অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মাকৈ খেতিৰে স্বাৱলম্বী হোৱাৰ পথত জিনকাটাবাসী :

মাকৈ খেতিৰে স্বাৱলম্বী হোৱাৰ পথত জিনকাটাবাসী :

 

অসম আৰু উত্তৰবংগৰ সীমাৱৰ্তী আগমনী ৰাজহ চক্ৰৰ অন্তৰ্গত খেৰবাৰী, জিনকাটা, ঘঁৰিয়ালদাঙা, ৰণপাগলী, কালডোবা আদি গাঁৱৰ একাংশ প্ৰগতিশীল কৃষকে মাকৈৰ খেতি কৰি প্ৰচুৰ উৎপাদন কৰিবলৈ সমৰ্থ হৈ স্বাৱলম্বিতাৰ দিশে অগ্ৰসৰ হোৱা দেখা গৈছে।

অঞ্চলটোৰ কৃষকসকলে পূৰ্বতে ইৰি ধানৰ খেতি কৰি হতাশ হ’বলগীয়াত পৰিছিল। কাৰণ ইৰি ধানৰ খেতিত যথেষ্ট ধন ব্যয় কৰিবলগীয়া হয় আৰু ব্যয় অনুপাতে ধানৰ উৎপাদন নহয়।

সেয়ে তেওঁলোকে এইবেলি শ শ বিঘা মাটিত মাকৈৰ খেতি কৰি অধিক উৎপাদন কৰি উৎসাহিত হৈ উঠিছে।

অঞ্চলটোৰ প্ৰগতিশীল কৃষক গোৱিন্দ ভকতে ১০ বিঘা মাটিত মাকৈৰ খেতি কৰি প্ৰতি বিঘাত ৩৫-৪০ মোন মাকৈ উৎপাদন কৰিবলৈ সমৰ্থ হোৱা দেখি অঞ্চলটোৰ কৃষকসকলে আনন্দ লাভ কৰিছে আৰু তেওঁলোকেও ইৰি ধানৰ পৰিৱৰ্তে মাকৈৰ খেতি কৰাৰ পৰিকল্পনা কৰিছে।

চক্ৰধৰ ৰায় নামৰ আন এজন কৃষকে সাত বিঘা মাটিত মাকৈৰ খেতি কৰি আশা কৰাতকৈ অধিক উৎপাদন কৰিবলৈ সমৰ্থ হৈ অহাবেলি দহ-বাৰ বিঘা মাটিত মাকৈৰ খেতি কৰাৰ আশা মনত পুহি ৰাখিছে।

এনেদৰে অঞ্চলটোৰ অধিকাংশ কৃষকে ইৰি ধানৰ খেতি বাদ দি মাকৈৰ খেতি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা বুলি এই প্ৰতিবেদকক জানিবলৈ দিছে।

তদুপৰি মাকৈৰ খেতি চপাই তেওঁলোকে শালি ধানৰ খেতিও সহজে কৰিব পাৰে। মাঘ মাহৰ আৰম্ভণিতে আৰম্ভ কৰা মাকৈৰ খেতি তেওঁলোকে তিনি-চাৰি মাহৰ ভিতৰতে চপাব পাৰে।

মাকৈ গছৰ ফল ছিঙি অনাৰ পিছত গছবিলাক পথাৰতে এৰি অহা দেখা যায় আৰু সেয়ে মাকৈৰ গছ পচি পচন সাৰত পৰিণত হয় আৰু আহাৰ-শাওণ মাহত সেই পথাৰতে শালি ধানৰ কঠীয়া ৰুই অধিক উৎপাদন পোৱাৰো থল আছে বুলি গোবিন্দ ভকতে আমাক জানিবলৈ দিছে।

অঞ্চলটোৰ কৃষকসকলে পূৰ্বতে নকৰা মাকৈ বা গোমধানৰ খেতি কৰি অধিক উৎপাদন লাভ কৰিব পৰা কৌশল কেনেকৈ আয়ত্ত কৰিব পাৰিলে বুলি সোধা প্ৰশ্নৰ উত্তৰত প্ৰগতিশীল কৃষক গোৱিন্দ ভকতে জানিবলৈ দিলে যে উত্তৰবংগৰ তুফানগঞ্জ মহকুমাৰ দক্ষিণ-পূব অঞ্চলৰ কৃষকসকলে মাকৈৰ খেতি কৰি স্বাৱলম্বি হোৱাৰ কথা প্ৰকাশ পোৱাত তেওঁলোকেও যোৱা দুবছৰমানৰপৰা এই খেতি কৰি অধিক উপাৰ্জন কৰিবলৈ সমৰ্থ হৈছে।

কৃষকসকলে তেওঁলোকৰ উৎপাদিত মাকৈ বিক্ৰী কৰতো কোনো সমস্যা নাই। কাৰণ উত্তৰবংদৰ তুফানগঞ্জ মহকুমাৰ লগত অঞ্চলটোৰ যোগাযোগ ব্যৱস্থা উন্নত।

উত্তৰবংগৰ লগত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উপৰি গ্ৰামাঞ্চলৰ সৈতে পকী পথেৰে সংলগ্ন।

উত্তৰবংগৰ ব্যৱসায়ীসকলে সৰু সৰু গাড়ী লৈ অঞ্চলটোৰ কৃষকসকলে ঘৰতে মজুত কৰি ৰখা মাকৈ কিনি লৈ যায়।

অৱশ্যে এচাম মধ্যভোগীৰ কবলত পৰি তেওঁলোকে প্ৰতি কুইন্টল মাকৈ বিক্ৰী কৰি ৮৫০ টকাৰপৰা ১০৫০ টকালৈ উপাৰ্জন কৰে যদিও প্ৰতি কুইন্টল মাকৈত আৰু অধিক দাম লাভ কৰাৰপৰা বঞ্চিত হোৱা দেখা যায়।

উত্তৰবংগৰ বিভিন্ন অঞ্চলত গঢ়ি উঠা সৰু সৰু কাৰখানাত মাকৈৰপৰা নানান ধৰণৰ খাদ্য সামগ্ৰী প্ৰস্তুত কৰি আকৰ্ষণীয় পেকেটত ভৰাই বজাৰত বিক্ৰী কৰি আহিছে।

মাকৈৰপৰা প্ৰস্তুত কৰা তেনে খাদ্য-সামগ্ৰীৰ বজাৰত প্ৰচুৰ চাহিদাও আছে। অথচ লাভৰপৰা সততে বঞ্চিত হৈ আহিছে।

ৰাজ্যখনৰ উদ্যোগ বিভাগৰপৰাও কৃষকসকলে উপযুক্ত সঁহাৰি লাভ কৰা নাই। খাদ্য নিগম অথবা অসম চৰকাৰেও তেওঁলোকৰ উৎপাদিত মাকৈ ক্ৰয় কৰাৰ কোনো কেন্দ্ৰ গঢ়ি তোলা দেখা নাযায়।

ভাৰতীয় খাদ্য নিগম অথবা অসম চৰকাৰৰ বেচা-কিনা বিভাগে হালাকুৰা, কালডোবা, বক্সিৰহাট আদি ব্যৱসায়িক কেন্দ্ৰত ক্ৰয় কেন্দ্ৰ স্থাপন কৰি কৃষকসকলৰ উৎপাদিত মাকৈ কিনি তেওঁলোকক উচিত মূল্য প্ৰাপ্তিৰ সহায় কৰিব পাৰে যদিও তেনে কেন্দ্ৰ স্থাপন নোহোৱাত মধ্যভোগীৰ কবলত পৰি হতাশ হ’বলগীয়া হোৱাও দেখা যায়।

উৎস: দৈনিক অসম(অম্বুনাথ শৰ্মা)

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate