গৰাখহনীয়াত সৰ্বস্বান্ত এজন কৃষক জালালউদ্দিন। কেইবছৰমান পুৰ্বে ব্ৰহ্মপুত্ৰৰ ভয়াৱহ গৰাখহনীয়াত মাটি-বাৰী হেৰুৱাই সৰ্বস্বান্ত হৈছিল। কৃষকজনৰ ঘৰ ভুৰাগাওঁ ৰাজহ চক্ৰৰ অন্তৰ্গত ২ ন্ং বৰকুৰ গাঁৱত। কৃষকজনৰ নাম জালালউদ্দিন। চাৰি বছৰ পুৰ্বে ২নং বৰকুৰত বালি পেলাই খেতি কৰাৰ উপযোগী কৰি তুলিলে। মথাউৰিৰ পৰা কৃষক জালালউদ্দিনে পুনৰ ২ নং বৰকুৰৰ বালি চাপৰিত আশ্ৰয় লয়। জালালউদ্দিনে থিৰাং কৰিলে বালি চাপৰিত মাকৈ খেতি কৰাৰ। ভবা মতেই জালালে দুবছৰ পুৰ্বে ৩০ বিঘা মাটিত মাকৈ খেতি কৰিলে। সেই বছৰ মাকৈ খেতি কৰি কৃষকজন লাভৱান হ’ল। এইবছৰো ২৪ বিঘা মাটিত মাকৈ খেতি কৰিলে। সম্প্ৰতি মাকৈ চপাই আছে কৃষকজনে। কৃষক জালালউদ্দিনে জনোৱা মতে, প্ৰতিবিঘা মাকৈ খেতিত ৪-৫ হাজাৰ টকা খৰচ হয়। প্ৰতিবিঘা মাটিত মাকৈ উৎপাদন হয় ১০-১২ কুইণ্টল। ইয়াৰ বিক্ৰী মুল্য হয় প্ৰায় ১২-১৪ হাজাৰ টকা। মাকৈ খেতি কৰি অধিক লাভৱান হৈছে কৃষকজন। বাৰিষাৰ পুৰ্বে মাকৈ খেতি চপাব পাৰে। বানৰ কোনো ভয় নাই। কৃষকজনে ৮ জনীয়া পৰিয়াল মাকৈ খেতি কৰি পোহপাল দি আহিছে। কিন্তু কৃষি বিভাগে কোনোধৰণৰ সহায়-সাহায্য দিয়া নাই কৃষকজনক। নিজৰ গাঁঠিৰ ধন খৰচ কৰি বীজ-সাৰ ক্ৰয় কৰি খেতি কৰি আহিছে। চৰকাৰ তথা কৃষি বিভাগে সহায়-সাহায্য আগবঢ়ালে মাকৈ খেতি কৰি অধিক লাভৱান হ’লহেঁতেন কৃষকজন।
লেখক: আবুল কালাম (নিয়মীয়া বাৰ্তা)
শেহতীয়া উন্নীতকৰণ: : 2/27/2024