্যস্ত হৈ পৰিছে। একেদৰে গাঁওখনত ছুপাৰীৰ ক্ষুদ্ৰ উদ্যোগসমূহ গঢ়ি উঠাত দৰিদ্ৰ পৰিয়ালসমূহে উপাৰ্জিত পাৰিশ্ৰমিকৰে নিজৰ পৰিয়াল পোহপাল দিবলৈ সুবিধা পাইছে। ইফালে উদ্যমী তথা উদ্যোগীসকলেও এই ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে স্বাবলম্বী হ’বলৈ সমৰ্থ হৈছে। প্ৰণিধানযোগ্য যে কৃষিভিত্তিক এই ছুপাৰী উদ্যোগৰ গৰাকীসকলে কিন্তু আজিকোপতি চৰকাৰৰ পৰা কোনোধৰণৰ ৰাজসাহাৰ্য, আনকি ঋণো লাভ কৰা নাই। গাঁওখনৰ হামিদ আলী, চফৰউদ্দিনসহ কেইজনমান বয়োজেষ্ঠ্য লোকে জনোৱা মতে, গাঁওখনৰ বহু লোকে এই ব্যৱসয়টোৰ প্ৰতি মন মেলিছে যদিও আৰ্থিক অনাটনৰ বাবে সেইসকল উদ্যোগী থমকি ৰ’ব লগা হৈছে। স্মৰ্তব্য যে মণিপুৰটোপত প্ৰস্তুত হোৱা ছুপাৰি ৰাজ্যখনৰ ৰুপহি, লংকা আদিকে ধৰি বিভিন্ন প্ৰান্তলৈ ৰপ্তানি হৈ আহিছে। একেদৰে বিভিন্ন প্ৰান্তৰপৰা ব্যৱসায়ী গৈ গাঁওখনৰ পৰা ছুপাৰি ক্ৰয় কৰি লৈ যায় বুলি ইয়াৰ লগত জড়িত একাংশ লোকে জানিবলৈ দিছে।

বিষ্ণু ডেকা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate